' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...

' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...
' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...

ডিজিটেল ডেস্কঃ অসমীয়াই ব্যৱসায় নকৰে অথবা কাম কৰিবলৈ লাজ কৰে বুলি যি এক ধাৰণা আছে সেই ধাৰণা বৰ বেছি দিনলৈ হয়তো নাথাকিব। আজিৰ আধুনিক ব্যৱস্থাত বহু অসমীয়া যুৱক, যুৱতীয়ে নিজাকৈ কিবা এটা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ উদাহৰণ দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

বিশেষকৈ অনলাই ছপিং ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰে বহু যুৱক, যুৱতীক নতুন নতুন চিন্তাৰে নিজাকৈ কিবা এটা কৰাৰ বাবে আগ্ৰহী কৰি তুলিছে। তাৰেই উদাহৰণ গুৱাহাটীৰ দিয়া ব্ৰহ্ম।

খানাপাৰাত অনুষ্ঠিত হৈ থকা 'নন্দিনী' মেলাত অংশগ্ৰহণ কৰা অৰ্ধ শতাধিক বিপণীৰ ভিতৰত এখন উল্লেখযোগ্য বিপণী হৈছে 'পশ্বফিট'। এই বিপণীখনৰ গৰাকীক লগ পোৱাৰ আগলৈকে আমাৰ মনত বাঁহ লৈ থকা এক ধাৰণা আছিল অসমীয়া মানুহে লেডাৰ বা চামৰাৰ কাম নকৰে।

কিন্তু আমাৰ এই ধাৰণাক সম্পূৰ্ণ ভুল প্ৰমাণ কৰিলে দিয়া ব্ৰহ্ম নামৰ পাঞ্জাবাৰীৰ যুৱতীগৰাকীয়ে। উদ্যোগী এই যুৱতীগৰাকীয়ে 'পশ্বফিট' নামৰ বিপণীখনেৰে 'নন্দিনী'ত অংশগ্ৰহণ কৰিছে।

তেওঁৰ বিপণীখনে বহুতকে আকৰ্ষিতও কৰিছে। বিপণীখনত আছে চামৰাৰ বিভিন্ন প্ৰকাৰৰ জোতা, চেণ্ডেল, অলংকাৰ আৰু অন্যান্য কিছু সামগ্ৰী। কিন্তু সকলোৰে বাবে আকৰ্ষণ হৈ পৰিছে তেওঁলোকৰ চামৰাৰ জোতা আৰু চেণ্ডেলহে।

অতি উচ্চমানৰ এই জোতা, চেণ্ডেলসমূহ তেওঁ নিজাকৈ স্বগৃহতে প্ৰস্তুত কৰিছে। অৱশ্যে ইয়াৰ বাবে প্ৰয়োজনীয় কেঁচা মাল পঞ্জাৱ আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা আমদানি কৰে।

ইয়াৰ পিছতে এইসমূহক জোতা, চেণ্ডেলৰ ৰূপ দিবলৈ তেওঁলোকে মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা কাৰখানাও নিৰ্মাণ কৰিছে। কিন্তু তেওঁলোকে এইসমূহ বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি সকলোবোৰ দিশৰ তদাৰক কৰে পাঞ্জাবাৰীস্থিত নিজৰ বাসগৃহৰ পৰাই।

এতিয়ালৈকে তেওঁলোকে কোনো শ্ব’ৰুম অথবা কাৰ্যালয় নিৰ্মাণ কৰা নাই। অনলাইন মাধ্যমেৰে নিজৰ ক্ষুদ্ৰ ব্যৱসায়ক আগুৱাই নিয়া দিয়া ব্ৰহ্মই অৱশ্যে পাঞ্জাবাৰীৰ নিজা বাসগৃহৰ পৰাও এইসমূহ অফলাইন মাধ্যমেৰে বিক্ৰী কৰে।

