/asomiyapratidin/media/media_files/2025/03/11/JUpE2yixmb7UPgSU9rDw.jpg)
ডিজিটেল ডেস্ক: কৰ্কট ৰোগীসকলৰ হৃদযন্ত্ৰৰ বিকল হোৱাটো সম্প্ৰতি এটা সাধাৰণ সমস্যা হৈ পৰিছে। কিন্তু এতিয়া এই ৰোগীসকলৰ বাবে আছে এক সুখবৰ। হয়, শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে এছজিএলটি২ ইনহিবিটৰ নামৰ ডায়েবেটিছৰ ঔষধবিধে কৰ্কট ৰোগীৰ হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা ৫০% লৈকে হ্ৰাস কৰিব পাৰে।
কৰ্কট ৰোগৰ চিকিৎসাত দিয়া কেমোথেৰাপীয়ে শৰীৰটোক গভীৰভাৱে প্ৰভাৱিত কৰে। ই কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰাৰ লগতে হৃদযন্ত্ৰত যথেষ্ট বেয়া প্ৰভাৱ পেলায়। যাৰ ফলত হৃদযন্ত্ৰ বিকল হয়। গৱেষণা অনুসৰি, কেমোথেৰাপীৰ পিছত ২০% কৰ্কট ৰোগীৰ হৃদৰোগ হয়, যাৰ ভিতৰত ১০% ৰোগীৰ হৃদযন্ত্ৰ বিকল হয়। কিন্তু এই নতুন গৱেষণাত প্ৰমাণ হৈছে যে ডায়েবেটিচত ভুগি থকা ৰোগী এজন যদি কৰ্কট ৰোগতো আক্ৰান্ত হৈছে আৰু তেওঁ ডায়েবেটিচৰ ঔষধ গ্ৰহণ কৰি আছে, তেন্তে সেই ৰোগীৰ হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা ৫০ শতাংশ কম হয়।
কি কয় গৱেষণাই ?
ইউকেৰ ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই বিষয়ত এক বিতং অধ্যয়ন চলাইছিল। এই গৱেষণাত প্ৰমাণ হৈছে যে, এক বিশেষ ডায়েবেটিচ ঔষধ এছজিএলটি২ ইনহিবিটৰে হৃদযন্ত্ৰক বিকল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। এই গৱেষণাৰ তথ্য ইউৰোপিয়ান জাৰ্নেল অফ প্ৰিভেণ্টিভ কাৰ্ডিঅ'লজীত প্ৰকাশ পাইছে।
কিদৰে সহায় কৰে এছজিএলটি২ ইনহিবিটৰ ঔষধে ?
গৱেষকসকলে ৮৮, ২৭৩ জন কৰ্কট ৰোগীৰ ক্ষেত্ৰত কৰা ১৩ টা অধ্যয়ন বিশ্লেষণ কৰিছিল। এই অধ্যয়নত দেখা গৈছিল যে হৃদযন্ত্ৰৰ বিফলতাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱাৰ সম্ভাৱনা ৫০% লৈকে হ্ৰাস হৈছে। এই ঔষধটো স্তনৰ কৰ্কট ৰোগীসকলৰ বাবে বিশেষভাৱে উপকাৰী বুলি প্ৰমাণ হৈছে।
কি কয় বিশেষজ্ঞই ?
অধ্যয়নটোৰ মুখ্য গৱেষক অধ্যাপক ভাচিলিঅছ ভাচিলুৰ মতে, এছজিএলটি২ ইনহিবিটৰ ঔষধ ইতিমধ্যে হৃদৰোগত উপকাৰী বুলি প্ৰমাণিত হৈছে। এইবোৰে হৃদযন্ত্ৰৰ বিফলতাৰ সৈতে সম্পৰ্কিত সমস্যা যেনে উশাহ চুটি হোৱা আৰু ভাগৰ লগা হ্ৰাস কৰিব পাৰে আৰু ৰোগীসকলক স্বাস্থ্যৱান অনুভৱ কৰাব পাৰে।
প্ৰয়োজন আছে অধিক গৱেষণাৰ
এই ফলাফলবোৰ যথেষ্ট আশাব্যঞ্জক যদিও একাংশ গৱেষকৰ মতে কৰ্কট ৰোগীসকলৰ মাজত এই ঔষধৰ ব্যাপক ব্যৱহাৰৰ বাবে অধিক গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে।
Also Read: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে আচৰিত তথ্য