চকুত এই পৰিৱৰ্তন দেখিলে সাৱধান হ'ব

হাৰ্ট এটেক, যাক কাৰ্ডিয়াক এৰেষ্ট বুলিও কোৱা হয়। ই হৈছে হঠাতে হোৱা এক গুৰুতৰ স্বাস্থ্য সমস্যা। বিশেষজ্ঞৰ মতে, হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে কিছু সংকেত দিবলৈ আৰম্ভ কৰে।

author-image
সংগীতা দাস
New Update
day

ডিজিটেল ডেস্ক: হাৰ্ট এটেক, যাক কাৰ্ডিয়াক এৰেষ্ট বুলিও কোৱা হয়। ই হৈছে হঠাতে হোৱা এক গুৰুতৰ স্বাস্থ্য সমস্যা। বিশেষজ্ঞৰ মতে, হাৰ্ট এটেকৰ পূৰ্বে শৰীৰে কিছু সংকেত দিবলৈ আৰম্ভ কৰে, যিসমূহ সময়মতে চিনাক্ত হ’লে এটা ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি। হয়, হাৰ্ট এটেকৰ সংকেত আমাৰ চকুয়েও দিয়ে। আমাৰ চকুৱে ৩০ দিন আগতেই হাৰ্ট এটেকৰ ইংগিত দিব পাৰে।

Advertisment

চকুত দেখা দিয়া হাৰ্ট এটেকৰ চাৰিটা মূল লক্ষণ

চকুৰ পতাত হালধীয়া বা বগা ৰঙৰ দাগ

চকুৰ পতাবোৰৰ চাৰিওফালে হালধীয়া বা বগা দাগ গঠন হোৱাটোক চিকিৎসা বিজ্ঞানৰ ভাষাত Xanthelasma বুলি কোৱা হয়। এই অৱস্থাই শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাৰ ইংগিত দিয়ে। যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি হয়। সাধাৰণতে চকুৰ চাৰিওফালে চৰ্বিৰ সৰু সৰু গোট হিচাপে দেখা দিয়ে। এই স্তৰবোৰে হৃদযন্ত্ৰৰ ধমনীত বন্ধ হোৱাৰ ইংগিত দিয়ে, যাৰ ফলত হাৰ্ট এটেক হয়। চকুত এনে লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰি কলেষ্টেৰল পৰীক্ষা কৰাব লাগে।

চকুৰ মণিৰ ৰং সলনি হোৱা

চকুৰ মণিৰ চাৰিওফালে ধূসৰ বা বগা আঙঠি গঠন হোৱাটোও হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ লক্ষণ। ইয়াক আৰ্কাছ চিনিলিছ বোলা হয়। এই আঙঠিটোয়ে কলেষ্টেৰল বৃদ্ধি আৰু ই তেজৰ ধমনীত চৰ্বি জমা হোৱাৰ ইংগিত দিয়ে। এই অৱস্থা প্ৰায়ে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা মেদবহুলতাত আক্ৰান্ত লোকৰ ক্ষেত্ৰত দেখা যায়। এই বৃত্তটো ক্ৰমান্বয়ে ডাঙৰ হৈ যায় আৰু ইয়াক আওকাণ কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদি এই লক্ষণসমূহে দেখা দিয়ে, তেন্তে হৃদৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

দৃষ্টিশক্তি ম্লান, চকুত শব্দ অনুভৱ কৰা

যদি আপুনি সঘনাই চকুত ম্লান দৃষ্টিশক্তি অথবা চকুত শব্দ হোৱাৰ দৰে অনুভৱ কৰে, তেন্তে সাৱধান হ'ব। এয়া হাৰ্ট এটেকৰ প্ৰাৰম্ভিক লক্ষণ। হৃদযন্ত্ৰৰ লগত সংযুক্ত ৰক্ত সঞ্চালনত বিঘিনি ঘটিলে এই সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ যিসকল লোকে নিয়মিতভাৱে ব্যায়াম নকৰে, বহুত মানসিক চাপ লয় বা যিসকলৰ খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতা থাকে, তেওঁলোকৰ ক্ষেত্ৰত এই লক্ষণ দেখা যায়। এনে ক্ষেত্ৰত তেজৰ সোঁত সঠিকভাৱে চকুলৈ যাব নোৱাৰে। যদি এই লক্ষণ বাৰে বাৰে দেখা দিছে, তেন্তে ইয়াক সহজভাৱে নল’ব আৰু লগে লগে স্বাস্থ্য পৰীক্ষা কৰিব।

