২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ ছবি ‘তাৰা আৰু আকাশ’

বহু জল্পনা কল্পনাৰ অৱসান ঘটাই আৰু কেইটামান ঘন্টাৰ পিছতেই মুম্বাইত অনুষ্ঠিত হোৱা 'ৱেভছ-২০২৫' ত প্ৰদৰ্শিত হ’ব অসম কন্যা অলংকৃতা বৰাৰ অভিনিত “ তাৰা আৰু আকাশ” নামৰ ছবিখন৷

author-image
Tushar Pratim
New Update
২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

ডিজিটেল সংবাদ, শিৱসাগৰঃ বহু জল্পনা কল্পনাৰ অৱসান ঘটাই আৰু কেইটামান ঘন্টাৰ পিছতেই মুম্বাইত প্ৰদৰ্শিত হ’ব অসম কন্যা অলংকৃতা বৰাৰ অভিনিত “ তাৰা আৰু আকাশ” নামৰ ছবিখন৷ উল্লেখ্য যে মুম্বাইৰ নিতা-মুকেশ আম্বানি কালচাৰেল চেন্টাৰ (এন এম এ চি চি)ত আজিৰে পৰা আৰম্ভ হৈছে  ‘ৱেভছ -২০২৫ ‘ ( World Audio Visual and Entertainment Summit-2025) অনুষ্ঠান।

Advertisment

২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

অহা ৪ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত আজি অলংকৃতা বৰাই যোগদান কৰে৷ মূলতঃ ভাৰতীয় চিনেমা, টিভি, মিউজিক আদি ক্ৰিয়েটিভ উদ্যোগক  বিশ্বৰ লগত সংযোজিত আৰু প্ৰসাৰিত-প্ৰচাৰিত কৰাটো ৱেভছৰ অন্য,তম উদেশ্যি।

এই অনুষ্ঠানটোত হলিউদ, বলিউদৰ লগতে বিশ্বৰ আগশাৰীৰ চিনেমা,  টেলিভিচন জগতৰ পৰিচালক আৰু প্ৰযোজনা সন্থাসমূহৰ মূৰব্বীসকলে অংশগ্ৰহণ কৰিব। নেটফ্লিক্স,  মেটা,  ইনষ্টাগ্ৰাম,  ইউটিউব,  এমাজন প্ৰাইম,  জি আদি OTT Platform  সমূহৰ Worldwide  চি ই অ’সকল  গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকিব।

২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

আমেৰিকা,  বৃটেইন,  ৰাচিয়া,  নিউজিলেণ্ড,  জাপান,  কোৰিয়া,  জাৰ্মেনী,  চৌডি আৰব সহিতে বিশ্বৰ বহুদেশৰ চৰকাৰী ফ্লিম কমিচন সকল আহি ৱেভছত জড়িত হৈছেহি। বিশ্বৰ ১০০ ৰো অধিক দেশৰ ১০,০০০ ৰৰো অধিক প্ৰতিনিধিৰ লগতে ১০০০ ক্ৰিয়েটৰছ, ৩ শতাধিক  কোম্পানীৰ অংশগ্ৰহণেৰে ৱেভছ-২০০৫ আজিৰ পৰা মুম্বাইত আৰম্ভ হৈছে।

অতি বৃহৎ আৰু বিশাল অনুষ্ঠানটিৰ বিশ্বজুৰি প্ৰচাৰৰ বাবে বলিউডৰ তাৰকা অমিতাভ বচ্চন, বলিউডৰ কিং খান ৰূপে পৰিছিত  শ্বাহৰুখ খান, অক্ষয় কুমাৰ,  অনুপম খেৰৰ লগতে অসমৰ অলংকৃতা বৰায়ো বক্তব্য্ ৰাখিবলৈ সুযোগ পাইছে। এই অনুষ্ঠান অসমৰ খ্যাতনামা বোলছবি নিৰ্মাতা জাহ্নু বৰুৱাকে ধৰি কেইবাজনো ছবি পৰিচালক আৰু প্ৰযোজকেও অংশগ্ৰহণ কৰিছে৷ অসম কন্যা অলংকৃতা বৰাই ৱেভছৰ কেইবাখনো আলোচনাচক্ৰত ভাগ ল’ব। 

