কাপোৰত হালধি, চাহ-কফিৰ দাগ লাগিলে চিন্তা নকৰিব

কাপোৰত হালধি, চাহ-কফিৰ দাগ লাগিলে চিন্তা নকৰিব
Published on
Updated on

ডিজিটেল ডেস্ক: টুথপেষ্ট এনে এবিধ লাগতিয়াল সামগ্ৰী, যাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো।ৰাতিপুৱা শুই উঠাৰ পাছতেই দাঁত চাফা কৰিবলৈ আমাক টুথপেষ্টৰ দৰকাৰ হয়।পিছে কেৱল দাঁত চাফা কৰাই নহয়, টুথপেষ্টে আমাৰ আন বহু কাম-কাজ সহজ কৰি তুলিব পাৰে।ই যিকোনো দাগ আঁতৰাব পাৰে।কি কি কামত আমি টুথপেষ্টৰ সহায় ল’ব পাৰো, আজি জানো আহক-

হালধিৰ দাগ

বহু সময়ত আমাৰ কাপোৰত হালধিৰ দাগ লাগে। এনে পৰিস্থিতিত, টুথপেষ্ট আপোনাৰ বাবে অতি উপযোগী হ'ব পাৰে।ইয়াৰ বাবে আপুনি দাগ লগা ঠাইত অলপ টুথপেষ্ট প্ৰয়োগ কৰি ১০ মিনিটৰ বাবে এৰি দিব।১০ মিনিটৰ পিছত কাপোৰখন কুহুমীয়া পানীত ডুবাই ভালদৰে পৰিস্কাৰ কৰিব।দেখিব হালধীৰ দাগ আঁতৰি গৈছে।

চাহ-কফিৰ দাগ

বহুসময়ত বগা কাপোৰত চাহ-কফিৰ দাগ লাগে। যাক আঁতৰ কৰা অতি কঠিন। এই ক্ষেত্ৰত টুথপেষ্ট এক অতি উপযোগী হিচাপে প্ৰমাণিত হয়।পুৰণি টুথব্ৰাছত টুথপেষ্ট লৈ দাগ থকা স্থানত ঘঁহি দিলেই দাগবোৰ নাইকিয়া হ’ব।

ইস্ত্ৰি চাফা

ইস্ত্ৰিৰ পৰা মামৰ আঁতৰাবলৈও আপুনি টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰে।ইস্ত্ৰিটোৰ মামৰে ধৰা ঠাইত টুথপেষ্টৰ পাতল পেষ্ট এটা প্ৰয়োগ কৰি কেইমিনিটমানৰ বাবে থৈ দিব।পাছত  অলপ কপাহ বা পাতল কাপোৰ পানীত তিয়াই সেই ঠাইখিনি ঘঁহি দিব। প্ৰায় পাঁচ মিনিট ঘঁহি থকাৰ পিছত আপুনি দেখিব যে ইস্ত্ৰিটো সম্পূৰ্ণৰূপে চাফা হৈ পৰিছে।

গহণা চাফা

সোণ-ৰূপৰ আঙুঠি, ব্ৰেচলেট, নেকলেস, কাণফুলি আদি পিন্ধি থাকিলে সেইবোৰৰ উজ্জ্বলতা হেৰাই যায়। এই ক্ষেত্ৰত আপুনি টুথব্ৰাছত অলপ টুথপেষ্ট লৈ লাহে লাহে ঘঁহি দিলেই গহনাৰ উজ্জ্বলতা ঘূৰাই পাব। 

মজিয়াৰ দাগ

যদি পাকঘৰ বা আন কোনো ঠাইত পাচলি, চুলিৰ ৰং বা আন কিবা ৰঙৰ পৰা দাগ হয়, তেন্তে সেই ঠাইত টুথপেষ্টৰ পাতলকৈ প্ৰয়োগ কৰি কেইমিনিটমানৰ বাবে এৰি দিয়ক। পাছত ইয়াক ঘঁহি ঘঁহি পৰিস্কাৰ কৰিলে দেখিব সেই দাগ নাইকিয়া হৈছে।

আচবাব পৰিস্কাৰ

আচবাবত দাগ লাগিলে সেই স্থানত টুথপেষ্ট প্ৰয়োগ কৰি মচি দিব। যদি সূক্ষ্ম আচবাবত দাগ থাকে, কোমল কাপোৰত অলপ টুথপেষ্ট লৈ দাগৰ ওপৰত ঘঁহি দিলেই ই পৰিস্কাৰ হ'ব।

কাপোৰত হালধি, চাহ-কফিৰ দাগ লাগিলে চিন্তা নকৰিব
প্ৰসাধন প্ৰিয় মহিলাসকলে এই বিষয়ে জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in