ঘৰ সজোৱা বস্তু ব্যৱহাৰ কৰোতে সাৱধান হওঁক

ঘৰ সজোৱা বস্তু ব্যৱহাৰ কৰোতে সাৱধান হওঁক

ডিজিটেল ডেস্ক: নিজৰ ঘৰখনক সজাই-পৰাই আকৰ্ষণীয় কৰি ৰাখিবলৈনো কাৰনো মন নাযায়। আমি সকলোয়ে সাধ্য আৰু ইচ্ছা অনুসৰি আমাৰ ঘৰখন ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰো।যাৰ বাবে আমাৰ মাজৰ অধিকাংশই কৃত্ৰিম বস্তু ব্যৱহাৰ কৰি ঘৰখন চকুত লগা কৰি ৰাখিবলৈ বাধ্য হৈ পৰো।কিন্তু বাস্তু শাস্ত্ৰৰ মতে, ঘৰত ৰখা বহু বস্তুয়ে ঘৰখনলৈ ইতিবাচক আৰু নেতিবাচক শক্তি কঢ়িয়াই আনে।তাৰে এটা অন্যতম হৈছে কৃত্ৰিম ঘাঁহ।আজিকালি প্ৰত্যেকৰ ঘৰতে কৃত্ৰিম ঘাঁহৰ কাৰ্পেটৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াক ঘৰৰ চিৰি, বেলকনিৰ পৰা দেৱাললৈ ব্যৱহাৰ কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত কৃত্ৰিম ঘাঁহ ব্যৱহাৰ কৰাৰ আগতে কিছুমান বস্তুৰ বিশেষ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।আজি সেই বিষয়ে জানো আহক-

দিশ সন্দৰ্ভত সচেতন হওঁক

সকলো দিশতে কৃত্ৰিম ঘাঁহ ব্যৱহাৰ নকৰিব। ঘৰৰ দক্ষিণ-পূব দিশ বা উত্তৰ-পশ্চিম দিশত কৃত্ৰিম ঘাঁহ থকাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ই ঘৰলৈ ইতিবাচকতা আনে আৰু ঘৰৰ প্ৰতিজন ব্যক্তিৰ জীৱনতো ইতিবাচক প্ৰভাৱ পেলায়। 

দেৱাল-চিৰিত ব্যৱহাৰ কৰক

যদি আপোনাৰ ঘৰৰ বেৰ ওখ আৰু পশ্চিম দিশত থাকে, তেন্তে আপুনি ইয়াক সজাবলৈ কৃত্ৰিম ঘাঁহ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও আপুনি চিৰিৰ কাষত বেৰত ঘাঁহ ব্যৱহাৰ কৰিব পাৰে।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দিব 

ঘৰত কৃত্ৰিম ঘাঁহ প্ৰয়োগ কৰাৰ পিছত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে বিশেষভাৱে যত্ন ল'ব। কিয়নো যদি ইয়াত লেতেৰা থাকে, ঘৰলৈ ঋণাত্মক শক্তি আহিব পাৰে।যাৰ ফলত পৰিয়ালৰ সদস্যসকল প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ’ব পাৰে। 

এইসমূহ ঠাইত ব্যৱহাৰ নকৰিব 

বাস্তু বিশ্বাস অনুসৰি, বাথৰুম, পাকঘৰ আৰু উপাসনা গৃহত কেতিয়াও কৃত্ৰিম ঘাঁহ ব্যৱহাৰ  কৰিব নালাগে। ই ঘৰলৈ নেতিবাচক শক্তি আনিব পাৰে। 

এই দিশত নাৰাখিব 

কৃত্ৰিম ঘাঁহ কেতিয়াও উত্তৰ-পূব দিশত ব্যৱহাৰ কৰিব নালাগে। ই আপোনাৰ প্ৰগতিৰ পথ বন্ধ কৰিব পাৰে আৰু আপুনি জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।তদুপৰি, দক্ষিণ-পশ্চিম দিশত কৃত্ৰিম ঘাঁহৰ ব্যৱহাৰে পৰিয়ালৰ মুৰব্বীৰ ব্যৱসায়ত বেয়া প্ৰভাৱ পেলায়। 

ঘৰ সজোৱা বস্তু ব্যৱহাৰ কৰোতে সাৱধান হওঁক
পানীৰ নামত আপুনি প্ৰতিদিনে কৰি আছে বিহ পান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in