শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি

প্ৰতিদিন ইভেণ্টছ, ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগ আৰু টয়টাৰ সহযোগে দিলে উদ্যোগী মহিলাক দিলে ব্যতিক্ৰমী মঞ্চ
শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি

ডিজিটেল ডেস্কঃ শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা 'নন্দিনী' মেলাৰ আজি সফল সমাপ্তি ঘটে। প্ৰতিদিন ইভেণ্টছ, ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত আৰু টয়টাৰ সহযোগত অনুষ্ঠিত হোৱা এই 'নন্দিনী' মেলাৰ অন্তিম দিনটোত পুৱা ১০ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও টেৰাকোটা শিল্প, হেণ্ডপেইণ্টেড পেন ষ্টেণ্ড, মেজিক আৰ্ট আৰু উল, মৰাপাট আদিৰে নিৰ্মিত সামগ্ৰী নিৰ্মাণৰ কৰ্মশালা অনুষ্ঠিত হয়।

তলৰ লিংকত ক্লিক কৰি পঢ়ক নন্দিনীৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বাতৰি

শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
নন্দিনী মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান...

ইয়াৰোপৰি সন্ধিয়া অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃিত অনুষ্ঠান। এই অনুষ্ঠানৰ আৰম্ভণিতে 'দাক্ষায়িনী সাংস্কৃতিক গোষ্ঠী'য়ে হুঁচৰি আৰু বিহু প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে মুম্বাইত প্ৰতিষ্ঠিত জনপ্ৰিয় সংগীত শিল্পী নিলোৎপল বৰা, মণ্টুমণি আদিয়ে সংগীত পৰিৱেশন কৰে।

উল্লেখ্য যে, ৫ এপ্ৰিলৰ পৰা ৩ দিনিয়াকৈ অনুষ্ঠিত হোৱা 'নন্দিনী' মেলাত কাৰ্যসূচীৰ আৰম্ভণিৰে পৰা সামৰণি দিনটোলৈকে বিভিন্ন অনুষ্ঠানেৰে মুখৰিত হৈ পৰে। বিশেষকৈ মহিলা উদ্যোগীসকলে নিজ হাতেৰে প্ৰস্তুত কৰা অলংকাৰ, গৃহ সজ্জা সামগ্ৰী, সাজপাৰ, খাদ্য সামগ্ৰীকে বিভিন্ন সামগ্ৰীয়ে 'নন্দিনী' মেলালৈ আগমণ ঘটা প্ৰতিজন লোককে আকৰ্ষিত কৰে।

'নন্দিনী'ত ব্যতিক্ৰমী অসমীয়া মহিলা উদ্যোগীৰ বাতৰি পঢ়ক তলৰ লিংকত ক্লিক কৰি

শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...

মূলতঃ মহিলা উদ্যোগীসকলক এখন মঞ্চ দিয়াৰ বাবেই অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধ শতাধিক মহিলা উদ্যোগীৰ বিপণীয়ে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি চুবুৰীয়া নাগালেণ্ড, জম্মু কাশ্মীৰৰো বিপণীয়ে অংশগ্ৰহণ কৰে।

মাজুলীৰ মুখা শিল্পী খগেন গোস্বামীয়ে এই 'নন্দিনী' মেলাৰ তিনিওটা দিনতে মুখা শিল্পৰ এক কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে। এই কৰ্মশালাত গুৱাহাটীৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ কেইবাজনো লোকে অংশগ্ৰহণ কৰে। এইলোকসকলৰ ভিতৰত আছিল মহিলা আৰু কিশোৰীও।

মাজুলীৰ মুখা শিল্পৰ সন্দৰ্ভত আমাৰ প্ৰতিবেদন পঢ়ক তলৰ লিংকত

শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
মুখা শিল্পৰ চৰ্চাৰেও খাব পাৰি ভাত...

মেলাৰ দ্বিতীয় দিনটোত বিশিষ্ট লেখিকা মাইনী মহন্তই আঁতধৰা এক আলোচনা চক্ৰও অনুষ্ঠিত হয়। এই অনুষ্ঠানত সাহিত্য একাডেমী বঁটা বিজয়ী ঔপন্যাসিকা তথা 'সাদিন'ৰ সম্পাদন অনুৰাধা শৰ্মা পূজাৰীৰ উপৰিও ৰাজ্যৰ বিশিষ্ট উদ্যোগী মহিলা ড০ সুপৰ্ণা বৰুৱা, ভানু শৰ্মা আৰু অঞ্জলি বৰাই অংশগ্ৰহণ কৰে। দ্বিতীয় দিনটোৰ এই অনুষ্ঠানৰ পাছতে বি আৰ পি এলৰ উদ্যোগত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত এক সজাগতা সভা তথা নতুন উদ্যোগীসকলৰ বাবে সহায়ক হোৱাকৈ এক অনুষ্ঠান অনুষ্ঠিত হয়।

মহিলা উদ্যোগীৰ সন্দৰ্ভত 'নন্দিনী'ত হোৱা মননশীল আলোচনাৰ সবিশেষ খবৰ পঢ়ক তলৰ লিংকত

শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
''উদ্যোগ আৰম্ভ কৰিবলৈ ধন নালাগে, লাগে জ্ঞান, চিন্তা আৰু দক্ষতা'': 'নন্দিনী'ত উদ্যোগী মহিলাৰ মননশীল আলোচনা

'নন্দিনী'ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল ইয়াত অংশগ্ৰহণ কৰা বহু উদ্যোগী মহিলাই নিজা চিন্তা, দক্ষতা আৰু উদ্যমৰে নিজাকৈ ক্ষুদ্ৰ উদ্যোগ গঠনেৰে স্বাৱলম্বী হ'বলৈ এই 'নন্দিনী' মেলাতেই দিলে প্ৰথমটো খোজ। এই প্ৰথমটো খোজতে তেওঁ লোকে লাভ কৰিলে গ্ৰাহকৰ যোগাত্মক সহযোগিতা আৰু তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এখন বজাৰৰ লগতে প্ৰচাৰৰ এক মঞ্চও।

'নন্দিনী'ত ব্যতিক্ৰমী চিন্তাৰে জম্মু কাশ্মীৰ আৰু অসমৰ মাজত সমন্বয়ৰ সাঁকো গঢ়া মহিলা উদ্যোগীৰ সবিশেষ পঢ়ক তলৰ লিংকত

শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি
কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in