‘হেৰা ফেৰী ৩’ত অভিনয়ৰ বাবে মান্তি হ'ল পৰেশ ৰাৱল

‘হেৰা ফেৰী’, বলীউডৰ এই ব্লকবাষ্টাৰ ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’। 

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
web ap 3

ডিজিটেল ডেস্ক: ‘হেৰা ফেৰী’, বলীউডৰ এই ব্লকবাষ্টাৰ ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’। 

Advertisment

ছবিখনত পূৰ্বে অভিনয় কৰা আটাইকেইজন অভিনেতা অক্ষয় কুমাৰ, সুনীল ছেট্টী, পৰেশ ৰাৱলে ‘হেৰা ফেৰী ৩’ত অভিনয় কৰাৰ কথা আছিল যদিও কেইদিনমান পূৰ্বে পৰেশ ৰাৱলে ছবিখনত অভিনয় নকৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পাছতে স্বাভাৱিকভাৱেই চৌদিশে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। অনুৰাগীৰ লগতে সুনীল ছেট্টী, অক্ষয় কুমাৰ আৰু পৰিচালক প্ৰিয়াদৰ্শনেও এই সিদ্ধান্তক লৈ স্তম্ভিত আৰু হতাশা প্ৰকাশ কৰিছিল। 

কিন্তু, শেহতীয়াকৈ অহা এক বিশেষ খবৰে অনুৰাগীৰ মুখত হাঁহি বিৰিঙাইছে। হয়, ছবিখনলৈ ঘূৰি আহিল সকৰোৰে পছন্দৰ 'বাবু ভাইয়া' পৰেশ ৰাৱল। এই খবৰ বিয়পি পৰাৰ লগতে অগণন অনুৰাগীয়ে তেওঁলোকৰ ফূৰ্তি প্ৰকাশ কৰি ছ'চিয়েল মেডিয়াত বিভিন্ন প'ষ্ট কৰিছে। 'হেৰা ফেৰী ৩'ৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰাৰ কেইসপ্তাহমানৰ পাছত এতিয়া অভিনেতাগৰাকীয়ে ফ্ৰেঞ্চাইজিলৈ ঘূৰি অহাটো নিশ্চিত কৰিছে। এক প’ডকাষ্টত হিমাংশু মেহতাৰ সৈতে হোৱা কথা-বতৰাত পৰেশে ছবিখনক কেন্দ্ৰ কৰি হোৱা বিতৰ্ক সন্দৰ্ভত মুকলিকৈ কথা পাতে। তেওঁ অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰিয়দৰ্শনক প্ৰশংসা কৰে।

কি ক'লে পৰেশ ৰাৱলে ?

'হেৰা ফেৰী ৩'ক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰশ্ন উত্থাপন হওঁতে অভিনেতাজনে এয়া একো বিতৰ্ক নহয় বুলি স্পষ্ট কৰে। তেওঁ কয়, 'ইয়াক বিতৰ্কৰ নাম দিয়াটো অনুচিত। মই বিশ্বাস কৰো, যেতিয়া মানুহে কিবা এটাক ইমান ভাল পাইছে, তেতিয়া সেই বিষয়ত আমি আৰু অধিক সচেতন হ'ব লাগে। দৰ্শকেই আমাৰ বাবে সকলো যেতিয়া দৰ্শকৰ প্ৰতিও আমাৰ দায়িত্ব আছে। আমি ভাবিলেও কথাবোৰ ইমান সহজ নহয়। দৰ্শকে বিচৰা ধৰণেই এতিয়া অক্ষয়, সুনীল আৰু মোক একেলগে 'হেৰা-ফেৰী ৩'ত দেখিবলৈ পাব।'