এয়া বেমাৰৰ লক্ষণ, একেবাৰে অৱহেলা নকৰিব

আমাৰ চিনাকি লোকসকলৰ মাজত বহুতৰে মুখত আমি শুনো যে তেওঁলোকৰ মুখখন খুব সঘনাই শুকাই শুকাই যায়। তেওঁলোকে এই বিষয়টোক একেবাৰে গুৰুত্ব সহকাৰে নলয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
এয়া বেমাৰৰ লক্ষণ, অৱহেলা নকৰিব

ডিজিটেল ডেস্ক: আমাৰ চিনাকি লোকসকলৰ মাজত বহুতৰে মুখত আমি শুনো যে তেওঁলোকৰ মুখখন খুব সঘনাই শুকাই শুকাই যায়। তেওঁলোকে এই বিষয়টোক একেবাৰে গুৰুত্ব সহকাৰে নলয়। কিন্তু সঘনাই মুখ শুকুৱাটো বহু গুৰুতৰ ৰোগৰ লক্ষণ।হয়, এই সমস্যাই আপোনাক বহু ৰোগৰ সংকেত দিয়ে। প্ৰকৃততে এই সমস্যাটো কি, কিয় হয়, লক্ষণ কি আৰু ইয়াক এৰাই চলিবলৈ আমি কি কৰিব লাগে, আজি সেই বিষয়ে জানো আহক-

Advertisment

যেতিয়া লেলাৱতি গ্ৰন্থিবোৰে লেলাৱতি তৈয়াৰ কৰা বন্ধ কৰে, তেতিয়াই শুকান মুখৰ সমস্যাই দেখা দিয়ে।ইয়াক জেৰোষ্টমিয়া বুলি কোৱা হয়। লেলাৱতি গঠন হৈছে শৰীৰৰ এক অত্যাৱশ্যকীয় প্ৰক্ৰিয়া। লেলাৱতিৰ কাম হৈছে দাঁতৰ বেক্টেৰিয়াৰ পৰা সৃষ্টি হোৱা এচিড আঁতৰ কৰা।ইয়াৰ ফলত দাঁতত পোক নহয়। ই খাদ্য গিলিবলৈ সহায় কৰে। যেতিয়া মুখখন শুকাই যোৱাৰ সমস্যাই দেখা দিয়ে, এই সকলোবোৰ কাৰ্যই প্ৰভাৱিত হয়। 

শুকান মুখৰ লক্ষণবোৰ কি?

.মুখৰ পৰা দুৰ্গন্ধ ওলোৱা।

.খাবলৈ আৰু গিলিবলৈ অসুবিধা।

.লেলাৱতি ডাঠ হোৱা।

.দাঁত পোকে খোৱা।

.মুখৰ সোৱাদ নাইকিয়া হোৱা।

.দাতৰ আলুৰ খজুৱতি বা ইয়াৰ সৈতে সম্পৰ্কিত সমস্যা।

মুখ শুকাই যোৱাৰ আন কাৰণ

.‘ডিহাইড্ৰেচন’ৰ ফলতো মুখখন শুকাই যায়।

. কিছুমান এলোপেথিক ঔষধৰ বাবেও এনে হ'ব পাৰে।

.এই সমস্যাটো কৰ্কট ৰোগত কেমোথেৰাপীৰ বাবে হ'ব পাৰে।

.পেটৰ সমস্যাৰ বাবেও এনে হয়।

আনহাতে, মধুমেহ ৰোগ, ৰিউমেটইড আৰ্থ্ৰাইটিছ, উচ্চ ৰক্তচাপ, ৰক্তহীনতা, পাৰ্কিনছন ৰোগৰ বাবেও মুখখন সঘনাই শুকাই থাকিব পাৰে।সেয়েহে এনে কোনো লক্ষণ দেখিলে অথবা মুখ শুকাই যোৱাৰ সমস্যাত ভূগিলে অতি শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: এইসমূহ লক্ষণ দেখা দিলে সাৱধান হ'ব