/asomiyapratidin/media/media_files/2025/06/02/C88dmZ99FCfAEXhmCKeQ.jpg)
ডিজিটেল ডেস্ক: বেলপাত সাধাৰণতে উপাসনা আৰু মাংগলিক কামত ব্যৱহাৰ কৰা হয়। বিশেষকৈ ভগৱান শিৱৰ উপাসনাত বেলপাতে এক গুৰুতৰ ভূমিকা পালন কৰে। বেলপাত মহাদেৱৰ খুব প্ৰিয়। কিন্তু আপুনি জানি হযতো আচৰিত হ'ব যে বেলপাত ধৰ্মীয় কামৰ লগতে আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। আয়ুৰ্বেদৰ মতে, এই পাত ঔষধি গুণৰে ভৰপুৰ। ইয়াত টেনিন, ফ্লেভোনইড আৰু কুমাৰিন নামৰ পুষ্টি থাকে, যিয়ে ভিন্ন প্ৰকাৰৰ ৰোগৰ চিকিৎসাত সহায় কৰে। বেলপাতৰ ৰসে বহুতো গুৰুতৰ ৰোগ হোৱাৰ পৰা আমাৰ শৰীৰটোক বচাই ৰাখিব পাৰে। আজি সেই বিষয়ে জানো আহক-
দূৰ কৰে তেজৰ অভাৱ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a28a4e26-5385-4c61-8e15-6688f80e85ba/blood_defiiciecny.jpg)
বেলপাতৰ ৰস খালে শৰীৰত তেজৰ অভাৱ দূৰ হয়। যদি আপোনাৰ ৰক্তহীনতা বা তেজৰ অভাৱৰ দৰে সমস্যা আছে, তেনেহ'লে আপুনি এই পাতৰ পৰা তৈয়াৰ কৰা ৰস খাব পাৰে। এই পাতৰ ৰসে শৰীৰৰ তেজ বৃদ্ধি কৰাত সহায় কৰে। এগিলাচ পানীত এক চামুচ বেলপাতৰ ৰস সদায়ে খোৱা আৰম্ভ কৰক। নিশ্চিতভাৱে আপুনি অতি সোনকালেই এই সমস্যাৰ পৰা সকাহ পাব।
শ্বাস-প্ৰশ্বাসৰ সমস্যাত উপকাৰী
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/16776c62-1db5-4879-8d20-7a15ffac4247/download.jpg)
বেলপাতৰ পৰা প্ৰস্তুত কৰা ৰস খালে শ্বাস-প্ৰশ্বাসৰ সমস্যাও দূৰ হয়। এই ৰস খোৱাৰ ফলত হাঁপানিৰ সমস্যা আঁতৰ হয়। ইয়াত পোৱা গুণাগুণবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। এনে সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি বেলপাতৰ ৰস মৌৰ সৈতে মিহলি কৰি খাব পাৰে।
ডায়েবেটিচ ৰোগীৰ বাবে আশীৰ্বাদ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7047d6bb-f0d3-41ac-a7fa-2fdf7a4f6634/diabetic.jpg)
বেলপাতৰ পৰা প্ৰস্তুত কৰা ৰস ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই আপোনাৰ শৰীৰত ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে। ডায়েবেটিছ ৰোগীসকলে এক গিলাচ পানীত এক চামুচ বেলপাতৰ ৰস মিহলি কৰি খাব লাগে।
হজমত সহায়ক
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/504f5e11-e9c9-474b-9ee3-284135b5cb8d/hojom.jpg)
বেলপাতৰ ৰস খালে পাচন তন্ত্ৰই ভালদৰে কাম কৰে। ই অন্ত্ৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে। বেলপাতৰ ৰসত নিমখ আৰু জালুক মিহলি কৰি খালে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে।
দূৰ কৰে খজুৱতি-সংক্ৰমণ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/65b280fa-2220-45d7-b0cb-1b7bd0bf47b0/khujli.jpg)
বেলপাতৰ পৰা প্ৰস্তুত কৰা ৰস সেৱন কৰিলে বহু প্ৰকাৰৰ সংক্ৰমণৰ পৰাও বাচি থাকিব পাৰি। বেলপাতত এণ্টি-ফাংগাল, এণ্টিমাইক্ৰোবাইল, এণ্টিভাইৰেল গুণ থাকে, যি সংক্ৰমণ নিৰাময় কৰাত সহায় কৰে। খজুৱতি, ছালৰ দাগ, পিত্তৰ সমস্যা আঁতৰাবলৈ আপুনি বেলপাতৰ ৰসৰ সৈতে জিৰা গুটি মিহলি কৰি খাব। অতি সোনকালেই এই সমস্যাৰ পৰা যথেষ্ট সকাহ পাব।
বি:দ্ৰ:- বেলপাতৰ ৰস যে বহুতো শাৰীৰিক সমস্যাত উপকাৰী, সেয়া সঁচা। কিন্তু যদি আপুনি এই ৰস প্ৰথমবাৰৰ বাবে সেৱন কৰিবলৈ ওলাইছে, তেন্তে ইয়াৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।
Also Read: বহু ভয়াৱহ ৰোগ ভাল কৰিব পাৰে বোকায়ে