নন্দিনী মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান...

তিনিটা গ্ৰুপত শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ
নন্দিনী মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান...
নন্দিনী মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান...

ডিজিটেল ডেস্কঃ নন্দিনী মেলাত আজি অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বিয়লি ৫ঃ৩০ বজাত আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হয়। ষ্টয়িক ষ্টুডিঅ'ৰ পৰিচালন সঞ্চালিকা নাজমা পাৰভেজে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে।

উল্লেখ্য যে, পুৱা ১০ বজাত অনুষ্ঠিত হোৱা এই চিত্ৰাংকন প্ৰতিযোগিতাত শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ গ্ৰুপ এ, চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ গ্ৰুপ বি আৰু সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গ্ৰুপ ডিৰ শাখাত এই শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

ইয়াৰে গ্ৰুপ 'এ'ত প্ৰথমস্থান লাভ কৰে দৰ্শিল গোস্বামীয়ে। সেইদৰে আৰাধ্যা শৰ্মাই দ্বিতীয় আৰু সঞ্জিদা মাৰিয়া তৃতীয় স্থান লাভ কৰে।

গ্ৰুপ 'বি'ত প্ৰথমস্থান লাভ কৰে দিব্যপ্ৰতিম ভাগৱতীয়ে। সেইদৰে দ্বিতীয় স্থান লাভ কৰে মীৰা বাগৰি আৰু তৃতীয় স্থান লাভ কৰে আনিছা মিজবা ৰেহমানে।

গ্ৰুপ 'চি'ত প্ৰথমস্থান লাভ কৰে আয়ান আনিজ হুছেইনে। দ্বিতীয় আৰু তৃতীয়স্থান লাভ কৰে ক্ৰমে উদিপ্ত পাঠক আৰু নিষ্ঠা প্ৰিয়ম শৰ্মাই। উল্লেখ্য, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

নন্দিনী মেলাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীক বঁটা প্ৰদান...
শিশুৰ কাকলিৰে মুখৰিত নন্দিনী মেলাঃ মেজিক আৰ্টৰ প্ৰশিক্ষণলৈ যথেষ্ট আগ্ৰহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in