/asomiyapratidin/media/media_files/2025/07/23/web-ap-1-2025-07-23-15-20-17.jpg)
ডিজিটেল ডেস্ক: নতুন প্ৰজন্মৰ অধিকাংশই আজিকালি জিমৰ প্ৰতি আসক্ত। কেৱল এই প্ৰজন্মই নহয়, আজিকালি বহু বয়োজ্যেষ্ঠ ব্যক্তিয়েও জিমৰ শোভা বঢ়ায়। জিম বুলি ক’লেই সকলোৰে মনলৈ আহে প্ৰ’টিন পাউদাৰ। জনাই জানে,জিমলৈ গ’লেই প্ৰ’টিন পাউডাৰ খোৱাটো একপ্ৰকাৰ বাধ্যতামূলক। ওজন কমাবলৈ আৰু পেশী গঠন কৰিবলৈ প্ৰ’টিন পাউদাৰৰ ভূমিকা অপৰীসীম।
প্ৰ’টিন কি ?
প্ৰ'টিন হৈছে শৰীৰৰ কোষ বৃদ্ধি, মেৰামতি আৰু সঠিকভাৱে কাম কৰাৰ বাবে প্ৰয়োজনীয় এটা অতি পুষ্টিকৰ উপাদান। প্ৰ’টিন বহুতো খাদ্যত পোৱা যায় আৰু প্ৰতিদিনে আমি পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিনযুক্ত খাদ্য খোৱাটো জৰুৰী। খাদ্যৰ পৰা আমাৰ শৰীৰক কিমান প্ৰ’টিন লাগে, সেয়া প্ৰতিজন ব্যক্তিৰ ওজন, লিংগ, বয়স আৰু স্বাস্থ্যৰ ভিত্তিত বেলেগ বেলেগ হয়। প্ৰ’টিনে পেশী আৰু হাড়ক উপকৃত কৰে। ই আপোনাৰ ছালৰ স্বাস্থ্য উন্নত, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আপোনাক সুস্থ ওজন বজাই ৰখাত সহায় কৰে। এতিয়া স্বাভাৱিকতেই প্ৰশ্ন হয়, শৰীৰক প্ৰটিন যোগানৰ বাবে উচ্চ প্ৰ’টিনযুক্ত খাদ্য পৰ্যাপ্ত তথা উত্তম নহয় নেকি, যদি হয়, তেন্তে কিয় আমি প্ৰ’টিন পাউদাৰৰ ওপৰত নিৰ্ভৰশীল ?
কেতিয়া আহে প্ৰ’টিন পাউদাৰ খোৱাৰ প্ৰয়োজনীয়তা ?
প্ৰাকৃতিক প্ৰ’টিনযুক্ত খাদ্যৰ পৰা লাভ কৰা পুষ্টি তুলনাবিহীন। কিন্তু নিয়মীয়া শক্তি প্ৰশিক্ষণত নিয়োজিত বা জিমলৈ যোৱাসকলৰ বাবে কেৱল প্ৰকৃতিক প্ৰ’টিনযুক্ত খাদ্যৰ জৰিয়তে দৈনিক প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে।
প্ৰাকৃতিক প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণৰ সুবিধা আৰু অসুবিধা
প্ৰাকৃতিক প্ৰ’টিনযুক্ত খাদ্যৰ এটা ডাঙৰ সুবিধা এয়ে যে এইসমূহ খাদ্য অতি সহজে উপলব্ধ। যিকোনো গোলামালৰ দোকানত শ শ প্ৰ’টিনযুক্ত খাদ্যৰ বিকল্প, যিকোনো ৰেষ্টুৰেণ্টতে প্ৰ’টিন সমৃদ্ধ খাদ্য উপলব্ধ থাকে। মুঠতে যদি আপুনি অতিৰিক্ত প্ৰ’টিন গ্ৰহণ কৰিবলৈ বিচাৰে, তেন্তে খাদ্যৰ অসংখ্য বিকল্প আছে। কিন্তু সকলো প্ৰ’টিনযুক্ত খাদ্য স্বাস্থ্যকৰ নহয়। উদাহৰণস্বৰূপে ফাষ্ট ফুড বাৰ্গাৰে বহুত প্ৰ’টিন যোগান ধৰে যদিও ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে চৰ্বি আৰু কেলৰিও পোৱা যায়। এই দুয়োটাৰে কোনোটোৱেই আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহয়।
