তেজপাতৰো আছে আশ্বৰ্যকৰ গুণাগুণ

খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে অধিকাংশ লোকেই তেজপাত ব্যৱহাৰ কৰে। যাৰ বাবে ভাৰতীয়ৰ পাকঘৰত তেজপাতৰ বহু গুৰুত্ব দিয়ে।তেজপাতৰ কেতবোৰ আশ্চৰ্যকৰ স্বাস্থ্য উপকাৰিতা আছে।

author-image
Asomiya Pratidin
New Update
তেজপাতৰো আছে আশ্বৰ্যকৰ গুণাগুণ

bay-leaf-benefits

ডিজিটেল ডেস্ক: খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে অধিকাংশ লোকেই তেজপাত ব্যৱহাৰ কৰে। যাৰ বাবে ভাৰতীয়ৰ পাকঘৰত তেজপাতৰ বহু গুৰুত্ব দিয়ে।তেজপাতৰ কেতবোৰ আশ্চৰ্যকৰ স্বাস্থ্য উপকাৰিতা আছে। তেজপাতত লুকাই থকা এই গুণাগুণবোৰে আমাৰ সুস্বাস্থ্য বৰ্তাই ৰখাত যথেষ্ট সহায় কৰে।আজি তেজপাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

Advertisment

ডায়েবেটিচত উপকাৰী

সম্প্ৰতি ভাৰতত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ডায়েবেটিচ ৰোগীৰ সংখ্যা। বহুতো গৱেষণাত প্ৰমাণ হৈছে যে তেজপাতে ইনচুলিনৰ স্তৰ সন্তুলিত কৰাত সহায় কৰে।সেয়েহে, তেজপাত বা তেজপাতৰে তৈয়াৰী কেপচুল খোৱাটো ডায়েবেটিচ ৰোগীৰ বাবে যথেষ্ট উপকাৰী হ'ব পাৰে।

শ্বাস-প্ৰশ্বাসৰ সমস্যাত সকাহ

যদি আপোনাৰ শ্বাস-প্ৰশ্বাস তথা হাঁওফাঁওৰ সমস্যা আছে, তেন্তে তেজপাত আপোনাৰ বাবে খুব উপকাৰী। ইয়াত থকা ইথানল পদাৰ্থই শ্বাসনলীত প্ৰদাহ হ্ৰাস কৰে।চাহত তেজপাত দি খালে কাহ, হাপানী আৰু ফ্লুত সকাহ দিয়ে।

দাঁতৰ বাবে উপকাৰী

তেজপাত দাঁতৰ আলুৰ বাবে বহুত উপকাৰী। ইয়াত থকা বিশেষ তেল আৰু ভিটামিন-চিয়ে আপোনাৰ দাঁত তথা দাঁতৰ আলু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। তদুপৰি, তেজপাত পুৰি ছাইখিনিৰে দাঁত ঘঁহিলে মুখত থকা বেক্টেৰিয়াও নাইকিয়া হয়।

ভেঁকুৰৰ সংক্ৰমণ প্ৰতিৰোধ

তেজপাতত বেক্টেৰিয়া-ৰোধী গুণাগুণ থাকে, যি ভেঁকুৰ আৰু ইষ্ট সংক্ৰমণ হ্ৰাস কৰাত সহায়ক হয়। যদি শৰীৰৰ যিকোনো অংশত ছালৰ এলাৰ্জি বা সংক্ৰমণ হয়, আপুনি তেজপাতৰ তেল প্ৰয়োগ কৰি সকাহ পাব পাৰে। তেজপাতৰ তেল তৈয়াৰ কৰিবৰ বাবে তেজপাত গুৰি কৰি  নাৰিকল তেলৰ সৈতে মিহলি কৰি অলপ সময় উতলাব।ঠাণ্ডা হোৱাৰ পাছত ছেকনীৰে ছেকি তেলখিনি পৃথক কৰিব।

ওজন হ্ৰাস কৰাত সহায়ক

তেজপাত ওজন হ্ৰাসতো সহায়ক। ইয়াত থকা গুণাগুণবোৰে ভোক হ্ৰাস কৰে।যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। 

Also Read: ক'লা তিলৰ উপকাৰিতা জানি আপুনিও আচৰিত হ'ব