ইনষ্টাগ্ৰাম বা আন সামাজিক মাধ্যমত তেওঁলোকৰ দ্বাৰা নিৰ্মিত জোতা, চেণ্ডেল পচণ্ড কৰি কোনো লোকে যদি অফলাইন মাধ্যমেৰে ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁলোকৰ বাসগৃহলৈ আহি সেইসমূহ ক্ৰয় কৰিব পাৰে। বৰ্তমান কেৱল পুৰুষৰ চামৰাৰ জোতা, চেণ্ডেল নিৰ্মাণতে অধিক গুৰুত্ব প্ৰদান কৰা দিয়া ব্ৰহ্মৰ পশ্বফিটে সোনকালেই মহিলাৰ বাবেও চামৰাৰ জোতা, চেণ্ডেল তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিব বুলি জনাইছে।

তেওঁলোকৰ দ্বাৰা তৈয়াৰ কৰা চামৰাৰ জোতা, চেণ্ডেলৰ মূল বিশেষত্ব হ'ল মানদণ্ড। অতি নিখুঁট আৰু উন্নত মানদণ্ডৰ এই জোতা, চেণ্ডেল ক্ৰয় কৰা গ্ৰাহকৰ 'ফিডবেক' মন কৰিবলগীয়া।

'নন্দিনী'ৰ আৰম্ভণিৰ দিনটোৰ আগবেলাতে তেওঁলোকৰ পৰা ভয়ে ভয়ে জোতা ক্ৰয় কৰা এজন ব্যক্তিয়ে পাছবেলা আহি তেওঁলোকৰ জোতাৰ উচ্চ প্ৰশংসা কৰাৰ দৰে আমোদজনক ঘটনাও সংঘটিত হৈছে। দিয়া ব্ৰহ্মৰ দৰে উদ্যোগী মহিলাই এইদৰে সাহসেৰে চামৰাৰ জোতা, চেণ্ডেলৰ ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা বিষয়টো নিশ্চয়কৈ প্ৰশংসনীয়।

অতি চালুকীয়া অৱস্থাত থকা 'পশ্বফিট'ৰ মানদণ্ড যদিহে উন্নত হৈয়ে থাকে, গ্ৰাহকৰ বিশ্বাস, আস্থা আদায় কৰিব পাৰে তেন্তে 'পশ্বফিট' হয়তো বহুতৰ বাবে আগন্তুক সময়ত হৈ পৰিব এক চিনাকী ব্ৰেণ্ড। অৱশ্যে ইয়াৰ বাবে তেওঁলোকৰ উদ্যোগটোক আৰু অধিক ডাঙৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়াৰ দৰেই গ্ৰাহকৰ আস্থা লাভ কৰি থাকিব পাৰিলেও শীঘ্ৰেই তেওঁলোকৰ উদ্যোগ ডাঙৰ হ'ব বুলি আশাবাদী উদ্যোগী মহিলাগৰাকী।

'নন্দিনী' দিয়া ব্ৰহ্মৰ দৰেই উদ্যোগী মহিলাসকলৰ বাবে এক মুকলি মঞ্চ। এই মঞ্চই তেওঁলোকক এখন বজাৰ দিয়াৰ লগতে নিজৰ দ্বাৰা উৎপাদিত সামগ্ৰী প্ৰচাৰ, প্ৰসাৰৰ এক সুন্দৰ ব্যৱস্থা কৰি দিছে। এই উদ্যোগী মহিলাসকলক উৎসাহিত কৰাটোৱেই নন্দিনীৰ উদ্দেশ্য।

আগন্তুক সময়ত 'পশ্বফিট' হৈ পৰিক অধিক জনপ্ৰিয়। 'পশ্বফিট'ৰ গৰাকী দিয়া ব্ৰহ্ম নতুন প্ৰজন্মৰ বাবে নিশ্চয়কৈ হৈ পৰিব আদৰ্শ। 'নন্দিনী' মেলাত 'পশ্বফিট' এক উদাহৰণহে। 'পশ্বফিট'ৰ স্বত্বাধিকাৰী দিয়া ব্ৰহ্মৰ দৰেই আৰু বহু মহিলা উদ্যোগীৰ দ্বাৰা নিৰ্মিত বিভিন্ন সামগ্ৰীৰ সমাহাৰ ঘটিছে 'নন্দিনী' মেলাত।

' নন্দিনী'ত চৰ্চাৰ বিষয় 'পশ্বফিট': দিয়াৰ চামৰাৰ জোতা, চেণ্ডেলে মন জয় কৰিছে গ্ৰাহকৰ...
IOCL বঙাইগাঁৱৰ উদ্যোগত নন্দিনীত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in