হাজাৰ গুণৰ অধিকাৰী আমাৰ সকলোৰে প্ৰিয় বাদাম

যি কোনো সময়ত, যিকোনো বতৰতে আমি খায় ভাল পোৱা এবিধ শুকান ফল হৈছে বাদাম। বাদামত যথেষ্ট পৰিমাণে প্ৰ'টিন, চৰ্বি আৰু আঁহ থাকে। বাদামত থকা বেছিভাগ চৰ্বিক ‘ভাল চৰ্বি’ বুলি গণ্য কৰা হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
বাদাম seo

ডিজিটেল ডেস্ক: যি কোনো সময়ত, যিকোনো বতৰতে আমি খায় ভাল পোৱা এবিধ শুকান ফল হৈছে বাদাম। বাদামত যথেষ্ট পৰিমাণে প্ৰ'টিন, চৰ্বি আৰু আঁহ থাকে। বাদামত থকা বেছিভাগ চৰ্বিক ‘ভাল চৰ্বি’ বুলি গণ্য কৰা হয়। এই চৰ্বিয়ে আমাৰ শৰীৰৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। বাদামে আমাৰ স্বাস্থ্য ভালে ৰখাত কি ধৰণে সহায় কৰে, আজি জানো আহক-

Advertisment

হৃদযন্ত্ৰৰ স্বাস্থ্য

বাদাম আৰু আখৰোটক ‘হৃদযন্ত্ৰ স্বাস্থ্যকৰ’ খাদ্য বুলিয়েই জনা যায়। কিয়নো বাদামত যথেষ্ট পৰিমাণৰ অসংপৃক্ত চৰ্বি থাকে। বাদামে কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। তদুপৰি, ই তেজ গোট মৰা বন্ধ কৰে, যাৰ বাবে হৃদআক্ৰমণ বা ষ্ট্ৰ’ক হোৱাৰ আশংকা যথেষ্ট পৰিমাণে হয়।

ওজন হ্ৰাস

যথেষ্ট পৰিমাণৰ প্ৰ'টিন থকা খাদ্যই আপুনি অলপ খালেই পেট ভৰি পৰে। বাদামো এনে এবিধ খাদ্য। অধ্যয়ন মতে, আহাৰত জোখৰ পৰিমাণৰ বাদাম অন্তৰ্ভুক্ত কৰিলে ই শৰীৰৰ ওজন বৃদ্ধি নকৰে। বৰঞ্চ ওজন হ্ৰাসতহে ই সহায় কৰিব পাৰে।

দীঘলীয়া জীৱনকাল

বাদাম খোৱাটোৱে আপোনাক দীঘলীয়া সময়ৰ বাবে জীৱিত থকাত সহায় কৰিব পাৰে। বহু অধ্যয়নত দেখা গৈছে যে যিসকলে নিয়মীয়াকৈ যিকোনো ধৰণৰ বাদাম খাই, তেওঁলোকৰ আকস্মিক মৃত্যুৰ সম্ভাৱনা বহু কম।

ডায়েবেটিচ নিয়ন্ত্ৰক

বাদাম হৈছে এক নিম্ন-গ্লাইচেমিক খাদ্য, যাৰ অৰ্থ হৈছে এই খাদ্য খোৱাৰ ফলত আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি নহয়। গৱেষণাত প্ৰমাণ হোৱা মতে, বাদাম খোৱাটোৱে মহিলাৰ প্ৰকাৰ ২ ডায়বেটিচৰ আশংকা হ্ৰাস কৰিব পাৰে।

প্ৰদাহ হ্ৰাসৰ কাৰক

বাদাম হৈছে আঁহৰ এক ভাল উৎস, যি আপোনাৰ সমগ্ৰ শৰীৰত প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। তদুপৰি বাদামে পাচন তন্ত্ৰকো সহায় কৰে।

Also Read: এইবিধ ফল খাওঁক আৰু কোষ্ঠকাঠিন্যক বিদায় দিয়ক