কেৱল মাছ-মাংসই নহয়,প্ৰ’টিনৰ বাবে এইবোৰ খাদ্যও খাওঁক

কেৱল মাছ-মাংসই নহয়,প্ৰ’টিনৰ বাবে এইবোৰ খাদ্যও খাওঁক

ডিজিটেল ডেস্ক: আমাৰ শৰীৰটোক সম্পূৰ্ণকৈ সুস্থ কৰি ৰাখিবলৈ প্ৰ’টিন জাতীয় খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। আমাৰ বহুতৰে ধাৰণা যে কেৱল মাছ-মাংসতহে প্ৰ’টিন পৰ্যাপ্ত পৰিমাণে থাকে। কিন্তু প্ৰকৃততে কথাটো এনে নহয়।মাছ-মাংসৰ বাহিৰেও আন কেতবোৰ খাদ্যইও আমাৰ শৰীৰক প্ৰয়োজনীয় প্ৰ’টিন যোগান ধৰিব পাৰে।এনে কেতবোৰ প্ৰ’টিন জাতীয় খাদ্য হৈছে-  

কণী

কণী হৈছে প্ৰ'টিনৰ এক উৎকৃষ্ট উৎস।কণী খালে হৃদৰোগৰ বিপদাশংকা বৃদ্ধি হয় বুলি কোৱা হয় যদিও প্ৰকৃততে কণী ক্ষতিকাৰক নহয়। প্ৰতিদিনে এটা সম্পূৰ্ণ কণী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে, যদি আপুনি ডায়েবেটিচ বা হৃদৰোগত আক্ৰান্ত তেতিয়া কণী সপ্তাহত দুই বা তিনিটাকৈ খোৱা অভ্যাস কৰিব।

কণী খোৱাৰ আন কিছুমান উপকাৰিতা হৈছে-

স্তনৰ স্বাস্থ্য: কণীৰ কুহুমে স্তনৰ স্বাস্থ্য টনকিয়াল কৰে।কণীত থকা কোলিনে স্তনৰ কৰ্কটৰোগৰ হাৰ হ্ৰাস কৰাত সহায় কৰে।

চকু: কণীৰ এণ্টিঅক্সিডেণ্টে মেকুলাৰ ডিজেনাৰেচন প্ৰতিহত কৰিব পাৰে।

ওজন নিয়ন্ত্ৰণ: বহু অধ্যয়নত প্ৰমাণ হৈছে যে যদি আপুনি পুৱাৰ আহাৰত কণী খায়, তেতিয়া আপুনি দিনটোত কম পৰিমাণে কেলৰি গ্ৰহণ কৰি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।

বাদাম

বিভিন্ন প্ৰকাৰৰ বাদাম যেনে  আখৰোট, কাঠবাদাম তথা পেকেন আদিত প্ৰ'টিন, আঁহ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যকৰ চৰ্বি অধিক থাকে। কিন্তু মনত ৰখা উচিত য়ে, এইবোৰত কেলৰিও যথেষ্ট পৰিমাণে থাকে।সেয়ে জোখতকৈ বেছি বাদাম খাব নালাগে।উল্লেখ্য, দিনটোত এমুঠি বাদাম খোৱাটো স্বাস্থ্যকৰ বুলি বিবেচনা কৰা হয়।

বাদাম খোৱাৰ আন উপকাৰিতাসমূহ হৈছে-

কলেষ্টৰেল হ্ৰাস কৰে: কাঠবাদামত আঁহ, ভিটামিন ই আৰু মনোআনচেচুৰেটেড চৰ্বি থাকে, যি ক্ষতিকাৰক এলডিএল কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। আখৰোটত অমেগা ৩ ফেটি এচিড থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী আৰু উচ্চ এলডিএল স্তৰ হ্ৰাস কৰাত সহায় কৰে।

কৰ্কট ৰোগৰ আশংকা দূৰ কৰে: বাদামত থকা ভিটামিন ই-য়ে স্তন, মলাশয় আৰু প্ৰষ্টেট কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। ব্ৰাজিল বাদামত চেলেনিয়াম থাকে, যাক কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ খনিজ বুলি বিবেচনা কৰা হয়।

মগজুৰ স্বাস্থ্য: আখৰোটত থকা অমেগা ৩য়ে মস্তিষ্কৰ স্বাস্থ্যও বৃদ্ধি কৰে।

ছাল: ভিটামিন ই আৰু মনোআনচেচুৰেটেড চৰ্বিয়ে স্বাস্থ্যকৰ ছাল তৈয়াৰ কৰাত সহায় কৰে।

মাহজাতীয় খাদ্য

মাহজাতীয় শস্যৰ ভিতৰত আছে বিভিন্ন ধৰণৰ বীন আৰু মটৰ যেনে ক'লা বীন, বুট, মচুৰ দাইল আদি। এইবোৰত প্ৰ'টিন, আঁহ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু আইৰণকে লোকে ধৰি বহু মুখ্য পুষ্টি থাকে। 

