/asomiyapratidin/media/media_files/2025/03/14/EUxowMndodYUJ4m8x34p.png)
ডিজিটেল ডেস্ক: বৰ্তমান সময়ৰ অতিকৈ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ন এতিয়া প্ৰেমত মছগুল। বিগত কেইমাহমানৰ পৰা কাৰ্তিক জনপ্ৰিয় অভিনেত্ৰী শ্ৰীলীলাৰ সৈতে সম্পৰ্কত আছে। এই সম্পৰ্কৰ বিষয়ে দুয়োজনে আনুষ্ঠানিকভাৱে একো স্পষ্ট কৰা নাই যদিও লুকাই থকা নাই তেওঁলোকৰ সম্পৰ্ক।
কিন্তু শেহতীয়াকৈ শ্ৰীলীলাৰ সন্দৰ্ভত এটা বিশেষ খবৰ পোহৰলৈ অহাত আচৰিত হৈছে অনুৰাগী। হয়, দুটা সন্তানৰ মাতৃ হেনো কাৰ্তিক আৰ্য়নৰ প্ৰেয়সী। এই খবৰ এতিয়া চৈদিশে চৰ্চাৰ বিষয় হৈ পৰিছে।
প্ৰকৃত সত্য কি ?
শ্ৰীলীলা এগৰাকী জনপ্ৰিয় অভিনেত্ৰীই নহয়, তেওঁ এগৰাকী সমাজকৰ্মীও। তদুপৰি, তেওঁ চিকিৎসা বিজ্ঞানতো অধ্যয়ন কৰিছে। শেহতীয়াকৈ instantbollywood য়ে নিজৰ ইনষ্টাগ্ৰামত এটা প'ষ্ট শ্বেয়াৰ কৰিছে। এই প'ষ্টটো শ্বেয়াৰ কৰাৰ সময়ত Times Of Indiaৰ উদ্ধৃতিৰে কোৱা হৈছে যে শ্ৰীলীলা দুটা সন্তানৰ মাতৃ।
Times Of Indiaৰ উদ্ধৃতিৰে এই প'ষ্টটো শ্বেয়াৰ কৰাৰ সময়ত লেখা হৈছে যে, ২০২২ চনত শ্ৰীলীলাই অনাথ আশ্ৰমলৈ গৈ গুৰু আৰু শোভিতা নামৰ দুটা বিশেষভাৱে সক্ষম শিশুক নিজৰ লগত ৰাখি তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব লোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ ছবি ‘বাই টু লাভ’ মুক্তিৰ পূৰ্বেই তেওঁ এই সিদ্ধান্ত লৈছিল। অভিনেত্ৰীগৰাকীয়ে শিশুসকলৰ সৈতে সংযোগ অনুভৱ কৰি তেওঁলোকক উন্নত জীৱন দিয়াৰ সিদ্ধান্ত লয়।
Also Read: সকলোকে নতুন প্ৰেমিকাক চিনাকি কৰাই দিলে ৬০ বছৰীয়া আমিৰ খানে