কেৱল সুস্বাদুয়েই নহয়, বহু গুণাগুণৰেও সমৃদ্ধ ক’লা জামু

গ্ৰীষ্মকালত উপলব্ধ পুষ্টিদায়ক ফলবোৰৰ ভিতৰত অন্যতম ক’লা জামু। জামু অতি সুস্বাদু হোৱাৰ লগতে ইয়াৰ বহু স্বাস্থ্য উপকাৰিতা আছে। এই দিনকেইটাত জামু খাই আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰখাত বহুখিনি অৰিহনা যোগাব পাৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web ap jamun

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত উপলব্ধ পুষ্টিদায়ক ফলবোৰৰ ভিতৰত অন্যতম ক’লা জামু। জামু অতি সুস্বাদু হোৱাৰ লগতে ইয়াৰ বহু স্বাস্থ্য উপকাৰিতা আছে। এই দিনকেইটাত জামু খাই আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰখাত বহুখিনি অৰিহনা যোগাব পাৰে।  আজি ক’লা জামুৰ ঔষধি গুণাগুণৰ বিষয়ে জানো আহক-

Advertisment

শৰীৰ শীতল কৰাত সহায়ক 

এইবিধ ফলত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মৰ দিনবোৰত ই আমাৰ শৰীৰক অধিক সতেজ কৰি ৰখাৰ লগতে শক্তিও প্ৰদান কৰে।

ভিটামিন, খনিজ পদাৰ্থৰ এক সম্পূৰ্ণ উৎস

জামুত ভিটামিন এ, ভিটামিন চি, আঁহ, কেলচিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম থাকে, যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

আভ্যন্তৰীণ ভাৰসাম্য উন্নত কৰা

নিয়মীয়াকৈ এই ফল খালে ই পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখে। ই পেট সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাতো সহায় কৰে।

ৰোগৰ পৰা ৰক্ষা 

ক'লা জামুত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে আমাৰ শৰীৰক ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। এইবিধ ফল খোৱাৰ ফলত হিট ষ্ট্ৰ’ক, চৰ্দি আদি সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি। 

Also Read: এইদৰে বনাই খাওঁক স্বাস্থ্যসন্মত মাখনা