
ডিজিটেল ডেস্ক: শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আগুৰি থকা এবিধ ৰোগ হৈছে হাঁপানি। হাঁওফাঁওৰ সৈতে সম্পৰ্কিত এই ৰোগত আক্ৰান্ত হ'লে এজন ব্যক্তিয়ে উশাহ লোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। বিশেষজ্ঞসকলৰ মতে, হাঁওফাঁওলৈ বায়ু কঢ়িয়াই অনা বায়ুনলী ফুলি যোৱাৰ ফলত হাঁপানি হয়। এই ৰোগৰ পৰা শিশুসকলক বচাই ৰাখিবলৈ অভিভাৱকসকলে বিশেষ সচেতনতা অৱলম্বন কৰাটো খুবেই দৰকাৰ। হাঁপানিয়ে শিশুসকলক কেনেদৰে আগুৰি আছে আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়ে আজি জানো আহক-
শিশুৰ হাঁপানি ৰোগ হোৱাৰ কাৰণ
. ব্যায়াম নকৰা
. পৰোক্ষ ধূমপান
. প্ৰদূষণ
. শৰীৰত ঠাণ্ডা বতাহ লগা
. ফ্লু বা চৰ্দিসদৃশ সংক্ৰমণ হোৱা
. পিতৃ-মাতৃ এই ৰোগত আক্ৰান্ত হ’লে
. মেদবহুলতা
হাঁপানিৰ লক্ষণ
. কাঁহ
. উশাহ লোৱাৰ সময়ত হুইচেলৰ দৰে শব্দ
. বুকুখন গধুৰ হৈ পৰা।
. ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰা
আপোনাৰ সন্তানক ৰোগৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব ?
. শিশুৰ চাৰিওফালে একেবাৰে ধূমপান নকৰিব।
. তেওঁলোকৰ ওজনৰ যত্ন ল'ব।
. চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব।
. জীৱনশৈলীৰ পৰিৱৰ্তন কৰিব।
. যদি সম্ভৱ ঘৰত এচি ব্যৱহাৰ কৰক, ই বাহিৰৰ পৰা আৱৰ্জনা ঘৰলৈ আনিব নোৱাৰে।
. যদি ঘৰৰ ভিতৰত পোহনীয়া জন্তু আছে, সিঁহতক শিশুটোৰ ওচৰলৈ আহিবলৈ নিদিব।
. শিশুসকলৰ শৰীৰত ঠাণ্ডা বতাহ লাগিবলৈ নিদিব।