‘চাবাহ স্নেক গ্ৰাছে’ দিব কৰ্কট ৰোগৰ সমিধান !

আমাৰ এই ধৰিত্ৰীত প্ৰকৃতিয়ে এনে কিছুমান গছ-লতিকা তথা তৰু-তৃণ দিছে, যিয়ে নানান বেমাৰৰ পৰা আমাক হাতসৰাই ৰাখে। তাৰোপৰি ইয়াৰ পৰা বিধিগত প্ৰণালীৰে প্ৰস্তুত কৰা হয় বন দৰৱ বা বনৌষধি। 

author-image
Asomiya Pratidin
New Update
চাবাহ স্নেক গ্ৰাছ

চাবাহ স্নেক গ্ৰাছ

প্ৰকৃতি; প্ৰকৃতিতে আছে জীৱন জীয়াৰ অলেখ সমল। প্ৰকৃতিক সাৰথি কৰিয়েই যুগে যুগে নানান ৰোগৰ ঔষধ প্ৰস্তুত কৰি ৰোগ নিৰাময় কৰি অহা হৈছে। ৰামায়ণত লক্ষ্মণৰ আঘাতপ্ৰাপ্ত দেহত সঞ্জীৱী ভেষজ লগাবলৈ হনুমানে দাঙি আনিছিল দ্ৰোণগিৰি পৰ্বত। ভেষজ ৰত্ন ড০ গুণাৰাম খনিকৰেও প্ৰকৃতিৰ পৰাই নানান ৰোগৰ প্ৰতিকাৰ দাঙি থৈ গৈছে। শেহতীয়াকৈ আন এবিধ উদ্ভিদ আহিছে চৰ্চালৈ। এই উদ্ভিদে হেনো নিৰাময় কৰিব পাৰে দুৰাৰোগ্য কৰ্কট ৰোগো। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

 

এটা কবিতা আছিল- “সৰু- সুৰা বেমাৰক নকৰিবা ভয়, গছে- পাতে নানা ৰোগ কৰে নিৰাময়...। আমাৰ এই ধৰিত্ৰীত প্ৰকৃতিয়ে এনে কিছুমান গছ-লতিকা তথা তৰু-তৃণ দিছে, যিয়ে নানান বেমাৰৰ পৰা আমাক হাতসৰাই ৰাখে। তাৰোপৰি ইয়াৰ পৰা বিধিগত প্ৰণালীৰে প্ৰস্তুত কৰা হয় বন দৰৱ বা বনৌষধি। 

গছ-পাতৰ বিভিন্ন ঔষধি গুণ থাকে। যিবোৰে বহুতো ৰোগ নিৰাময় কৰাত সহায় কৰে। বিভিন্ন গছ-পাতৰ ছাল, পাত, ফুল, ফল আদিৰ ৰস বা অন্যান্য উপকাৰী উপাদান ব্যৱহাৰ কৰি ৰোগ নিৰাময়ৰ বাবে দৰৱী তৈয়াৰ কৰা হয়। 

বিশেষকৈ, নিম, বকুল, অৰ্জুন, বাহক, অমিতা, ইত্যাদি গছ-পাতৰ ঔষধি গুণবোৰ বহুত জনপ্ৰিয়। নিমৰ পাত, ছাল, ফুল আদি ব্যৱহাৰ কৰি ছালৰ ৰোগ, ঘাঁ, মুখৰ শুকান ভাব, আদি নিৰাময় কৰা হয়। বকুলৰ ছালৰ ৰসৰে মুখ ধুলে দাঁতৰ বিষ উপশম হয়। 

তাৰোপৰি অৰ্জুনৰ ছালৰ ৰস হৃদৰোগ নিৰাময়ত সহায়ক। বাহকৰ পাতৰ ৰস কফ বা পেটৰ ৰোগত উপকাৰী। অমিতা গছৰ পাতৰ ৰস ডেংগু ৰোগ নিৰাময় কৰাত সহায়ক। অসমীয়া লোকসংস্কৃতিতো গছ-পাতৰ ঔষধি গুণৰ ওপৰত বহু লোক বিশ্বাস আছে।  

উল্লেখযোগ্য যে, ধৰিত্ৰীৰ বুকুত উপলব্ধ এই সমূহ উদ্ভিদ তথা গছ – লতিকাৰ পৰা বিশ্বৰ আগশাৰীৰ ঔষধ প্ৰস্তুত কৰা সংস্থাসমূহে চিকিৎসা বিজ্ঞানৰ বিধি মতে পৰিমাণ অনুসৰি এল’পেথিক ঔষধ তথা প্ৰতিষেধক প্ৰস্তুত কৰে।  

অতি শেহতীয়াকৈ অসমৰ বুকুতে পোৱা গৈছে তেন এবিধ গছৰ সন্ধান। সেই গছ বিধে হয়তো এক দুৰাৰোগ্য ৰোগৰ প্ৰতিষেধক হিচাপে আপোনাক দিব পাৰে আশাৰ সঞ্চাৰ। 

যি সময়ত কল-কাৰাখানাৰ পৰা নিৰ্গত ধোঁৱা বা অন্যান্য প্ৰদূষণৰ কাৰকে অনেক জনক কৰ্কটৰ দৰে মাৰাত্মক ৰোগে আপোনাক আক্ৰমণ কৰিব পাৰে, সেই সময়তে দুৰাৰোগ্য কৰ্কট ৰোগৰ মহৌষধ হিচাপে চৰ্চিত হৈছে এবিধ বিশেষ বনৌষধী গছ।

গছ বিধৰ নাম 'চাবাহ স্নেক গ্ৰাছ।' এই বিশেষ গছ বিধৰ আছে কর্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা বিশেষ গুণ। সম্প্ৰতি ডিমৰীয়াৰ ডেফ'ডিল নাৰ্চাৰীত উপলব্ধ  হৈছে এইবিধ দুষ্প্রাপ্য বনৌষধী গছৰ পুলি।

এই গছবিধৰ পৰা ২ মাহতে বহু কৰ্কট ৰোগীয়ে নতুন জীৱন পোৱা বুলি জানিবলৈ দিয়ে নাৰ্চাৰীখনৰ স্বত্বাধিকাৰী ৰাজীৱ শৰ্মাই। উল্লেখ্য যে, শিৱসাগৰৰ জয় দত্ত কোঁৱৰ নামৰ ব্যক্তিগৰাকীৰ পৰা এই বনৌষধী গছৰ পুলি সংগ্ৰহ কৰি ডিমৰীয়া ডেফ'ডিল নাৰ্চাৰীত উপলদ্ধ কৰিছে তেওঁ। শেষত শৰ্মাই আশা প্ৰকাশ কৰে যে, এই বনৌষধী গছৰ  পাত ব্যৱহাৰ কৰি নিশ্চয়কৈ অনেকে উপকৃত হ'ব।

CANCER