/asomiyapratidin/media/media_files/2025/05/20/9nOmHJCzvn7IF3Rrtvlp.jpg)
ডিজিটেল ডেস্ক: কিছু লোক এনে আছে, যিসকলে এনাৰ্জী ড্ৰিংকছ যিকোনো সময়ত, যিকোনো বতৰত সেৱন কৰে। শৰীৰৰ বাবে উপকাৰী বুলি গ্ৰহণ কৰা এই এনাৰ্জী ড্ৰিংকছ প্ৰকৃততে স্বাস্থ্যৰ পক্ষে কিমান অপকাৰী, সেয়া জানিলে আপোনাৰ চকু কপালত উঠিব। হয়, নিয়মীয়াকৈ এনাৰ্জী ড্ৰিংকছ সেৱন কৰাসকল এতিয়া সাৱধান হওঁক। শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে ভয়াৱহ তথ্য।
আমেৰিকাৰ ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ উইলমট কেন্সাৰ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে কৰা এই গৱেষণা অনুসৰি, এনাৰ্জী ড্ৰিংকছত ব্যৱহৃত এটা উপাদানে তেজৰ কৰ্কট ৰোগ (লিউকেমিয়া) হোৱাত অৰিহণা যোগায়। নেচাৰ আলোচনীত প্ৰকাশিত এই গৱেষণাত 'ৰেড বুল'ৰ দৰে এনাৰ্জী ড্ৰিংকছত পোৱা ট’ৰিন মৌল তেজৰ কৰ্কট ৰোগ (লিউকেমিয়া) হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে বুলি প্ৰমাণিত হৈছে।
এন্দুৰ আৰু মানুহৰ কোষৰ পৰীক্ষা
এই গৱেষণাত এন্দুৰ আৰু মানুহৰ লিউকেমিয়া কোষৰ পৰীক্ষা কৰা হৈছিল। জীৱৰ শৰীৰত SLC6A6 নামৰ এটা জিন আছে, যিয়ে কোষলৈ ট’ৰিন প্ৰেৰণৰ কাম কৰে। লিউকেমিয়া কোষে এই ট’ৰিন গ্ৰহণ কৰে আৰু গ্লাইকোলাইছিছ প্ৰক্ৰিয়াৰ জৰিয়তে দ্ৰুতগতিত বৃদ্ধি পায়। যদিও এই অধ্যয়ন এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে, তথাপিও বিজ্ঞানীসকল আশাবাদী যে লিউকেমিয়াৰ চিকিৎসাৰ বাবে ট’ৰিনক লক্ষ্য কৰি নতুন ঔষধ আৰু চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিব পৰা যাব।
ট’ৰিন (Taurine) কি? কিদৰে জড়িত ট’ৰিন আৰু লিউকেমিয়া
ট'ৰিন হৈছে এক এমিন' এছিড আৰু 'ৰেড বুল', 'চেলছিয়াছ'ৰ দৰে জনপ্ৰিয় এনাৰ্জী ড্ৰিংকছত এই এক এমিন' এছিড মিহলি কৰা হয়। মাংস, মাছ, কণীতো ইয়াক কম পৰিমাণে পোৱা যায়। যদিও শৰীৰত ট’ৰিন প্ৰাকৃতিকভাৱে উৎপন্ন হয়, তথাপিও এনাৰ্জী ড্ৰিংক আৰু ছাপ্লিমেণ্টৰ জৰিয়তে ইয়াৰ অত্যধিক সেৱনে লিউকেমিয়াৰ দৰে ৰোগ অধিক ভয়াৱহ কৰি তুলিব পাৰে।
গৱেষণাত পোহৰলৈ আহিছে এই তথ্য
বিজ্ঞানীসকলে লিউকেমিয়া কোষ (ব্লাড কেন্সাৰ কোষ) ইন্ধন হিচাপে টাউৰিনক ব্যৱহাৰ কৰা বুলি জানিব পাৰিছে। এই কোষবোৰে ট’ৰিন ব্যৱহাৰ কৰি গ্লুক’জ ভাঙি গ্লাইকোলাইছিছ নামৰ প্ৰক্ৰিয়াৰ জৰিয়তে শক্তি উৎপাদন কৰে, যাৰ ফলত ইহঁত দ্ৰুতগতিত বৃদ্ধি পায়। ট’ৰিনে লিউকেমিয়া কোষ বৃদ্ধিত সহায় কৰে, যাৰ ফলত এই ৰোগ অধিক আক্ৰমণাত্মক হৈ পৰে।
কোন বেছি বিপদত পৰিছে?
এনাৰ্জী ড্ৰিংকছ সেৱন কৰা লোকসকল সাৱধান হ’ব লাগে। লিউকেমিয়া ৰোগীয়ে অধিক সাৱধান হোৱাটো প্ৰয়োজন। ট’ৰিন সম্পৰ্কীয় পৰিপূৰক গ্ৰহণ কৰাৰ আগতে তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে। পূৰ্বে কেমোথেৰাপিৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰিবলৈ টাউৰিন ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া এই ৰোগৰ বাবেই ইয়াক আৰু বেছি ভয়াৱহ কৰি তোলা বুলি ভবা হৈছে।
মনত ৰাখিব : এনাৰ্জী ড্ৰিংকছত পোৱা ট’ৰিনে লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে।