অনুৰাগীক বহু কথা স্পষ্ট কৰিলে কৰণ জোহৰে

'কভী খুছি কভী গম', বলীউডৰ এখন অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি। ২০০১ চনত মুক্তি পোৱা এই ছবিখন আজিও দৰ্শকৰ মাজত সিমানেই প্ৰিয়। এই বছৰ ছবিখনে ২৪ বছৰ সম্পূৰ্ণ কৰিব। কাহিনী, গীত, প্ৰেম, সম্পৰ্কত সংঘাতকে ধৰি সকলো দিশেই খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছিল।

author-image
সংগীতা দাস
New Update
day

ডিজিটেল ডেস্ক: 'কভী খুছি কভী গম', বলীউডৰ এখন অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি। ২০০১ চনত মুক্তি পোৱা এই ছবিখন আজিও দৰ্শকৰ মাজত সিমানেই প্ৰিয়। এই বছৰ ছবিখনে ২৪ বছৰ সম্পূৰ্ণ কৰিব। কাহিনী, গীত, প্ৰেম, সম্পৰ্কত সংঘাতকে ধৰি সকলো দিশেই খুব সুন্দৰকৈ উপস্থাপন কৰা হৈছিল। যছ জোহৰে প্ৰযোজনা আৰু যশ জোহৰে পৰিচালনা কৰা এই ছবিখনৰ চৰিত্ৰ কেইটাই সীমাহীন  জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।

Advertisment

প্ৰতিজন ছবিপ্ৰেমীৰ মনত বিশেষ সাচ বহুওৱা এই ছবিখনত শ্বাহৰুখ খানে ৰাহুল ৰাইচন্দ, অমিতাভ বচ্চনে যশবৰ্ধন, কাজলে অঞ্জলী আৰু কৰীনা কাপুৰে পূজা অৰ্থাৎ ‘পূ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। এই আটাইকেইজনে কৰা দুৰ্দান্ত অভিনয়ৰ প্ৰশংসা আজিও সকলোয়ে কৰে।

কেতিয়া নিৰ্মাণ হ'ব ছিকুৱেল ?

শেহতীয়াকৈ কৰণ জোহৰে ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে কথা পাতিছিল। ইয়াতে এজন অনুৰাগীয়ে তেওঁক 'কভী খুছী কভী গম' ছবিখনৰ ছিকুৱেল কেতিয়া নিৰ্মাণ কৰা হ'ব বুলি প্ৰশ্ন কৰিছিল। তেতিয়া ছবিখনৰ পৰিচালকগৰাকীয়ে কেতিয়াও এই ছবিখনৰ ছিকুৱেল নিৰ্মাণ নহয় বুলি স্পষ্ট কৰি দিয়ে।  

ছিকুৱেলৰ বিৰোধীতা কৰে কৰীনা কাপুৰে

কৰীনা কাপুৰে এক সাক্ষাৎকাৰত কৈছিল যে 'পু এটা আইকনিক চৰিত্ৰ। এনে কিছুমান চৰিত্ৰক যিদৰে আছে তেনেদৰেই এৰি দিয়া উচিত। ইয়াক পুনৰাবৃত্তি কৰাটো সঠিক নহয় আৰু আন কোনোৱেও এই চৰিত্ৰত অভিনয় কৰিব নোৱাৰে।'

Also Read:  জীৱন সংগী বিচাৰি আছে যদি এই বিষয়ে জানি লওঁক