হলীউডত ছলমান খান, কিন্তু অসন্তুষ্ট অনুৰাগী

হলীউডত ‘ভাইজান’। হয়, প্ৰায় ৪০ বছৰ বলীউডত দপ-দপাই থকাৰ পাছত এতিয়া হলীউডৰ ছবিতো দৰ্শকে দেখিবলৈ পাব ছুপাৰষ্টাৰ ছলমান খানৰ অভিনয়ৰ যাদু। কিন্তু হলীউডৰ এই ছবিখনত ছলমানৰ চৰিত্ৰটো হেনো একেবাৰেই সৰু।

author-image
Asomiya Pratidin
New Update
222

ডিজিটেল ডেস্ক: হলীউডত ‘ভাইজান’। হয়, প্ৰায় ৪০ বছৰ বলীউডত দপ-দপাই থকাৰ পাছত এতিয়া হলীউডৰ ছবিতো দৰ্শকে দেখিবলৈ পাব ছুপাৰষ্টাৰ ছলমান খানৰ অভিনয়ৰ যাদু। কিন্তু হলীউডৰ এই ছবিখনত ছলমানৰ চৰিত্ৰটো হেনো একেবাৰেই সৰু। ছবিখনত ছলমানে এজন গাড়ীচালকৰ চৰিত্ৰতহে অভিনয় কৰিছে। তাকো খুব কম সময়ৰ বাবে। 

Advertisment

প্ৰকৃততে, শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত এই ছবিখনৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। য'ত ছলমানক গাড়ীচালকৰ ৰূপত দেখা গৈছে। ইয়াৰ পাছতেই ছবিখনত ছলমানৰ চৰিত্ৰটোক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপিত হৈছে। অগনন অনুৰাগীয়ে গাড়ীচালকৰ চৰিত্ৰত ছলমানে অভিনয় কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে।

চৌদি আৰৱত ১৭ ফেব্ৰুৱাৰীৰ পৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে। একশ্যনধৰ্মী এই ছবিখনত ছলমানৰ লগতে সঞ্জয় দত্তইও অভিনয় কৰিছে। ছলমান খান আৰু সঞ্জয় দত্তই ইতিমধ্যে 'চাজন' (১৯৯১), 'চল মেৰে ভাই' (২০০০) আৰু 'য়ে হে জলৱা' (২০০২)ৰ দৰে ব্লকবাষ্টাৰ ছবি বলীউডক উপাহাৰ দিছে। উল্লেখ্য যে, দৰ্শকে অতি শীঘ্ৰেই বহুচৰ্চিত ছবি 'ছিকন্দৰ'ত ছলমানক দেখিবলৈ পাব। এ আৰ মুৰুগাডছৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনত ৰশ্মিকা মান্দন্না, প্ৰতীক বব্বৰ, সত্যৰাজ আৰু শৰমন যোশীয়েও অভিনয় কৰিছে।

Also Read: আকৰ্ষণেই যাৰ সুকীয়া, তেওঁয়েই 'এভাৰগ্ৰীণ' ৰেখা !