পানীৰ নামত আপুনি প্ৰতিদিনে কৰি আছে বিহ পান

শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি, আমি ব্যৱহাৰ কৰা এই পানীৰ বটলবোৰ শৌচাগাৰৰ আসনতকৈ অধিক লেতেৰা।

author-image
Asomiya Pratidin
New Update
পানীৰ নামত আপুনি প্ৰতিদিনে কৰি আছে বিহ পান

ডিজিটেল ডেস্ক: গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ বজাৰবোৰ বিভিন্ন ৰং আৰু ডিজাইনৰ পানী বটলৰে ভৰি পৰে।কিন্তু আপুনি জানেনে এই বটলবোৰত ৰখা পানী আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ? শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি, আমি ব্যৱহাৰ কৰা এই পানীৰ বটলবোৰ শৌচাগাৰৰ আসনতকৈ অধিক লেতেৰা।

Advertisment

বটলবোৰ মাৰাত্মক বেক্টেৰিয়াযুক্ত

পুনৰ ব্যৱহাৰযোগ্য পানীৰ বটলত থকা লাখ লাখ মাৰাত্মক বেক্টেৰিয়াই আপোনাৰ শৰীৰত অগণন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Waterfilterguru.comৰ গৱেষকসকলে দাবী কৰিছে যে পুনৰ ব্যৱহাৰযোগ্য পানীৰ বটলত শৌচাগাৰৰ আসনতকৈ ৪০ হাজাৰ গুণ বেছি বেক্টেৰিয়া থাকে।

গৱেষকসকলে বটলটোৰ বিভিন্ন অংশ তিনিবাৰ পৰীক্ষা কৰিছিল, যি সময়ত বটলটোত দুই প্ৰকাৰ বেক্টেৰিয়াৰ উপস্থিতি পোৱা গৈছিল।এই দুই প্ৰকাৰ বেক্টেৰিয়া হৈছে গ্ৰাম-ঋণাত্মক বেক্টেৰিয়া আৰু বেচিলাছ বেক্টেৰিয়া। গ্ৰাম-ঋণাত্মক বেক্টেৰিয়াই বিভিন্ন ধৰণৰ সংক্ৰমণ সৃষ্টি কৰিব পাৰে। আনহাতে, বেচিলাছ বেক্টেৰিয়াই গেষ্ট্ৰোইনটেষ্টিনেলৰ সমস্যা সৃষ্টি কৰে। 

গৱেষণাত প্ৰমাণ হোৱা মতে, এই বেক্টেৰিয়াবোৰ ইমানেই বিপদজনক যে ই আপোনাৰ শৰীৰৰ ভিতৰত এনে ক্ষমতা সৃষ্টি কৰিব যে এণ্টিবায়টিকেও কোনো প্ৰভাৱ পেলাব নোৱাৰে। পৰিষ্কাৰ কৰা বটলবোৰক দৈনন্দিন ঘৰুৱা সামগ্ৰীৰ সৈতে তুলনা কৰি গৱেষকসকলে বৰ্ণনা কৰিছিল যে বটলবোৰত পাকঘৰৰ বেছিনৰ তুলনাত দুগুণ বেছি, কম্পিউটাৰৰ মাউচতকৈ চাৰিগুণ বেছি আৰু পোহনীয়া জন্তুৰ খাদ্যৰ পাত্ৰতকৈ ১৪ গুণ বেছি বেক্টেৰিয়া থাকে।

টান ঢাকনি থকা বটলবোৰ পৰিষ্কাৰ

গৱেষণাটোত এইয়াও প্ৰমাণ হৈছে যে, টান ঢাকনি থকা বটলবোৰ পৰীক্ষা কৰা বটলবোৰৰ ভিতৰত আটাইতকৈ পৰিস্কাৰ আৰু স্ক্ৰু সদৃশ ঢাকনি থকা বটলবোৰো কিছু পৰিমাণে সুৰক্ষিত। গৱেষকসকলে স্পষ্ট কৰা মতে, পুনৰ ব্যৱহাৰযোগ্য বটলবোৰ প্ৰতিদিনে কমেও এবাৰ গৰম পানী আৰু চাবোনেৰে ধুব লাগে।আনহাতে, প্ৰতি সপ্তাহত কমেও এবাৰ চেনিটাইজ কৰিব লাগে। 

পানী পানীৰ বটল