/asomiyapratidin/media/media_files/2025/06/22/seo-1-web-2025-06-22-13-49-16.png)
ডিজিটেল ডেস্কঃ এনে কিছু ৰোগ আছে, যিসমূহৰ লক্ষণৰ বিষয়ে সময়ত জ্ঞাত নোহোৱাৰ বাবে আমি বিপদত পৰো। এনে এবিধ ৰোগ হৈছে হাওঁফাওঁৰ কৰ্কট ৰোগ। প্ৰাৰম্ভিক পৰ্যায়তে যদি এই ৰোগৰ লক্ষণ চিনি পাওঁ, তেন্তে আমি চিকিৎসা কৰি প্ৰাণ বচোৱাৰ চেষ্টা কৰিব পাৰো।
অধিকাংশ লোকেই বেমাৰৰ লক্ষণবোৰক ভাগৰ লগা, এলাৰ্জী বা বতৰৰ পৰিৱৰ্তনৰ বাবে হোৱা বুলি বিবেচনা কৰি আওকাণ কৰো। কিন্তু যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি থাকে, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। হয়, এইসমূহ হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ।
এই মাৰাত্মক ৰোগৰ প্ৰাৰম্ভিক লক্ষণ
উশাহ চুটি হোৱা
যদি আপুনি বেছি কষ্ট নকৰিলেও বা কেৱল চিৰি বগাই থাকোতে উশাহটো চুটি যেন অনুভৱ হয়, তেন্তে ই হাওঁফাওঁৰ দুৰ্বলতাৰ লক্ষণ। হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে হাওঁফাওঁৰ কাৰ্যক্ষমতা কমি যায়, যাৰ বাবে শৰীৰত অক্সিজেনৰ অভাৱ অনুভৱ হয়।
ওজন হ্ৰাস
যদি আপুনি 'ডায়েট' বা ব্যায়াম নকৰা স্বত্তেও শৰীৰৰ ওজন অভাৱনীয়ভাৱে কমিছে, তেন্তে সজাগ হওঁক। এয়া শৰীৰত কেন্সাৰ কোষৰ কাৰ্যকলাপৰ লক্ষণ হ’ব পাৰে। কাৰণ কেন্সাৰ কোষে শৰীৰৰ শক্তি সোনকালে ক্ষয় কৰে।
মাতৰ পৰিৱৰ্তন
যদি আপোনাৰ মাতটো গধুৰ হৈছে আৰু ২-৩ সপ্তাহৰ ভিতৰতো ভাল নহয়, তেন্তে ই কণ্ঠদ্বাৰত চাপ বা স্নায়ুৰ ক্ষতিৰ ফলত হ’ব পাৰে, যিটো হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।
সঘনাই ভাগৰুৱা অনুভৱ
যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি অহাৰ পিছতো দিনটো ভাগৰুৱা অনুভৱ কৰে, তেন্তে এয়া শৰীৰত উপস্থিত থকা কেন্সাৰ কোষৰ বাবেই হ’ব পাৰে, যিয়ে আপোনাৰ শক্তি দ্ৰুতভাৱে খৰচ কৰে।
স্থায়ী কাহ
যদি কাহ ২-৩ সপ্তাহতকৈ অধিক সময় থাকে, বিশেষকৈ যদি কাহৰ লগত তেজ ওলায় বা বুকুৰ বিষ হয়, তেন্তে ই এক গুৰুতৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত তৎক্ষণাত পৰীক্ষা কৰা উচিত।
কি কৰিব? কেনেকৈ এৰাই চলিব?
এই লক্ষণসমূহ ভুলতো আওকাণ নকৰিব। বুকুৰ এক্স-ৰে, চিটি স্কেন আৰু বায়’প্সিৰ দৰে পৰীক্ষাৰ দ্বাৰা হাওঁফাওঁৰ কৰ্কট ৰোগ নিশ্চিত কৰিব পাৰি। পৰিয়ালত ধূমপান, প্ৰদূষণ, কৰ্কট ৰোগৰ ইতিহাস থাকিলে এই আশংকা আৰু বৃদ্ধি পায়। নিয়মিত স্বাস্থ্য পৰীক্ষা, ধূমপানৰ পৰা আঁতৰি থাকি আৰু সুস্থ জীৱনশৈলী গ্ৰহণ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
বি:দ্ৰ: যিকোনো লক্ষণ গুৰুতৰ যেন লগা বা দীৰ্ঘদিন ধৰি থাকিলেই নিজে চিকিৎসা কৰাৰ পৰিৱৰ্তে তৎক্ষণাত বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।