Foods to Boost Your Brain: দুৰ্বল স্মৃতিশক্তিৰ গৰাকীয়ে এইসমূহ খাদ্য খাওঁক

Foods to Boost Your Brain: দুৰ্বল স্মৃতিশক্তিৰ গৰাকীয়ে এইসমূহ খাদ্য খাওঁক

ডিজিটেল ডেস্ক: দিনটোত আমি গ্ৰহণ কৰা খাদ্যই আমাৰ সামগ্ৰিক স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।আমি খোৱা খাদ্যৰ ভিতৰত এনে কিছুমান খাদ্য আছে, যিয়ে আমাৰ বিশেষ অংগসমূহৰ বিশেষভাৱে উন্নতি সাধন কৰিব পাৰে। আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত মগজুৰ খাদ্যসমূহৰ বিষয়ে বাৰু আপুনি জানেনে? আনহাতে, মগজুক সুস্থ কৰি ৰখা খাদ্যসমূহে আমাৰ স্নায়ুজনিত সমস্যাসমূহো নাটকীয়ভাৱে হ্ৰাস কৰিব পাৰে।

মগজুক সুস্থ কৰি ৰখা খাদ্যসমূহৰ বিষয়ে আজি জানো আহক-

ব্লুবেৰী

ব্লুবেৰীত থকা যৌগই এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট দুয়োটাৰ ক্ষেত্ৰতে প্ৰভাৱ পেলায়। অৰ্থাৎ ব্লুবেৰীয়ে প্ৰদাহ হ্ৰাস কৰিব পাৰে। যাৰ ফলত মগজুৰ বয়স বৃদ্ধি আৰু নিউৰ’ডিজেনেৰেটিভ ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। 

কণী

কণীত প্ৰচুৰ পৰিমাণে বি ভিটামিন আৰু কলিন নামৰ এবিধ পুষ্টিকৰ পদাৰ্থ থাকে। বি ভিটামিনে জ্ঞানশক্ত প্ৰবল কৰে। আনহাতে, শৰীৰে কলিন ব্যৱহাৰ কৰি মেজাজ আৰু স্মৃতিশক্তিৰ বাবে দায়বদ্ধ নিউৰ’ট্ৰান্সমিটাৰ সৃষ্টি কৰে।

চৰ্বিযুক্ত মাছ

চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা ৩ ফেটি এচিড থাকে।এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে মগজুৰ ৬০শতাংশ অংশই ওমেগা ৩ যুক্ত চৰ্বিৰে গঠিত।তদুপৰি মগজু আৰু স্নায়ুকোষ উৎপাদনতো ই অতি প্ৰয়োজনীয়। ওমেগা ৩ৰ অভাৱ হ’লে শিক্ষণৰ সমস্যা আৰু হতাশাৰ সৃষ্টি হ’ব পাৰে।সেয়ে মগজুৰ সুস্থতাৰ বাবে চৰ্বিযুক্ত মাছ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

ফল-মূল

কিছুমান বিশেষ ফল যেনে কমলা, মধুৰিআম, বেল পেপাৰ, কিৱি, বিলাহী, ষ্ট্ৰবেৰী আদিত অধিক পৰিমাণৰ ভিটামিন চি থাকে।ভিটামিন চিয়ে মগজুৰ কোষৰ ক্ষতি হোৱাত বাধা দিয়ে আৰু মগজুৰ সামগ্ৰিক স্বাস্থ্য উন্নতি কৰে।শেহতীয়া এক অধ্যয়ন অনুসৰি ভিটামিন চিয়ে এলঝেইমাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

সেউজীয়া শাক-পাচলি 

ব্ৰকলি,কচু, বন্ধাকবি আদিকে ধৰি সেউজীয়া শাক-পাচলিত ভিটামিন কে, লুটিন, ফ’লেট, বিটা কেৰটিন আদি বিভিন্ন পুষ্টিকৰ উপাদান থাকে। ভিটামিন কেয়ে মগজুৰ কোষৰ ভিতৰত চৰ্বি গঠন তথা স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে।

বাদাম

বাদামত স্বাস্থ্যকৰ চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন ই থাকে, যিবোৰ মগজু আৰু হৃদযন্ত্ৰ উভয়ৰে বাবে উপকাৰী। বিশেষকৈ আখৰোটত মগজুৰ কাৰ্য্যক্ষমতা আৰু অধিক উন্নত কৰিবলৈ ওমেগা ৩ ফেটি এচিডো থাকে।

Foods to Boost Your Brain: দুৰ্বল স্মৃতিশক্তিৰ গৰাকীয়ে এইসমূহ খাদ্য খাওঁক
Heart Health: হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ উপায়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in