মুকলি হ'ল উত্তৰ-পশ্চিম প্ৰান্তৰ ৩২ টা বিমান বন্দৰ...

৩২টা বিমান বন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমানবন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।

author-image
Asomiya Pratidin
New Update
1 airport reopen

ডিজিটেল ডেস্কঃ  উত্তৰ আৰু পশ্চিম প্ৰান্তৰ ৩২টা বিমান বন্দৰ মুকলি কৰাৰ কথা ঘোষণা ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষৰসোমবাৰে পুৱা ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষই এয়াৰমেনলৈ জাৰি কৰা জাননী অনুসৰি, এতিয়া ৩২টা বিমান বন্দৰৰ আটাইকেইটা মুকলি কৰা হৈছে। 

এই বিমান বন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ বুলিও কৰ্তৃপক্ষই উল্লেখ কৰিছে। আম্বালা, অমৃতসৰ, ভূজ, বিকানেৰ, চণ্ডীগড়, হিন্দন, জয়ছলমেৰ, জম্মু, জামনগৰ, যোধপুৰ, লেহ, লুধিয়ানা, মুন্দ্ৰা, পোৰবন্দৰ, ৰাজকোট (হিৰাচৰ), শিমলা আৰু শ্ৰীনগৰ আদি ডাঙৰ চহৰৰ বিমান বন্দৰসমূহ যোৱা ৭ মে’ৰ পৰা বন্ধ হৈ থকাৰ বাবে বিমান সংস্থাসমূহে শ শ বিমান সেৱা বাতিল কৰিবলগীয়া হৈছিল।

ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষই কয় যে, "এটেনচন ফ্লাইয়াৰ; ১৫ মে' ২০২৫ৰ ০৫:২৯ বজালৈকে অসামৰিক বিমান পৰিচালনাৰ বাবে ৩২টা বিমানবন্দৰ অস্থায়ীভাৱে বন্ধ কৰাৰ বাবে ৰেফাৰেন্স জাননী জাৰি কৰা হৈছিল যদিও এই বিমান বন্দৰসমূহ এতিয়া তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসামৰিক বিমান পৰিচালনাৰ বাবে উপলব্ধ।

উল্লেখ্য যে,  ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি বিমান বন্দৰসমূহ বন্ধ কৰা হৈছিল।

বিমান বন্দৰ