/asomiyapratidin/media/media_files/2025/05/07/8Bm9uRDHZtMniESjQD3A.jpg)
ডিজিটেল ডেস্ক: বিবাহ বিচ্ছেদ, পৰকীয়া +প্ৰেমৰ বাবে স্বামীয়ে পত্নীক অথবা পত্নীয়ে স্বামীক হত্যাৰ খবৰবোৰে আজিকালি সঘনাই শিৰোনাম দখল কৰে। এই সময়তে চৰ্চালৈ আহিছে এখন বিশেষ বিয়া। এইখন বিয়াত দৰায়ে ৰোগীয়া কইনাক ডাঙি লৈ হোমৰ গুৰিত বিবাহৰ নিময়-নীতিবোৰ সম্পন্ন কৰে।
প্ৰকৃততে, দৰা-কইনাৰ ঘৰৰ পৰা অক্ষয় তৃতীয়াৰ শুভ দিনটোত তেওঁলোকৰ বিয়াৰ দিন ঠিক কৰিছিল। কিন্তু বিয়াৰ প্ৰায় এসপ্তাহ আগতে হ'বলগীয়া কইনা অসুস্থ হৈ পৰে। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক বহুদিন চিকিৎসলয়তে থাকিব লাগিব বুলি পৰিয়ালক জানিবলৈ দিয়ে। ইফালে দৰা তথা পৰিয়ালে আগতে ঠিক কৰা শুভ দিনতে তেওঁলোকৰ বিয়াখন পাতিবলৈ মন কৰে। সেই অনুসৰিয়েই দুয়োপক্ষই বিয়াখন চিকিৎসলয়তে পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
চিকিৎসালয় কৰ্তৃপক্ষইও এই সিদ্ধান্তক সমৰ্থন কৰি অ’পিডি এলেকা সজাই তুলি বিয়াৰ প্ৰস্তুতি চলায়। চিকিৎসক আৰু নাৰ্ছৰ তত্বাৱধানত অনুষ্ঠিত এই বিবাহ অনুষ্ঠানত এটা বিশেষ দৃশ্যই সকলোৰে চকু সেমেকাই তোলে। যেতিয়া হোমৰ গুৰিত দৰা-কইনাই নিয়মবোৰ কৰিবৰ সময় হয়, তেতিয়া দৰাই কইনাক কোলাত তুলি লৈ সেই সকলো নিয়ম সম্পন্ন কৰে।
এইখন ব্যতিক্ৰমী বিয়াৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত চকু পৰা সকলো লোকৰে হয়তো চকু সেমেকি উঠিছে। আনহাতে সকলোয়েই এই বিবাহ আজিৰ দিনত সকলোৰে বাবে আদৰ্শ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে, সকলোৰে মন জয় কৰা এই দৰাজনৰ নাম আদিত্য সিং আৰু কইনা নন্দিনী সোলাংকী। আদিত্য নন্দিনীৰ বিয়াখন মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত সম্পন্ন হৈছিল।
Also Read: কথাই শেষ কৰিব পাৰে চিৰদিনৰ বাবে গঢ়ি উঠা সম্পৰ্ক+