/asomiyapratidin/media/media_files/2025/05/23/AZP4u27kCs6pNNsEGvht.png)
ডিজিটেল ডেস্ক: মগজু বা ব্ৰেইনক আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। মগজুয়েই আমাৰ সকলো অংগ নিয়ন্ত্ৰণ কৰে। কিন্তু দুৰ্বল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ অৱনতিৰ বাবে মগজু সম্পৰ্কীয় ৰোগবোৰ অতি দ্ৰুতগতিত বৃদ্ধি হ’বলৈ ধৰিছে। সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰা মগজু সম্পৰ্কীয় এনে এবিধ ৰোগ হৈছে ব্ৰেইন ষ্ট্ৰ’ক। এইটো এনে এক ভয়াৱহ ৰোগ, যিয়ে যিকোনো বয়সৰ লোকৰে প্ৰাণ কাঢ়িছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, ষ্ট্ৰ’কে ভাৰতত প্ৰতি বছৰে প্ৰায় ১৩ লাখ লোকৰ প্ৰাণ কাঢ়ে। দেশত ব্ৰেইন ষ্ট্ৰ’কৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে কয় যে, ২০৫০ চনলৈ ষ্ট্ৰ’কৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ নিযুত হ'বগৈ। আজি এই মাৰাত্মক ৰোগবিধৰ বিষয়ে জানো আহক-
ব্ৰেইন ষ্ট্ৰ’ক কিয় হয় ?
সঠিকভাৱে কাম কৰিবলৈ মগজুক সদায় পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয়। ৰক্ত সঞ্চালনৰ জৰিয়তে অক্সিজেন মগজুলৈ যায়। তেজ গোট মৰা বা ৰক্ত নলীবোৰ ফাটি যোৱাৰ ফলত অক্সিজেন মগজুৰ কোষবোৰলৈ গৈ নাপায়, যাৰ ফলত ব্ৰেইন ষ্ট্ৰ’ক হয়।ব্ৰেইন ষ্ট্ৰ’ক দুই প্ৰকাৰৰ-
ইস্কিমিক ষ্ট্ৰ’ক
ইয়াত ব্যক্তিজনৰ মগজুৰ শিৰাবোৰত তেজ গোট মৰাৰ সমস্যা হয়, যাৰ ফলত ব্যক্তিজনৰ কিছুমান অংশত অক্সিজেনযুক্ত তেজ নাপায়। ষ্ট্ৰ’কৰ প্ৰায় ৮৭% ক্ষেত্ৰত এই ধৰণৰ সমস্যা হয়।
হেমৰেজিক ষ্ট্ৰ’ক
এই ষ্ট্ৰ’কত মগজুৰ স্নায়ু বিস্ফোৰিত হয়। যাৰ ফলত কিছুমান অংশত অনিয়ন্ত্ৰিত তেজৰ প্ৰবাহ আৰম্ভ হয়। এই অৱস্থাটো ব্যক্তিজনৰ বাবে অতি বিপদজনক।
