অভিভাৱকে অৱলম্বন কৰক এইসমূহ কৌশল

অভিভাৱকে অৱলম্বন কৰক এইসমূহ কৌশল

ডিজিটেল ডেস্ক: জৰীপ প্ৰতিষ্ঠান ‘কণ্টাৰ’ৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে গ্ৰীষ্মৰ বন্ধৰ সময়ছোৱাত শিশুৱে অধিক সময় পৰ্দা অৰ্থাৎ ম’বাইল, কম্পিউটাৰ, টিভিত অত্যাধিক সময় কটোৱাৰ বাবে ভাৰতত ৮৫ শতাংশ অভিভাৱকেই চিন্তিত হৈ পৰিছে। ৯০ শতাংশৰো অধিক অভিভাৱকে বিশ্বাস কৰে যে পৰ্দাত অধিক সময় অতিবাহিত কৰিলে শিশুৰ কাৰ্যকলাপ হ্ৰাস হয়।

মাৰ্চত ‘ভিডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্ম’ আমাজনৰ বাবে ‘কণ্টাৰ’য়ে কৰা এক জৰীপ অনুসৰি, বেছিভাগেই বিশ্বাস কৰে যে দুই ঘণ্টাতকৈ কম সময় পৰ্দাত অতিবাহিত কৰিলে তেওঁলোকৰ সন্তানৰ একো ক্ষতি নহয়। অৱশ্যে, ৬৯ শতাংশ লোকে নিশ্চিত কৰিছে যে তেওঁলোকৰ সন্তানে প্ৰতিদিনে পৰ্দাত তিনি ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰি আছে। জৰীপটোত ভাৰতৰ ১০ খন মহানগৰ আৰু মহানগৰৰ বাহিৰত বাস কৰা ৩-৮ বছৰ বয়সৰ শিশুৰ প্ৰায় ৭৫০ জন অভিভাৱকক সামৰি লোৱা হৈছিল।

এই জৰীপৰ প্ৰতিবেদন অনুসৰি, প্ৰায় ৯৬ শতাংশ অভিভাৱকে তেওঁলোকৰ সন্তানক নতুনকৈ কিবা শিকা আৰু আমোদজনক কাৰ্যকলাপত নিয়োজিত ৰাখিবলৈ ম’বাইল, কম্পিউটাৰ, টিভিৰ পৰা মুক্ত কৰাৰ কৌশল বিচাৰি আছে।‘কণ্টাৰ’ৰ ‘ইনচাইট’ বিভাগৰ কাৰ্যবাহী পৰিচালনা সঞ্চালক দীপেন্দ্ৰ ৰাণাই কয়, ‘শিশুসকলে নতুন বস্তু শিকিবলৈ আগ্ৰহী আৰু তেওঁলোকে শিকাৰ প্ৰক্ৰিয়াটো উপভোগ কৰিবলৈ বিচাৰে। গ্ৰীষ্মৰ বন্ধৰ সময়ত অভিভাৱকসকলৰ বাবে তেওঁলোকৰ সন্তানক ব্যস্ত ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান। জৰীপ অনুসৰি, অভিভাৱকসকলে শিশুৰ পৰ্দাৰ সময় হ্ৰাস কৰিবলৈ বিচাৰে যাতে পৰ্দা-মুক্ত কাৰ্যকলাপে শিশুসকলক নতুন দক্ষতা আহৰণত সহায় কৰিব পাৰে।

অভিভাৱকে এই কৌশল অৱলম্বন কৰি সন্তানৰ অভ্যাস সলনি কৰিব পাৰে-

-সন্তানৰ সৈতে বহিবলৈ আৰু তেওঁলোকক নতুন বস্তু শিকাবলৈ নিজেই ব্যস্ত হওঁক। 

-আপুনি তেওঁলোকক বিভিন্ন কাৰুশিল্পত নিয়োজিত কৰি ম’বাইল টিভিৰ আসক্তিৰ পৰা মুক্ত কৰিব পাৰে। 

-আপোনাৰ সন্তানক তেওঁলোকৰ প্ৰিয় কিতাপ পঢ়িবলৈ দিব। পঢ়া হ’লে তেওঁলোকক কিতাপখনৰ বিষয়ে প্ৰশ্ন সুধিব, যাতে পঢ়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি হয়।

- ঘৰৰ ভিতৰতেই হওঁক বা বাহিৰতেই হওঁঁক, তেওঁলোকক বিভিন্ন খেল খেলিবলৈ অনুপ্ৰাণিত কৰিব।

-ম'বাইলৰ পৰা আঁতৰাই আপুনি সন্তানক বিভিন্ন ঘৰুৱা কামত লিপ্ত কৰাব পাৰে। এনে কৰিলে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ শিকিব, যি তেওঁলোকৰ ভৱিষ্যতৰ বাবে যথেষ্ট সহায়ক  হ'ব।

-খাই বা শুই থাকোঁতে শিশুটোক ম’বাইল ফোন নিদিব, কিন্তু এই সময়ত তেওঁলোকৰ সৈতে কথা পাতিব।

-শিশুৰ সন্মুখত আপুনি কেতিয়াও ম’বাইল ফোন ব্যৱহাৰ নকৰিব। আপুনি ব্যস্ত থাকিলে তেওঁলোকৰো ম’বাইল ফোনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈ গৈ থাকিব।তদুপৰি, আপোনাৰ ম’বাইল ‘লক’ কৰি ৰাখিব, যাতে আপোনাৰ সন্তানটোয়ে ইয়াক অত্যাধিক ব্যৱহাৰ কৰিব নোৱাৰে। 

অভিভাৱকে অৱলম্বন কৰক এইসমূহ কৌশল
ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in