/asomiyapratidin/media/media_files/2025/07/25/seo-2025-07-25-13-42-26.png)
ডিজিটেল ডেস্ক: এটা হাঁহিয়ে আমাৰ জীৱনটো অকল্পনীয়ভাৱে ইতিবাচক কৰি তুলিব পাৰে। হাঁহিয়ে কেৱল মানসিক স্বাস্থ্যয়েই নহয়, শাৰীৰিক স্বাস্থ্যতো বহু ইতিবাচক প্ৰভাৱ পেলায়। হাঁহি প্ৰাকৃতিক ঔষধৰ দৰে, যিয়ে মানসিক শান্তি আৰু সুখ প্ৰদান কৰাৰ লগতে শৰীৰক ৰোগৰ সৈতে যুঁজিবলৈ শক্তি দিয়ে। হাঁহি হাঁহি নিজকে কেনেদৰে ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰি, সেই বিষয়ে আজি জানো আহক-
হাঁহিৰ লাভালাভ
হাঁহিলে শৰীৰত এণ্ডোৰ্ফিন নামৰ হৰমন মুকলি হয়, যিয়ে চাপ হ্ৰাস আৰু মনোভাৱ উন্নত কৰাত সহায় কৰে। ই আমাক সুখী আৰু শান্তিপূৰ্ণ অনুভৱ কৰায়।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি
হাঁহিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।ইয়াৰ ফলত আমাৰ শৰীৰটো চৰ্দি, কাহ আৰু অন্যান্য সচৰাচৰ ৰোগৰ পৰা বাচি থাকে।
হৃদযন্ত্ৰৰ বাবে উপকাৰী
হাঁহিলে তেজৰ প্ৰবাহ উন্নত হয়। তদুপৰি হাঁহিলে ৰক্তচাপ নিয়ন্ত্ৰণ হয়, যিয়ে হৃদৰোগৰ আশংকা হ্ৰাস কৰে।
বিষ নিৰাময়ক
হাঁহিয়ে প্ৰাকৃতিক বিষ নিৰাময়ক হিচাপে কাম কৰে। ই শৰীৰত এণ্ডোৰ্ফিন মুকলি কৰে, যি বিষ হ্ৰাস কৰাত সহায় কৰে।
ইতিবাচক চিন্তাধাৰা
হাঁহিয়ে নেতিবাচক চিন্তাবোৰ দূৰত ৰখাত সহায় কৰে। যিয়ে মানসিক স্বাস্থ্য উন্নত কৰে। হাঁহি হতাশা আৰু উদ্বেগ হ্ৰাস কৰাতো সহায়ক।
হাঁওফাঁওৰ স্বাস্থ্য উন্নত
আমি হাঁহিলে গভীৰ উশাহ লওঁ, যাৰ ফলত আমাৰ হাঁওফাঁওলৈ অধিক অক্সিজেন যায়, ই হাঁওফাঁওৰ কাৰ্যক্ষমতা উন্নত কৰে।
ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ
হাঁহিলে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰো নিয়ন্ত্ৰণত থাকে। যি ডায়েবেটিক ৰোগীৰ বাবে উপকাৰী।
পেশী শিথিল
হাঁহিলে শৰীৰৰ পেশী শিথিল হয় আৰু চাপ হ্ৰাস হয়। ই মানসিক আৰু শাৰীৰিক চাপ উপশম কৰে।
ৰোগৰ পৰা নিজকে কিদৰে আঁতৰাই ৰাখিব ?
অনুপ্ৰেৰণামূলক ভিডিঅ', হাঁহিৰ অনুষ্ঠান উপভোগ
কমেডি প্ৰ'গ্ৰাম আৰু অনুপ্ৰেৰণামূলক ভিডিঅ' চোৱাটোৱে মানসিক চাপ হ্ৰাস কৰে আৰু হাঁহিবলৈ এক ভাল সুযোগ প্ৰদান কৰে।
বন্ধুবৰ্গ-পৰিয়ালৰ সৈতে সময় কটাব
আপোনাৰ আপোন লোকসকলৰ সৈতে সময় কটোৱা তথা আনন্দ-ফূৰ্তি কৰাটোৱে আপোনাক হাঁহিবলৈ অধিক সুযোগ দিয়ে।
সেয়েহে, হাঁহিক আপোনাৰ দৈনন্দিন ৰুটিনৰ অংশ কৰি লওঁক। ই হৈছে এক প্ৰকাৰৰ ব্যায়াম, য'ত হাঁহিৰ সৈতে উশাহ লোৱাৰ কৌশল অন্তৰ্ভুক্ত থাকে।