/asomiyapratidin/media/media_files/2025/03/03/592Bh0h6CwiAhTtf1GZ3.jpg)
ডিজিটেল ডেস্ক: চাউল হৈছে বিশ্বব্যাপী খোৱা এবিধ মুখ্য খাদ্য। চাউল ক'লা, বগা, ৰঙা, ব্ৰাউন বা মুগা আদি বিভিন্ন ৰঙত উপলব্ধ যদিও তুলনামূলক ভাৱে ব্ৰাউন আৰু বগা চাউলৰ প্ৰচলন অধিক। কিন্তু, এই দুয়োবিধ চাউলৰ ভিতৰত কোনবিধ বেছি উপকাৰী ? আজি এই বিষয়ে জানো আহক-
ব্ৰাউন আৰু বগা চাউলৰ মাজত পাৰ্থক্য
ব্ৰাউন চাউল হৈছে এক সম্পূৰ্ণ শস্য য'ত চাউলৰ তিনিওটা অংশ থাকে। বাহিৰৰ স্তৰ (চোকোৰা), মাজৰ অংশ (যি মুখ্যতঃ কাৰ্বোহাইড্ৰেট) আৰু ভিতৰৰ অংশ (যি স্বাস্থ্যকৰ চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ)। ইয়াৰ বিপৰীতে, বগা চাউল কেৱল কাৰ্বোহাইড্ৰেট সমৃদ্ধ।
পুষ্টিৰ পাৰ্থক্য
বগা চাউলৰ তুলনাত ব্ৰাউন চাউলত অধিক আঁহ, ভিটামিন আৰু খনিজ থাকে। ইয়াত আঁহ থাকে, যিয়ে হজমত সহায় কৰে আৰু কোষ্ঠকাঠিন্য প্ৰতিহত কৰে। ব্ৰাউন চাউলত মেগনেছিয়াম, পটাছিয়াম, আইৰণ আৰু বি ভিটামিন (বি১, বি৩, বি৬, বি৯) থাকে। এই পুষ্টিবোৰে হাড়, পেশী আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
কোনবিধ চাউল হজমৰ বাবে ভাল ?
ব্ৰাউন চাউলত অধিক আঁহ থাকে, সেয়েহে এই চাউল খালে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি হৈ থাকে আৰু হজম হ্ৰাস হয়।। ইয়াৰ বিপৰীতে বগা চাউলত আঁহ কমকৈ থাকে, সেয়েহে ই সহজে হজম হয়। ইৰিটেবল বাৱেল চিণ্ড্ৰোম (আই.বি.এছ.) বা প্ৰদাহজনক অন্ত্ৰৰ ৰোগ (আই.বি.ডি.)ৰ দৰে হজম সমস্যা থকা লোকসকলৰ বাবে এই চাউল লাভজনক।
গ্লাইচেমিক ইণ্ডেক্স (জিআই) আৰু ইয়াৰ প্ৰভাৱ
গ্লাইচেমিক ইণ্ডেক্সে (জি আই) সূচায় যে এবিধ খাদ্যই কিমান সোনকালে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। ব্ৰাউন চাউলৰ জি আই প্ৰায় ৬৮ (যাক মধ্যমীয়া বুলি গণ্য কৰা হয়), আনহাতে বগা চাউলৰ জি আই প্ৰায় ৭৩ (যাক উচ্চ বুলি গণ্য কৰা হয়)। ই প্ৰমাণ কৰে যে বগা চাউল খালে টাইপ ২ ডায়বেটিচৰ আশংকা বৃদ্ধি কৰিব পাৰে। আনহাতে, ব্ৰাউন চাউলে লাহে লাহে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে, যাৰ ফলত ডায়েবেটিচৰ আশংকা হ্ৰাস হয়।
কেলৰিৰ পাৰ্থক্য কিমান ?
১ কাপ ৰন্ধা ব্ৰাউন চাউলত প্ৰায় ২১৮ কেলৰি থাকে। আনহাতে, সম পৰিমাণৰ বগা চাউলত থাকে প্ৰায় ২৪২ কেলৰি। সেয়েহে ওজন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাসকলৰ বাবে ব্ৰাউন চাউল উপকাৰী হ'ব পাৰে।
প্ৰকৃততে কোনবিধ চাউল উপকাৰী ?
যদি আপুনি স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে, ব্ৰাউন চাউল আপোনাৰ বাবে এক ভাল বিকল্প হ'ব পাৰে। কিয়নো, ইয়াত অধিক পুষ্টি আৰু আঁহ থাকে, যি হৃদৰোগ, মধুমেহ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ আশংকা হ্ৰাস কৰে। আনহাতে, যিসকলক কম আঁহযুক্ত আহাৰৰ প্ৰয়োজন আৰু ওজন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰে, তেওঁলোকে বগা চাউল খাব পাৰে।
ব্ৰাউন চাউল আৰু বগা চাউল দুয়োবিধৰে লাভালাভ আছে। কিন্তু কোনবিধ আপোনাৰ বাবে উপকাৰী, সেয়া সম্পূৰ্ণৰূপে আপোনাৰ স্বাস্থ্য, হজম আৰু জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি স্বাস্থ্যৱান আৰু ওজন হ্ৰাস বা স্বাস্থ্যকৰ জীৱনশৈলীৰ দিশে আগবাঢ়িছে, তেনেহ'লে ব্ৰাউন চাউল হৈছে আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প। আনহাতে, যদি আপোনাৰ হজমৰ সমস্যা থাকে, তেন্তে আপোনাৰ বাবে বগা চাউল উপকাৰী।
বি.দ্ৰ: এই লেখাত কেৱল সাধাৰণ তথ্যহে উল্লেখ কৰা হৈছে। অধিক জানিবলৈ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল'ব।
Also Read: অলপ সাৱধান হ'লেই বাচিব আপোনাৰ প্ৰাণ