হয়, আটিল শৰীৰৰ অধিকাৰী হোৱাটো তেনেই সহজ

ব্যস্ত সময়সূচীৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি সচেতন নোহোৱাৰ ফলত আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ সমস্যাত ভূগিবলগীয়া হয়। শৰীৰৰ ওজন বৃদ্ধি অগনন ৰোগৰ কাৰক। সেয়ে ওজন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিয়াটো অতি জৰুৰী।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web ap waist৩৩

ডিজিটেল ডেস্ক: ব্যস্ত সময়সূচীৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি সচেতন নোহোৱাৰ ফলত আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ সমস্যাত ভূগিবলগীয়া হয়। শৰীৰৰ ওজন বৃদ্ধি অগনন ৰোগৰ কাৰক। সেয়ে ওজন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাসত বিশেষ গুৰুত্ব দিয়াটো অতি জৰুৰী। অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰি খাদ্য তালিকাত কম কেলৰিযুক্ত খাদ্য অন্তৰ্ভূক্তৰে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। কি খাদ্যই শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে, আজি সেই বিষয়ে জানো আহক-

Advertisment

ব্ৰাউন ৰাইচ 

ভাৰতীয় লোকসকলে মূল খাদ্য হিচাপে সচৰাচৰ ভাত খাই ভাল পায়। কিন্তু বগা চাউলত থকা কাৰ্বহাইড্ৰেটে শৰীৰৰ ওজন বৃদ্ধিত অৰিহনা যোগায়। সেয়েহে, বগা চাউলৰ সলনি আপুনি ব্ৰাউন ৰাইচ খাবলৈ আৰম্ভ কৰক। এক গৱেষণা অনুসৰি, ব্ৰাউন ৰাইচত শৰীৰৰ বাবে উপকাৰী বহু পুষ্টি থাকে, যিয়ে  গ্লাইচেমিক স্তৰ উন্নত কৰি টাইপ ২ ডায়েবেটিচৰ আশংকা হ্ৰাস কৰে।

ভাপত তৈয়াৰ কৰা খাদ্য 

আজিকালি সকলো বয়সৰ লোকেই ভজা-পোৰা, তেলেতীয়া খাদ্য অধিক পছন্দ কৰে। কিন্তু এইবোৰ খাদ্যত থকা চৰ্বিয়ে আপোনাৰ কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে।যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰ ফুলি হৃদ আক্ৰমণৰ আশংকা বৃদ্ধি হ'ব পাৰে। সেয়েহে, যিকোনো খাদ্য সামগ্ৰী ভাজি খোৱাৰ সলনি ভাপত তৈয়াৰ কৰি বা গ্ৰিল কৰা খাব লাগে।

ঘেঁহুৰ ৰুটী

আজিকালি ৰুটীৰ পৰা বহু প্ৰকাৰৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়। কিন্তু ৰুটী তৈয়াৰ কৰিবলৈ ব্যৱহৃত ময়দা স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। ইয়াত সামান্য পৰিমাণৰহে আঁহ থাকে, যিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। সেয়েহে ৰুটীৰ বাবে ময়দাৰ সলনি আপুনি ঘেঁহুৰ আটা ব্যৱহাৰ কৰিব পাৰে। ই টাইপ ২ ডায়বেটিচ আৰু কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে 

বাজৰা

অধিকাংশ ভাৰতীয় খাদ্যত পৰিশোধিত ময়দা ব্যৱহাৰ কৰা হয়, যিয়ে শৰীৰত ইনচুলিনৰ মাত্ৰা  বৃদ্ধি কৰিব পাৰে। ময়দা খালে শৰীৰত প্ৰদাহ আৰু মেদবহুলতাৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি হয়।সেয়েহে আপুনি আপোনাৰ আহাৰত ময়দাৰ বিকল্প হিচাপে ঘেঁহুৰ আটা, বাজৰা, ওটছ আদি অন্তৰ্ভুক্ত কৰিব পাৰে। এইবোৰত অতি ভাল পৰিমাণত আঁহ, প্ৰ'টিন আৰু ভিটামিন থাকে। এইসমূহ খালে হজম শক্তি উন্নত, ওজন হ্ৰাস আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য টনকীয়াল হৈ থাকে।

কম মিঠাযুক্ত খাদ্য

নব্বৈ শতাংশ ভাৰতীয়ই তেওঁলোকৰ দিনটো একাপ চাহৰ সৈতে আৰম্ভ কৰে। কিন্তু চাহত ব্যৱহাৰ হোৱা চেনীৰ ফলত ডায়েবেটিচ আৰু দাঁতৰ ক্ষয় হ'ব পাৰে। সেয়েহে পৰাপক্ষত চেনী দিয়া চাহ খোৱাটো পৰিহাৰ কৰিব। চাহৰ সলনি আপুনি কম কেলৰিযুক্ত নাৰিকল পানী, বাটাৰ মিল্ক তথা সতেজ নেমুৰ ৰস আদি খাব । নাৰিকল পানীত থকা এণ্টিঅক্সিডেণ্ট আৰু ইলেক্ট্ৰলাইটে শৰীৰক হাইড্ৰেটেড ৰখাত সহায় কৰে। এক গৱেষণা অনুসৰি, চেনী নিদিয়া  খাদ্য গ্ৰহণ কৰিলে ই মেদবহুলতা নিয়ন্ত্ৰণ আৰু বিপাকৰ স্তৰ উন্নত কৰাত সহায় কৰিব।

Also Read: সময়মতে চিকিৎসা কৰি জীৱনটো উপভোগ কৰক