মূৰ ঘূৰোৱাটো গুৰুতৰ ৰোগৰ লক্ষণ, সাৱধান হওঁক

আৰম্ভণিতে কৰা অৱহেলাৰ বাবে বহু সময়ত কিছুমান ৰোগে গুৰুতৰ ৰূপ লয়। আমি সদায় উপেক্ষা কৰা এনে এক স্বাস্থ্য সমস্যা হৈছে মূৰ ঘূৰণি। হয়, আমি অধিকাংশই মূৰৰ বিষ বা মূৰ ঘূৰণিক সাধাৰণ সমস্যা বুলি ভাবি লওঁ।

author-image
সংগীতা দাস
New Update
১১১১১১১১১১১

ডিজিটেল ডেস্ক: আৰম্ভণিতে কৰা অৱহেলাৰ বাবে বহু সময়ত কিছুমান ৰোগে গুৰুতৰ ৰূপ লয়। আমি সদায় উপেক্ষা কৰা এনে এক স্বাস্থ্য সমস্যা হৈছে মূৰ ঘূৰণি। হয়, আমি অধিকাংশই মূৰৰ বিষ বা মূৰ ঘূৰণিক সাধাৰণ সমস্যা বুলি ভাবি লওঁ। মূৰ ঘূৰণি আৰু মূৰৰ বিষ দুটা বেলেগ বেলেগ অৱস্থা। মূৰৰ বিষৰ বিভিন্ন কাৰণ আছে। ইয়াৰ ভিতৰত অন্যতম হৈছে চৰ্দি, মানসিক চাপ বা মদ্যপান কৰা। মূৰ ঘূৰোৱা হ’ল এনে এক অৱস্থা, য’ত কোনো বিষ নাথাকে। কিন্তু মগজুৰ কোনো অংশই গতি কৰাৰ দৰে  অনুভৱ হয়। 

Advertisment

মূৰ ঘূৰোৱাক স্বাভাৱিক বুলি বিবেচনা কৰি আওকাণ কৰাটো একেবাৰে উচিত  নহয়। ই প্ৰকৃততে এক গুৰুতৰ ৰোগৰ লক্ষণ। এই ৰোগক ভেৰ্টিগ’ বুলি কোৱা হয়। ভাৰ্টিগ’ত এজন ব্যক্তিয়ে যিকোনো দিশলৈ ঘূৰিলে হঠাতে মূৰ ঘূৰোৱা অনুভৱ কৰে। মূৰৰ বাহিৰেও কাণ দুখনো এই ৰোগত প্ৰভাৱিত হয়। 

ভেৰ্টিগ'ত আক্ৰান্তসকলে কৰক এই কাম

১) হাতত এডাল পেঞ্চিল লওঁক। চকুৰ সন্মুখত পোনে পোনে ধৰি পেঞ্চিলৰ সৈতে চকু দুটা লৰচৰ কৰি এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে ঘূৰাই দিব।

২) ভৰি দুটা সৰল তথা পোন ৰেখাৰে খোজৰ পিছত খোজ আগুৱাই নিব লাগে। কোনো সহায় নোহোৱাকৈ এনে কৰিবলৈ চেষ্টা কৰিব।

৩) এটা ঠাইত থিয় হৈ আগলৈ চাই ১ মিনিটৰ ব্যৱধানত এটা এটাকৈ ভৰি ওপৰলৈ আৰু তললৈ লৰচৰ কৰিব । 

প্ৰতিৰোধৰ বাবে কি কৰিব ?

-যোগাসন আৰু ধ্যান কৰিব।

-মানসিক চাপৰ পৰা দূৰত থাকিব।

-সুৰা আৰু চিগাৰেটেও এই সমস্যা বৃদ্ধি কৰে। সেয়ে নাখাব।

-উজ্জ্বল পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব।

বি.দ্ৰ: এই লেখা ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লেখা হৈছে। এনে সমস্যাৰ সন্মুখীন হ'লে সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব। 

Also Read: খুব বেছিকৈ বাঢ়িছে বসন্ত ৰোগ, কিদৰে প্ৰতিৰোধ কৰিব পাৰি জানি লওঁক