মাৰাঠী অভিনেত্ৰীৰে সম্পৰ্ক গোবিন্দাৰ, পত্নীয়ে ললে বিচ্ছেদৰ সিদ্ধান্ত

বলীউডৰ তাৰকাৰ বিবাহ, প্ৰেম বিচ্ছেদৰ খবৰে সময়ে সময়ে দেশজুৰি তোলপাৰ লগায়। শেহতীয়াকৈও বলীউডৰ পৰা অহা এনে এক খবৰ এতিয়া চৰ্চাৰ শীৰ্ষত। হয়, বিবাহ বিচ্ছেদ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ।

author-image
Asomiya Pratidin
New Update
২২

ডিজিটেল ডেস্ক: বলীউডৰ তাৰকাৰ বিবাহ, প্ৰেম বিচ্ছেদৰ খবৰে সময়ে সময়ে দেশজুৰি তোলপাৰ লগায়। শেহতীয়াকৈও বলীউডৰ পৰা অহা এনে এক খবৰ এতিয়া চৰ্চাৰ শীৰ্ষত। হয়, বিবাহ বিচ্ছেদ হ'ল বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দাৰ। বিবাহৰ ৩৭ বছৰৰ পিছত পত্নী সুনীতা আহুজাৰ সৈতে বিচ্ছেদ ঘটিল গোবিন্দাৰ।

Advertisment

প্ৰকৃততে, এগৰাকী মাৰাঠী অভিনেত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছে গোবিন্দাই। যাৰ বাবে পত্নী সুনীতাই তেওঁৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়া এক সাক্ষাৎকাৰত সুনীতা আহুজাই প্ৰকাশ কৰে, 'মোৰ পৰৱৰ্তী জীৱনত তেওঁ মোৰ স্বামী হ'ব নালাগে। আমি দুয়ো দুখন বেলেগ ঘৰত থাকো।' সুনীতা আৰু গোবিন্দাই  তেওঁলোকৰ এই খবৰ আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও এই ভাষ্যই তেওঁলোক পৃথক হোৱাৰ ইংগিত দিছে। 

উল্লেখ্য যে, গোবিন্দা আৰু সুনীতা আহুজাৰ ১৯৮৭ চনৰ মাৰ্চ মাহত বিবাহ পাশত আৱদ্ধ হৈছিল। অৱশ্যে, দম্পতীহালে ১৯৮৮ চনত কন্যা টিনা জন্ম  হোৱাৰ পিছত তেওঁলোকৰ বিবাহৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। ১৯৯৭ চনত তেওঁলোকৰ এজন পুত্ৰ সন্তান জন্ম হয়। তেওঁৰ নাম যশবৰ্ধন।

Also Read: ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ বাবেই ৰাখীয়ে কৰিব তৃতীয় বিবাহ