বাৰে বাৰে চকু ফুলা বা ৰঙা পৰা

চকু সঘনাই ফুলা বা ৰঙা পৰাও হাৰ্ট এটেকৰ এক প্ৰধান লক্ষণ। এই সমস্যাৰ সৃষ্টি হয় যেতিয়া শৰীৰত তৰল পদাৰ্থৰ আৱদ্ধতা বৃদ্ধি পায়, তেতিয়া এই সমস্যাৰ সৃষ্টি হয়। হৃদযন্ত্ৰই সঠিকভাৱে পাম্প নকৰাৰ ফলত এনে হয়। সাধাৰণতে চকুৰ তল ফুলা আৰু ৰঙা পৰা দেখা যায় আৰু ইয়াৰ দ্বাৰা ৰক্তচাপ বা হৃদযন্ত্ৰৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ ইংগিত পোৱা যায়। ইয়াৰ লগতে চকুত জ্বলা-পোৰা বা গধুৰতাও অনুভৱ কৰিব পাৰে। যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

উল্লেখ্য যে, হাৰ্ট এটেকৰ লক্ষণ কেৱল চকুতে সীমাবদ্ধ নহয়। ইয়াৰ আন কিছুমান সাধাৰণ লক্ষণ হৈছে-

১) বুকু গধুৰ বা বিষ হোৱা।

২) বাহু, ডিঙিৰ বিষ।

৩) উশাহ-নিশাহ লোৱাত অসুবিধা।

৪) ঘাম ওলোৱা আৰু ভাগৰুৱা অনুভৱ কৰা।

৫) হঠাৎ মূৰ ঘূৰোৱা বা বমি হোৱা।

আপোনাৰো যদি শৰীৰত এনে লক্ষণে দেখা দিয়ে, ইয়াক ভুলতো আওকাণ নকৰিব। প্ৰায়ে মানুহে এই লক্ষণবোৰক সাধাৰণ সমস্যা বুলি গণ্য কৰি গুৰুত্ব নিদিয়ে। প্ৰকৃততে, এই লক্ষণসমূহ হৃদৰোগ বা হাৰ্ট এটেকৰ সতৰ্কবাণী হ’ব পাৰে। যদি আপুনি এনে কোনো লক্ষণ স্থায়ীভাৱে অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

হাৰ্ট এটেকৰ পৰা হাত সাৰি থকাৰ উপায়

স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব

কলেষ্টেৰল আৰু ট্ৰেন্স ফেট পৰিহাৰ কৰিব। সতেজ ফল-মূল, শাক-পাচলি, গোটা শস্য খাব। মাছ, বাদাম, হৃদযন্ত্ৰৰ বাবে উপকাৰী চৰ্বি খাব লাগে।

নিয়মিতভাৱে ব্যায়াম কৰিব

প্ৰতিদিনে ৩০ মিনিট দ্ৰুত খোজ কঢ়া বা লঘু ব্যায়াম কৰিব, এনে কৰিলে হৃদযন্ত্ৰ শক্তিশালী হয়।

মানসিক চাপৰ পৰা আঁতৰি থাকিব

মানসিক চাপ হৃদৰোগৰ এটা প্ৰধান কাৰণ। যোগ আৰু ধ্যান-ধাৰণাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

ধূমপান আৰু মদ্যপান পৰিহাৰ কৰিব

ধূমপান আৰু অত্যধিক মদ্যপান হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

স্বাস্থ্য পৰীক্ষা

নিয়মিতভাৱে হৃদযন্ত্ৰ, ৰক্তচাপ, তেজত শৰ্কৰাৰ পৰিমাণ পৰীক্ষা কৰি থাকিব।

Also Read: সাৱধান হওঁক ! আপুনিও আক্ৰান্ত হ'ব পাৰে ষ্ট্ৰ’কত