প্ৰাকৃতিক প্ৰ’টিনৰ আন এটা সুবিধা এয়ে যে যদি আপুনি এই খাদ্য নিজেই প্ৰস্তুত কৰে, তেন্তে সেইসমূহ গ্ৰহণত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। যেনে, নিমখ কম, চেনি কমকৈ দি আপুনি স্বাস্থ্যসন্মতভাৱে ৰান্ধিব পাৰে। কিন্তু এইসমূহ ৰান্ধিবলৈ সময় লাগে। যদি মাংস আৰু কণী আপোনাৰ মূল খাদ্য হয়, তেন্তে এই সমূহ ৰান্ধোতে পাকঘৰত আপোনাৰ যথেষ্ট সময় খৰচ হ’ব পাৰে। ব্যস্ত জীৱনত এয়া আপোনাৰ বাবে সহজ বা সম্ভৱ নহবও পাৰে।
প্ৰ’টিন পাউদাৰ গ্ৰহণৰ সুবিধা আৰু অসুবিধা
প্ৰ’টিন পাউদাৰৰ সকোলোতকৈ ডাঙৰ এটা সুবিধা হ’ল ইয়াৰ ব্যৱহাৰত সহজতা। প্ৰ’টিন শ্বেক তৈয়াৰ কৰোতে খুব কম সময় লাগে। তদুপৰি, সকলোতে প্ৰ’টিন বাৰো উপলব্ধ থাকে। কিন্তু প্ৰ’টিন বাৰত যথেষ্ট বেছি চেনী থাকে। যি আপোনাৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক। গতিকে, আপুনি প্ৰ’টিন বাৰৰ ব্ৰেণ্ড বাছনি কৰোতে সাৱধান হ’ব।
প্ৰ’টিন পাউদাৰৰ পাৰ্শ্বক্ৰিয়া
পাচনতন্ত্ৰৰ সমস্যা
প্ৰ’টিন পাউদাৰ গ্ৰহণৰ ফলত গেছ, পেট ফুলা, ডায়েৰিয়া আদিৰ দৰে পেটৰ সমস্যা হ’ব পাৰে। বিশেষকৈ গাখীৰৰ পৰা লাভ কৰা প্ৰ’টিন গ্ৰহণ কৰাৰ ফলত এইবোৰ সাধাৰণ পাৰ্শ্বক্ৰিয়া আৰু লেক্ট’জ অসহিষ্ণুতা হোৱাটো একেবাৰেই স্বাভাৱিক।
কোষ্ঠকাঠিন্য: অধিক প্ৰ’টিন গ্ৰহণ আৰু অপৰ্যাপ্ত আঁহৰ ফলত কোষ্ঠকাঠিন্য হ’ব পাৰে।
বমি: বেছিকৈ বা খালী পেটত প্ৰ’টিন পাউদাৰ খালে বমি হ’ব পাৰে।
পেটৰ বিষ: লেক্ট’জ অসহিষ্ণুতা থকাসকলৰ বাবে প্ৰ’টিন পাউদাৰৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
এলাৰ্জীৰ প্ৰতিক্ৰিয়া
ফোঁহা, ৰঙা পৰা, ফুলা: প্ৰটিন পাউদাৰ খোৱাৰ পাছত শৰীৰত ফোঁহা, যিকোনো ঠাই ফুলি উঠা বা ৰঙা হৈ পৰিলে বুজিব, সেয়া এলাৰ্জীৰ লক্ষণ।
নাক, ডিঙি আৰু জিভা ফুলা বা বন্ধ হৈ যোৱা: এইসমূহো সম্ভাৱ্য এলাৰ্জিৰ প্ৰতিক্ৰিয়া।
এনাফিলেক্সিছ: এনাফিলেক্সিছ খুব গুৰুতৰ এলাৰ্জী। প্ৰ’টিন পাউদাৰ খাই কেতিয়াবা আপুনি এনে এলাৰ্জীতো আক্ৰান্ত হ’ব পাৰে।
অন্যান্য সম্ভাৱ্য পাৰ্শ্বক্ৰিয়া:
