/asomiyapratidin/media/media_files/2025/07/22/whatsapp-image-2025-07-22-12-18-24.jpeg)
দেশত ১৫৬.৭ কোটিতকৈ অধিক পৰিয়ালে লাভ কৰিছে খোৱাপানীৰ সংযোগ
ডিজিটেল ডেস্কঃ দেশৰ ৮০%তকৈ অধিক গ্ৰাম্য পৰিয়ালে খোৱাপানীৰ সুবিধা লাভ কৰিছে। ৰাজ্যসভাত লিখিত উত্তৰত জল শক্তিৰ ৰাজ্যিক মন্ত্ৰী ভি সোমন্নায়ে সদৰি কৰে যে, “১৬ জুলাইলৈকে দেশৰ ১৯ কোটি ৩৬ লাখ গ্ৰাম্য পৰিয়ালৰ ভিতৰত ১৫৬.৭ কোটিতকৈ অধিক (৮০.৯৩%) পৰিয়ালে খোৱাপানীৰ সংযোগ লাভ কৰিছে।"
উল্লেখযোগ্য যে, ২০১৯ চনৰ আগষ্ট মাহত আৰম্ভ কৰা জল জীৱন মিছন (জে জে এম) – “হৰ ঘৰ জল” মিছনৰ লক্ষ্য আছিল প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ নিৰ্ভৰযোগ্য আৰু গুণগত খোৱাপানীৰ যোগান ধৰা। অভিযানৰ আৰম্ভণিতে মাত্ৰ ১৬.৭% (৩.২৩ কোটি) পৰিয়ালতহে খোৱাপানীৰ সংযোগ আছিল। এতিয়া এই সংখ্যা বৃদ্ধি পাই ১৫.৬৭ কোটি পৰিয়ালল (৮০.৯৩%) হৈছেগৈ।
ইফালে, ২০২২ চনৰ এটা স্বতন্ত্ৰ মূল্যায়নত পোৱা তথ্য অনুসৰি –
দেশত ৮৬% পৰিয়ালত কাৰ্যক্ষম টেপ সংযোগ আছে
৮৫% পৰিয়ালে পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰিছে
৮০% পৰিয়ালে নিয়মিতভাৱে পানী লাভ কৰিছে
আৰু ৮৭% পৰিয়ালে নিৰ্ধাৰিত গুণগতমানৰ পানী লাভ কৰিছে।
একেদৰে, ২০২৪ চনৰ বাবেও মূল্যায়ন প্ৰক্ৰিয়া চলি আছে। জল শক্তি মন্ত্ৰ্যালয়ে লগতে জানিবলৈ দিয়ে যে, এই মিছনৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰবোৰৰ সৈতে সমন্বয় গঢ়ি পৰ্যালোচনা সভা, কৰ্মশালা, ভিডিঅ কনফাৰেন্সৰ জৰিয়তে সময়ানুৰূপ দিশ-নিৰ্দেশনা আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, জিলা আৰু গাঁওভিত্তিক পানী সংযোগৰ তথ্য ৰাজহুৱা কৰা হৈছে, যাৰ জৰিয়তে জনসাধাৰণেও নিজ নিজ অঞ্চলৰ অগ্ৰগতি সম্পৰ্কে অৱগত হ’ব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us