মাহজাতীয় খাদ্যৰ আন উপকাৰিতা সমূহ হৈছে-

ডায়েবেটিচ, কলেষ্টৰেলত উপকাৰী: মাহজাতীয় শস্যত যথেষ্ট পৰিমাণৰ আঁহ থাকে। ই ৰক্ত শৰ্কৰা স্থিৰ কৰাত সহায় কৰে। যাৰ বাবে ইয়াক ডায়েবেটিচ ৰোগীসকলে খোৱাটো অতি লাভজনক বুলি গণ্য কৰা হয়।

কৰ্কট ৰোগৰ আশংকা দূৰ কৰে: মাহজাতীয় শস্য এণ্টিঅক্সিডেণ্টেৰে পৰিপূৰ্ণ, অৰ্থাৎ ই কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস কৰাত সহায়ক।

ওজন নিয়ন্ত্ৰণত সহায়ক: মাহজাতীয় শস্যত থকা আঁহে বহু দেৰিলৈকে পেটটো ভৰাই ৰাখে।যাৰ ফলত সঘনাই ভোক নালাগে।

ছ’য়া খাদ্য 

ছয়াজাতীয় খাদ্য যেনে এডামাম, টফু, টেম্পেহ, ছ’য়া গাখীৰ আৰু ছ’য়া বাদাম প্ৰ'টিনৰ উৎকৃষ্ট উৎস। নিৰামিষভোজীৰ বাবে ছয়া হৈছে এক সম্পূৰ্ণ প্ৰ'টিন খাদ্য।ইয়াত বহু পুষ্টিৰ উপাদান থাকে।

ছ’য়াজাতীয় খাদ্যৰ আন উপকাৰিতা-

হৃদযন্ত্ৰৰ স্বাস্থ্য, কলেষ্টৰেলৰ বাবে উপকাৰী: ছ’য়া উদ্ভিদ-আধাৰিত সেয়েহে ইয়াত সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল কম। একাংশ গৱেষণাৰ মতে, ছ’য়াই কলেষ্টৰেলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ফোলেট, ভিটামিন বি ৬ আৰু বি ১২, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম, সকলোবোৰ ছ’য়াত পোৱা যায়।যিয়ে হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।

চুলি, দাঁত, হাড়ক পুষ্টি দিয়ে: ছয়াজাতীয় খাদ্যত থকা ফলেট, ভিটামিন বি৬ আৰু বি১২য়ে মূৰৰ ছাল, চুলিৰ ফলিকল আৰু বৰ্ধিত চুলিক পুষ্টি প্ৰদান কৰে। ছয়াত থকা কেলচিয়ামে দাঁত আৰু হাড় শক্তিশালী ৰখাত সহায় কৰে।

মেজাজ, পিএমএছ, মাইগ্ৰেইন: ফলেটে চেৰোটনিনৰ স্তৰত অৰিহণা যোগায়। সেয়েহে ছ’য়াই মনোবল বৃদ্ধি কৰাত সহায় কৰিব পাৰে। ভিটামিন বি ৬ আৰু কেলচিয়ামে ঋতুস্ৰাৱৰ আগৰ লক্ষণবোৰ সহজ কৰিব পাৰে আৰু মেগনেছিয়ামে মাইগ্ৰেইন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ওজন নিয়ন্ত্ৰন: ছ’য়াত থকা পুষ্টিবোৰে স্বাস্থ্যকৰ ওজন বজাই ৰখাত আৰু  ক্ষীণ পেশীৰ ভৰ বৃদ্ধি কৰাত সহায় কৰে।

দৈ

দৈ অতি পুষ্টিকৰ আহাৰ। গ্ৰীক দৈত প্ৰ'টিন অধিক, নিয়মীয়া দৈত কেলচিয়াম অধিক আৰু কেফিৰ (দৈৰ দৰে পানীয়) প্ৰ'বায়োটিকত অধিক হয়। দৈৰ ফ্লেভাৰ যিয়েই নহওঁক, ই স্বাস্থ্যৰ পক্ষে অতি উপকাৰী।

দৈৰ আন গুণাগুণ হৈছে-

পাচন স্বাস্থ্য: দৈয়ে স্বাস্থ্যকৰ পাচন আৰু ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে শৰীৰটোক প্ৰয়োজন হোৱা বেক্টেৰিয়া বাহাল ৰখাত সহায় কৰে। লগতে দৈৰ বেক্টেৰিয়াই শৰীৰক প্ৰয়োজনীয় পুষ্টি শোষণ কৰাত সহায় কৰে।

হাড়ৰ স্বাস্থ্য: দৈত থকা কেলচিয়াম আৰু প্ৰ'টিনে হাড় শক্তিশালী কৰাত সহায় কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in