ব্ৰণ: কিছুমান গৱেষণাৰ পৰা ইতিমধ্যে প্ৰমাণ হৈছে যে প্ৰ’টিন পাউদাৰ অত্যাধিক খোৱাৰ ফলত আপুনি শালমইনা, ছালত সৰু সৰু গুটি হোৱা আদিৰ দৰে সমস্যাত ভূগিব পাৰে।
ভোক কমি যোৱা: অধিক প্ৰ’টিন সেৱনৰ ফলত কেতিয়াবা পূৰ্ণতা অনুভৱ হয় আৰু ভোক কমি যায়।
ভাগৰ আৰু মূৰৰ বিষ : অত্যধিক প্ৰ’টিন গ্ৰহণৰ ফলত মূৰৰ বিষ হয় আৰু আপুনি ভাগৰুৱাও অনুভৱ কৰিব পাৰে।
পুষ্টিকৰ উপাদানৰ অভাৱ: সুষম খাদ্য অবিহনে প্ৰ’টিন পাউদাৰৰ ওপৰত অধিক নিৰ্ভৰ কৰিলে শৰীৰত অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে।
সম্ভাৱ্য বিষাক্ত পদাৰ্থ : কিছুমান প্ৰ’টিনৰ গুড়িত সীহ, আৰ্ছেনিক, পাৰা আদি গধুৰ ধাতু থকা দেখা গৈছে।
আন্ত্ৰিক বেক্টেৰিয়াত প্ৰভাৱ: অত্যধিক প্ৰ’টিন পাউদাৰ গ্ৰহণে আন্ত্ৰিক বেক্টেৰিয়াৰ ভাৰসাম্য সলনি কৰিব পাৰে, যাৰ ফলত সম্ভাৱ্যভাৱে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বিবেচনাৰ বিষয়
লেক্ট'জ অসহিষ্ণুতা
যদি আপুনি লেক্ট’জ অসহিষ্ণু, তেন্তে মটৰ, সৰিয়হৰ দৰে নন-ডেইৰী প্ৰ'টিন পাউদাৰ খাব পাৰে।
এলাৰ্জী
সম্ভাৱ্য এলাৰ্জেন চিনাক্ত কৰিবলৈ ক্ৰয় কৰাৰ পূৰ্বে প্ৰ’টিন পাউদাৰৰ বাহিৰত থকা লেবেলবোৰ ভালদৰে পঢ়ি ল’ব আৰু এলাৰ্জী হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব।
গুণমানবিশিষ্ট
শৰীৰটোৰ যাতে হানি নহয়, তাৰ প্ৰতি লক্ষ্য কৰি ভাল ব্ৰেণ্ডৰ প্ৰটিন পাউদাৰহে বাছি ল’ব।
স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওঁক
প্ৰ’টিন পাউদাৰৰ প্ৰতি আপোনাৰ শৰীৰে কেনে প্ৰতিক্ৰিয়া কৰে তাৰ প্ৰতি মনোযোগ দিয়ক আৰু আপোনাৰ গ্ৰহণৰ পৰিমাণ সালসলনি কৰক বা প্ৰয়োজন হ’লে বেলেগ ধৰণৰলৈ সলনি কৰক। যদি আপোনাৰ আন কিবা স্বাস্থ্য সমস্যা থাকে, তেন্তে প্ৰ’টিন পাউদাৰ পৰিপূৰক গ্ৰহণ আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।
জিমত প্ৰ’টিন পাউদাৰৰ বেহা
জিমলৈ যোৱাসকলক প্ৰশিক্ষকসকলে প্ৰ’টিন পাউদাৰ খাবলৈ পৰামৰ্শ দিয়ে। বহু জিম কৰ্তৃপক্ষই প্ৰ’টিন পাউদাৰৰ মূল্য নামভৰ্তিৰ সময়তে লৈ লয়। অধিকাংশ প্ৰ’টিন পাউদাৰৰ পেকেট বা বটলত সেইসমূহৰ মূল্য লেখা নাথাকে। যাৰ ফলত জিম কৰ্তৃপক্ষ্যই নিজৰ ইচ্ছা অনুসৰি প্ৰ’টিন পাউদাৰৰ দাম নিৰ্ধাৰণ কৰি গ্ৰাহকৰ মূৰত ৰোমটাঙোন সোধাই আহিছে। এই ক্ষেত্ৰত গ্ৰাহক সজাগ নহ’লে আগন্তুক দিনতো জিম কৰ্তৃপক্ষই এইদৰে বেহা চলাই থাকিবলৈ সুযোগ লাভ কৰিব।