/asomiyapratidin/media/media_files/2025/05/12/QCFyTQphc28CQXsBIpAQ.jpg)
ডিজিটেল ডেস্ক: হাৰ্ট এটেকৰ কথা ভাবিলেই আমাৰ মনলৈ বুকুৰ বিষ, উশাহ লোৱাত কষ্ট, মূৰ ঘূৰোৱা আদি মনলৈ আহে। অহাটোও স্বাভাৱিক। কিয়নো এই সকলোবোৰ হৈছে হাৰ্ট এটেকৰ লক্ষণ, যিসমূহৰ বিষয়ে সকোল জ্ঞাত। কিন্তু আপুনি জানি আচৰিত হব যে, হাৰ্ট এটেকৰ পূৰ্বে ভৰিয়েও বিশেষ সংকেত দিয়ে। হয়, এই সংকেত তেনেই সাধাৰণ যেন লাগিলেও সময়ত বুজি পালে আপুনি ডাঙৰ বিপদৰ পৰা হাত সাৰিব পাৰি। হাৰ্ট এটেকৰ পূৰ্বে ভৰিত কি পৰিৱৰ্তন দেখা যায়, জানো আহক-
ভৰি ফুলা
যদি আপোনাৰ দুয়োটা ভৰি বিশেষকৈ ভৰিৰ আঙুলি কোনো কাৰণ নোহোৱাকৈ ফুলি উঠিছে, তেন্তে ইয়াক আপুনি কেৱল ভাগৰ বা বতৰৰ প্ৰভাৱৰ বাবে হৈছে বুলি ভাবি আওকাণ নকৰিব। যেতিয়া হৃদযন্ত্ৰই শৰীৰৰ চাৰিওফালে সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰে, তেতিয়া শৰীৰত পানী জমা লৈ ভৰি ফুৰিবলৈ আৰম্ভ কৰে। সেয়েহে, ভৰি ফুলিলে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।
ভৰি ঠাণ্ডা, ৰং সলনি হোৱা
আপুনি কেতিয়াবা অনুভৱ কৰিছেনে যে আপোনাৰ ভৰি দুখন হঠাতে ঠাণ্ডা হৈ শৰীৰৰ বাকী অংশ স্বাভাৱিক হৈ থাকে? ই ৰক্ত সঞ্চালন নোহোৱাৰ লক্ষণ। যদি ভৰি দুখন নীলা, বেঙুনীয়া বা অতি শেঁতা হয়, তেন্তে এইটো ৰক্তহীনতাৰ লক্ষণ যিটো হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে জড়িত হৈ থাকে। এনে লক্ষণক একেবাৰেই আওকাণ নকৰিব, ই হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যাৰ সংকেত দিয়ে।
লৰচৰ কৰাৰ সময়ত বিষ
যদি আপুনি খোজ কঢ়াৰ সময়ত ভৰি দুটা টানি ধৰাৰ দৰে অনুভৱ হয় আৰু বহিলে এই বিষটো নিজেই আঁতৰি যায়, তেন্তে এইটো পেৰিফেৰেল আৰ্টাৰী ডিজিজ (PAD)ৰ লক্ষণ হ’ব পাৰে। এনে হ'লে ভৰিৰ শিৰালৈ তেজ সঠিকভাৱে সঞ্চালন নহয়। এই অৱস্থাত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
ভৰিৰ নখ, ছালৰ পৰিৱৰ্তন
যদি আপোনাৰ ভৰিৰ নখ ডাঠ, হালধীয়া বা দুৰ্বল হৈছে বা আপোনাৰ ছালখন শুকান, ৰুক্ষ আৰু ফাটি গৈছে, তেন্তে ইয়াক কেৱল ছালৰ সমস্যা বুলি নাভাবিব। যেতিয়া শৰীৰত তেজৰ সোঁত দুৰ্বল হৈ পৰে, তেতিয়া প্ৰথমে ভৰিৰ পৰিৱৰ্তন দেখা যায়। এনে লক্ষণক আওকাণ কৰিলে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।
ভৰিৰ জিনজিননি
যদি আপুনি প্ৰায়ে ভৰি দুটা অজ্ঞান হৈ পৰাৰ দৰে বা জিনজিননি অনুভৱ কৰে, তেন্তে এয়া স্নায়ুৰ ক্ষতিৰ লক্ষণ, যি ডায়েবেটিছ বা হৃদৰোগৰ সৈতে জড়িত হ’ব পাৰে।
ভৰিটো গধুৰ অনুভৱ
যদি আপোনাৰ ভৰি দুটা কিছু সময় থিয় হোৱাৰ পিছত বা লাহে লাহে খোজ কঢ়াৰ পিছত গধুৰ যেন হ'বলৈ আৰম্ভ কৰে, তেন্তে এইটোও সঠিক তেজৰ সঞ্চালন নোহোৱাৰ লক্ষণ হ’ব পাৰে। হৃদযন্ত্ৰ দুৰ্বল হ’লে শৰীৰৰ তলৰ অংশলৈ তেজ পোৱাত অসুবিধা হয়। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভৰিত পৰে।
এই লক্ষণ দেখা দিলে কি কৰিব ?
এই লক্ষণসমূহ ভাগৰ বা বাৰ্ধক্যৰ প্ৰভাৱ বুলি বিবেচনা কৰি আওকাণ নকৰিব। যদি এই লক্ষণসমূহ বাৰে বাৰে দেখা দিয়ে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'ব। ইচিজি, তেজৰ পৰীক্ষা আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় পৰীক্ষা কৰাব। উল্লেখ্য যে, যিকোনো ডাঙৰ ৰোগৰ আগতে আমাৰ শৰীৰে সদায় সংকেত দিয়ে। ভৰিৰ সৰু সৰু পৰিৱৰ্তনে আমাক সময়ত সকীয়াই দিব পাৰে।
Also Read: এয়া বেমাৰৰ লক্ষণ, একেবাৰে অৱহেলা নকৰিব