বিশেষজ্ঞসকলৰ মতে, দেশৰ ৮৫ শতাংশ লোক ইস্কিমিক ব্ৰেইন ষ্ট্ৰ’কৰ ভুক্তভোগী। ইস্কিমিক ব্ৰেইন ষ্ট্ৰ’কৰ বহুতো কাৰণ থাকিব পাৰে। কিন্তু ডায়েবেটিচ, উচ্চ ৰক্তচাপ, ধূমপান কৰা আৰু লিপিড কলেষ্টেৰলৰ বৰ্ধিত স্তৰ হৈছে এই ষ্ট্ৰ’কৰ মুখ্য কাৰণ। ইস্কিমিক ব্ৰেইন ষ্ট্ৰ’কৰ ফলত ৰক্তনলীবোৰ পাতল হৈ পৰে আৰু ইয়াৰ ভিতৰত চৰ্বি জমা হয়। যেতিয়া তেজ মগজুলৈ সঠিকভাৱে নাযায়, এট্ৰিয়েল ফাইব্ৰিলেচনৰ সমস্যা আৰম্ভ হয়। ইয়াৰ ফলত হৃদযন্ত্ৰত সৰু পিণ্ড সৃষ্টি হয়। পিছত এই পিণ্ডবোৰ মগজুলৈ যোৱাৰ বাবে মগজুৰ ৰক্তনলীবোৰ অৱৰুদ্ধ হয়।
লক্ষণ
ষ্ট্ৰ’কৰ পিছত নিম্নলিখিত লক্ষণবোৰে দেখা দিয়ে-
. মুখমণ্ডল জঠৰ হোৱা।
. হাত বা ভৰিত হঠাৎ জঠৰতা।
. দুৰ্বলতা।
. হাতৰ পৰা ভৰিলৈকে শৰীৰৰ এটা অংশৰ পক্ষাঘাত।
. হঠাতে তীব্ৰ মূৰৰ বিষ।
. কথা কোৱাত অসুবিধা।
. শব্দ সঠিকভাৱে উচ্চাৰণ নোহোৱা।
কাৰক
. ষ্ট্ৰ’কৰ আশংকা সেই লোকসকলৰ ক্ষেত্ৰত বেছি, যাৰ ৰক্তচাপ হঠাতে বৃদ্ধি হয়।
. তদুপৰি, যদি কোনোবাই ধূমপান বা সুৰা সেৱন কৰে, তেন্তে তেওঁৰ ষ্ট্ৰ’ক হ'ব পাৰে।
. নিশা পলমকৈ শোৱা, লেপটপত নিশা পলমকৈ কাম কৰা, দীঘলীয়া সময়ৰ বাবে ম'বাইল-টিভিত চাই থকাটোয়েও ব্ৰেইন ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি কৰে।
. অধিক ফাষ্ট ফুড আৰু জাংক ফুড খোৱাটোয়ে ষ্ট্ৰ’কৰ আশংকা বঢ়ায়।
. অধিক তেল, মচলা আদি সেৱন কৰা লোকসকলৰো মগজুৰ ষ্ট্ৰ’কৰ সম্ভাৱনা বেছি।
. নিয়মীয়াকৈ ব্যায়াম নকৰাটোও ইয়াৰ এক অন্যতম কাৰণ।
. ইয়াৰ বাহিৰে যিসকল লোকৰ ডায়েবেটিছ বা ৰক্তচাপ হ্ৰাস হয়, তেওঁলোকৰো বিপদাশংকা থাকিব পাৰে।
কেনেদৰে নিজকে সুৰক্ষা দিব ?
. ব্ৰেইন ষ্ট্ৰ’ক ৰক্তচাপ, ডায়েবেটিচৰ বাবে অধিক হয়, সেয়েহে খোৱা-লোৱাত খুব সচেতন হ’ব।
. যিসকল লোক উচ্চ ৰক্তচাপত আক্ৰান্ত, তেওঁলোকে বেছি সময় তললৈ বা ওপৰলৈ চাই থাকিলে ষ্ট্ৰ'ক হ'ব পাৰে।
. নিশা পলমকৈ শোৱাৰ অভ্যাস সলনি কৰক আৰু শোৱাৰ ১-২ ঘণ্টাৰ আগতেই স্ক্ৰীণ চোৱা শেষ কৰিব।
. পৰ্যাপ্ত টোপনি যাব।
. নিয়মীয়াকৈ ব্যায়াম কৰিব।
. খাদ্যাভ্যাস সলনি কৰক। স্বাস্থ্যকৰ খাদ্য খাব আৰু জাংক ফুডৰ পৰা আঁতৰি থাকিব।
. সময়ে সময়ে আপোনাৰ শাৰীৰিক পৰীক্ষা কৰাব।
Also Read: সন্তানৰ মগজু শক্তিশালী কৰিবলৈ খুৱাওঁক এই ১০ বিধ খাদ্য