২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

উল্লেখ্য যে অলংকৃতাৰ বক্তব্যব ভাৰত চৰকাৰৰ মিনিষ্টি অৱ ইনফৰমেচন এণ্ড ব্ৰডকাষ্টিং, নেচনেল ফ্লিম ডেভলপমেণ্ট কৰ্পৰেচন, ফ্লিম বাজাৰ( Ministry of Information and Broadcasting , National Film Development Corporation, Film Bazaar) আদিৰ ৱেবছাইটত প্ৰকাশিত হৈ আহিছে।

অলংকৃতা অভিনীত 'তাৰা এণ্ড আকাশ- লাভ বিয়ণ্ড ৰিয়েলম' (Tara and Akash- Love Beyond Realm) নামৰ পূৰ্ণদৈঘ্যৰৰ হিন্দী-ইংৰাজী চিনেমাখন কাইলৈ অৰ্থাৎ ২ মে’ত ৱেভছত ভাৰত চৰকাৰৰ হৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰৰ অন্তৰ্গত নীতা মুকেশ আম্বানি কালচাৰেল চেন্টাৰৰ (NMACC)  “দ্যা কিউব” মঞ্চত প্ৰদৰ্শিত হ’ব।  চিনেমাখনৰ মূল নায়িকা অলংকৃতা বৰাৰ লগত অভিনয় কৰিছে জীতেশ ঠাকুৰ,আমোল পালেকাৰ, দিপ্তী নাভাল, বৈজেন্দ্ৰ কালা আদি বিখ্যািত তাৰকা সকলে।

চিনেমাখন ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC), ছুইজাৰলেণ্ড চৰকাৰ আৰু হুইছ্পাৰ্ছ ফ্ৰ’ম ইটাৰ্নিটি ফিল্মছে (WFE Films) প্ৰযোজনা কৰিছে।

২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

ইতিমধ্যে  অলংকৃতাৰ “তাৰা আৰু আকাশ - লাভ বিয়ণ্ড ৰেলমছ” চিনেমাখন কানাডাৰ টৰণ্ট’ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF)-ত বিশ্ব প্ৰিমিয়াৰ আৰু ভাৰতৰ গোৱাৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া (IFFI)-ত এছিয়ান প্ৰিমিয়াৰ সম্পন্ন কৰিছে।

চলচ্চিত্ৰখন অচিৰেই বিশ্বব্যাপী মুক্তি লাভ কৰিবলৈ সাজু হৈছে। ভাৰত নাট্যম, কথক নৃত্য আৰু বিহু নাচৰ পাৰদৰ্শী শিল্পী অলংকৃতাই পূৰ্বতে দুখন হিন্দী চিনেমাৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। পূৰ্বৰ এখন চুটি ছবি "ডিভাইন ৰোমাঞ্চ" ডিজনী প্লাচ হটষ্টাৰত বহুলভাবে প্ৰদৰ্শিত হৈছিল আৰু লণ্ডন ফিল্ম ফেষ্টিভেলত বিশেষভাৱে প্ৰশংসিত হৈছিল। 

২ মে’ত মুম্বাইত ‘ৱেভছ-২০২৫’:  প্ৰদৰ্শন হ’ব অসম কন্যা অলংকৃতা বৰাৰ  ছবি ‘ তাৰা আৰু আকাশ’ 

অলংকৃতাই পূৰ্বতে টানিস্ক,লে'জ,কিল্হচ,কৰ্নেট' কাৱেৰী, ভিক',এনাম'ৰ কালাৰবাৰ আদি বহুতো দেশী-বিদেশী,নামী-দামী কোম্পানীৰ হৈ বিজ্ঞাপনত অংশ লৈছিল। তাৰা এণ্ড আকাশৰ প্ৰযোজনা কৰা "হুইচপাৰ ফ্ৰম ইটাৰনিটি ফিল্ম" সংস্থাটোৰ অলংকৃতা আধা আংশীদাৰ। বৰ্তমান গুৱাহাটীৰ বাসিন্দা অভিযন্তা গৌতম বৰাৰ তনয়া  অলংকৃতা বৰ্তমান মুম্বাইৰ স্থায়ী বাসিন্দা। 

বলিউড চিনেমা মুম্বাই