মূহুৰ্ততে ধুনীয়া হ'বলৈ মুখত নেমু লগাওঁক

খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত নেমুৰ ভূমিকা সৰ্বজনবিদিত। কিন্তু, আপুনি জানি আচৰিত হ’ব যে নেমুত থকা গুণাগুণে আপোনাৰ ছালখনকো জিলিকাই তুলিব পাৰে। হয়, নেমুত  ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল কৰে।

author-image
সংগীতা দাস
New Update
যাদুকৰী নেমু seo

ডিজিটেল ডেস্ক: খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত নেমুৰ ভূমিকা সৰ্বজনবিদিত। কিন্তু, আপুনি জানি আচৰিত হ’ব যে নেমুত থকা গুণাগুণে আপোনাৰ ছালখনকো জিলিকাই তুলিব পাৰে। হয়, নেমুত  ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল কৰে। অৱশ্যে, নেমু পোনপটীয়াকৈ মুখত প্ৰয়োগ কৰাটো ছালৰ বাবে হানিকাৰক। কিয়নো, ইয়াত এচিড থাকে। নেমুত থকা এচিডে ছালত জ্বলা-পোৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেয়েহে, নেমুৰ ৰসৰ সৈতে ফেচপেক তৈয়াৰ কৰি আপুনি আপোনাৰ ছালখনক দাগমুক্ত তথা চিকচিকিয়া কৰি তুলিব পাৰে।

Advertisment

কিদৰে তৈয়াৰ কৰিব এই ফেচপেক ?

নেমুৰ সৈতে কল

নেমুৰ দৰেই কল কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও যথেষ্ট উপকাৰী। এই ফেচপেক তৈয়াৰ কৰিবলৈ আধা পকা কল, এক চাহ চামুচ নেমুৰ ৰস, এক চাহ চামুচ মৌ আৰু ১-২ চাহ চামুচ পানী মিহলি কৰিব। এই ফেচপেকটো মুখত ১৫ৰ পৰা ২০মিনিটৰ বাবে প্ৰয়োগ কৰক আৰু তাৰ পিছত মুখখন ধুই দিব।এনেদৰে সপ্তাহত দুবাৰকৈ মুখত লগাব।

নেমুৰ সৈতে এল’ভেৰা জেল

প্ৰথমে আধা নেমুৰ ৰসৰ লগত সমান পৰিমাণৰ পানী লৈ তাত  ২ চাহ চামুচ এল'ভেৰা জেল আৰু এক চাহ চামুচ মৌ মিহলি কৰিব। এই ফেচপেকটো মুখত ২০মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত পানীৰে ভালদৰে মুখখন ধুই পেলাব। এই ফেচপেকৰ পৰা ছালখনে হাইড্ৰেচন আৰু এণ্টি-এজিং গুণাগুণো লাভ কৰে। 

নেমুৰ সৈতে দৈ

মুখৰ পৰা টেনিং আঁতৰাবলৈ এই ফেচপেকটো অত্যন্ত উপকাৰী। এই ফেচপেক প্ৰস্তুত কৰিবৰ বাবে এক চামুচ দৈত আধা চামুচ নেমুৰ ৰস, এক চামুচ পানী আৰু এক চিমুটি হালধি মিহলি কৰিব। এই ফেচপেকটো মুখৰ লগতে ডিঙিতো প্ৰয়োগ কৰিব আৰু ১০ মিনিটৰ পিছত মুখখন ভালদৰে ধুই পেলাব।