কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে

উচ্চ শিক্ষিত অদিতি চোপ্ৰা পুৰীৰ ব্যতিক্ৰমী চিন্তা
কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে
কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে

ডিজিটেল ডেস্কঃ মৰ্ত্যৰ ভূ-স্বৰ্গ জম্মু কাশ্মীৰ। কাশ্মীৰৰ সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে। কাশ্মীৰৰ দৰে বৰফাবৃত্ত পাহাৰ নাথাকিলেও অসমৰ সৌন্দৰ্যৰো কোনো তুলনা নাই।

বুঢ়া লুইতৰ দুয়োপাৰ, বৰাক উপত্যকা, কাৰ্বি মালভূমি, বৰাইল আৰু দক্ষিণৰ পৰ্বতাৰাশিৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য, উপাদানে দেশ, বিদেশৰ পৰ্যটকক আকৰ্ষিত কৰে। ভাৰতৰ ইমূৰে, সিমূৰে থকা অসম আৰু কাশ্মীৰৰ এনে সৌন্দৰ্যৰ সামঞ্জস্যৰ দৰেই দুয়োখন ৰাজ্যৰে আছে আন কেতবোৰ সাদৃশ্য।

দুয়োখনেই দেশৰ সীমামূৰীয়া ৰাজ্য। কাশ্মীৰৰ গাতে লাগি আছে পাকিস্তান। অসমৰ গাতে লাগি আছে বাংলাদেশ। দুয়োখন ৰাজ্যতে আছে সন্ত্ৰাসবাদৰ সমস্যা। দুয়োখন ৰাজ্যতে আইন শৃংখলাক লৈ সঘনে সৃষ্টি হয় অশান্ত পৰিস্থিতিৰ। অৱশ্যে অসমৰ সন্ত্ৰাসবাদৰ সমস্যা পূৰ্বতকৈ বহু উন্নত হৈছে।

এনে পৰিস্থিতিৰ মাজতো অৱশ্যে দুয়ো ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনে যথেষ্ট উন্নয়ন সাধন কৰিছে। অৱশ্যে কাশ্মীৰৰ পৰ্যটন উদ্যোগটো অসমতকৈ বহুখিনি আগবাঢ়ি গৈছে।

শেহতীয়াকৈ অসম আৰু কাশ্মীৰৰ মাজত এক আন্তৰিক সমন্ধ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে এগৰাকী মহিলাই। অসমৰ বিখ্যাত চাহ আৰু কাশ্মীৰৰ বিখ্যাত আপেলৰ সমন্বয়ৰে গঢ়ি তুলিছে 'টী এণ্ড এপল কালেক্টিভ'।এইগৰাকী উদ্যোগী মহিলাৰ এই ব্যতিক্ৰমী চিন্তাই লাভ কৰিছে চৰ্চা।

সংস্কৃতি এটা জাতিৰ দাপোন। সাজপাৰ এই সংস্কৃতিৰ এটা অংশ। কাশ্মীৰৰ সাজপাৰৰ এক বিশেষত্ব আছে। সেইদৰে অসমৰো সাজপাৰৰ আছে নিজা বৈশিষ্ট। কাশ্মীৰৰ সাজপাৰৰ প্ৰতি সাধাৰণতে মানুহৰ আকৰ্ষণ যথেষ্ট। অসমৰ সাজপাৰৰো নতুন নতুন সম্পৰীক্ষা চলিছে।

খানাপাৰাত অনুষ্ঠিত হৈ থকা নন্দিনী মেলাত অংশগ্ৰহণ কৰিছে অদিতি চোপ্ৰা পুৰী নামৰ উচ্চ শিক্ষিত উদ্যোগী মহিলাগৰাকীয়ে। তেওঁ 'টী এণ্ড এপল কালেক্টিভ' নামৰ এক বিপণীৰে এই 'নন্দিনী' মেলাত অংশগ্ৰহণ কৰিছে।  

গুৱাহাটীত ডাঙৰ দীঘল হোৱা অদিতি চোপ্ৰা পুৰী নামৰ উচ্চ শিক্ষিত মহিলাগৰাকীয়ে কাশ্মীৰৰ এগৰাকী বন্ধুৰ সহযোগত এই প্ৰতিষ্ঠান গঢ়ি তুলিছে। তেওঁলোকে দুয়োখন ৰাজ্যৰ সাজপাৰৰ মাজত চলাইছে নতুন নতুন সম্পৰীক্ষা।

তেওঁলোকে কাশ্মীৰৰ থলুৱা সাজপাৰত বুলাইছে অসমৰ সাজপাৰৰ ৰহন। সেইদৰে অসমৰ সাজপাৰত দিছে কাশ্মীৰী সাজপাৰৰ ৰহন। তেওঁলোকৰ এই সম্পৰীক্ষাই এতিয়া নতুন প্ৰজন্মৰ মাজত যথেষ্ট সহাৰি লাভ কৰিছে।

অদিতি চোপ্ৰা পুৰীয়ে আমাৰ আগত উল্লেখ কৰা অনুসৰি- তেওঁলোকৰ এই প্ৰতিষ্ঠানে জন্মলাভ কৰা বৰ বেছি দিন হোৱা নাই। এতিয়াও শিশু অৱস্থাতে আছে। এনে চালুকীয়া অৱস্থাতে তেওঁলোকৰ এই সাজপাৰৰ সম্পৰীক্ষাই যথেষ্ট সমাদৰ লাভ কৰিছে। মানুহে আদৰি লৈছে।

বৰ্তমান ইনষ্টাগ্ৰামৰ জৰিয়তে মাৰ্কেটিং কৰি আহিছে এই টী এণ্ড এপল কালেক্টিভে। কেৱল মহিলাৰ সাজপাৰ তৈয়াৰ কৰা এই প্ৰতিষ্ঠানটোৱে অৱশ্যে আগন্তুক সময়ত পুৰুষৰ বাবেও একেই সম্পৰীক্ষাৰে সাজপাৰ তৈয়াৰ কৰিব বুলি আমাক জনাইছে।

স্বাভাৱিকতে এই কাশ্মীৰ আৰু অসমৰ সাজাপাৰৰ নতুন সম্পৰীক্ষাই বহুতকে আকৰ্ষণ কৰিছে। অৱশ্যে এই সম্পৰীক্ষাই কিমান সফলতা লাভ কৰে বা কিমান জনপ্ৰিয় হৈ উঠে সেয়া সময়ে ক'ব। কিন্তু 'নন্দিনী' মেলাত এই প্ৰতিষ্ঠানে গ্ৰাহকৰ পৰা ভাল সহাৰি লাভ কৰিছে।

কাশ্মীৰ আৰু অসমৰ মাজত সাঁকো গঢ়িছে টী এণ্ড এপল কালেক্টিভে
শিশুৰ কাকলিৰে মুখৰিত নন্দিনী মেলাঃ মেজিক আৰ্টৰ প্ৰশিক্ষণলৈ যথেষ্ট আগ্ৰহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in