দুৰ্ঘটনা সংঘটিত হোৱাৰ উমান পাইছিল পাইলটে! ৫মিনিটৰ পূৰ্বে পঠাইছিল বিশেষ বাৰ্তা...

আমি বিমানখন পৰিচালনা কৰাত অসুবিধা পাইছো। হয়তো কিছু বিসংগতি হৈছে- আহমেদাবাদৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখনৰ দুই পাইলটে কট্ৰ্ল ৰূমলৈ পঠাইছিল এই বাৰ্তা।

New Update
AIR VID

ডিজিটেল ডেস্কঃ 'আমি বিমানখন পৰিচালনা কৰাত অসুবিধা পাইছো। হয়তো কিছু বিসংগতি হৈছে- আহমেদাবাদৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে বিমানখনৰ দুই পাইলটে কট্ৰ্ল ৰূমলৈ পঠাইছিল এই বাৰ্তা। কিন্তু এই বাৰ্তা পোৱাৰ প্ৰায় ৫মিনিটৰ ভিতৰতে ভূপতিত হয় বিমানখন।

Advertisment

শেহতীয়াকৈ এই কথা বিমান কৰ্তৃপক্ষই ৰাজহুৱা কৰা তথ্য অনুসৰি বিমানখনৰ কমাণ্ড কেপ্তেইন সুমিত সভাৰৱালৰ সৈতে ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ আছিল পৰিচালনাৰ দায়িত্বত।  পাইলট দুইগৰাকী আছিল যথেষ্ট অভিজ্ঞ।  কেপ্তেইন সুমিত সভাৰৱালৰ ৮২০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে। সহ-পাইলট ক্লাইভ কুণ্ডাৰৰো ১১০০ ঘন্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে বুলি কোৱা হৈছে।

বিমান দুৰ্ঘটনা