/asomiyapratidin/media/media_files/2025/07/14/3-2025-07-14-13-42-31.jpg)
ডিজিটেল ডেস্ক: দৰ্শকৰ বাবে সুখবৰ ! হয়, আকৌ সন্ধিয়া এক নিৰ্দিষ্ট সময়ত উপভোগ কৰিব পাৰিব টিভি জগতৰ ‘আইকনিক শ্ব’ ‘কিউ কী ছাছ ভি কভী বহু থী’। তাতকৈও গুৰুত্বপূৰ্ণ দিশটো এয়ে যে, সীমাহীন জনপ্ৰিয়তা অৰ্জন কৰা ধাৰাবাহিকখনৰ সেই বিশেষ ‘তুলসী’ৰ চৰিত্ৰটোত আকৌ অভিনয় কৰিব স্মৃতি ইৰাণীয়ে। এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া দৰ্শক তথা ‘তুলসী’ৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে।
কিমান মাচুল ল’ব স্মৃতি ইৰাণীয়ে ?
কাৰণ লাগিলে যিয়ে নহওঁক, দীৰ্ঘদিন ধনি ৰাজনীতিত দপদপাই থাকি পুনৰ সৰু পৰ্দালৈ ঘূৰি অহাত স্মৃতি ইৰাণী এতিয়া অগণনজনৰ মাজত সমালোচনাৰো কেন্দ্ৰ হৈ পৰিছে। চলি থকা চৰ্চা মতে, স্মৃতি ইৰাণীয়ে এই ধাৰাবাহিকখনত অভিনয়ৰ বাবে প্ৰযোজকৰ পৰা প্ৰতিদিনে ১৪ লাখ টকা লৈছে। এই তথ্য যদি সম্পূৰ্ণ শুদ্ধ হয়, তেন্তে স্মৃতি ইৰাণীয়েই বৰ্তমান সময়ৰ টিভিৰ আটাইতকৈ দামী অভিনেত্ৰী।
কিমান পাৰ্থক্য পূৰ্বৰ আৰু এতিয়াৰ মাচুলত ?
২০০০ত যেতিয়া স্মৃতি ইৰাণীয়ে এই ধাৰাবাহিকখনত অভিনয় কৰিছিল, তেতিয়া তেওঁৰ প্ৰতিদিনৰ মাচুল আছিল ১৮০০ টকা। ২৫বছৰত পাছত ১৮০০ টকাৰ পৰা এই মাচুল হ’লগৈ ১৪ লাখ। আচৰিত বুলি ভাবিছেনে ?
কেতিয়া, ক’ত উপভোগ কৰিব পাৰিব এই ধাৰাবাহিক?
'কিউকী ছাছ ভি কভী বহু থী' ছিজন ২ৰ প্ৰিমিয়াৰ হ'ব ২৯ জুলাইত। এই অনুষ্ঠানটো 'ষ্টাৰ প্লাছ'ত নিশা ১০:৩০ বজাত প্ৰচাৰ হ'ব আৰু 'জিঅ' চিনেমা', 'হটষ্টাৰ'তো দৰ্শকে ধাৰাবাহিকখন উপভোগ কৰিব পাৰিব।
স্মৃতি ইৰাণীৰ 'লুক' ভাইৰেল
ছ’চিয়েল মেডিয়াত শেহতীয়াকৈ স্মৃতি ইৰাণীৰ নতুন লুক ইতিমধ্যে ভাইৰেল হৈছে। মেৰুণ শাৰী, পৰম্পৰাগত গহনা, ডাঙৰ ফোঁট আৰু সেন্দুৰৰ সৈতে ‘তুলসী’ৰ একেটা ‘ক্লাছিক অৱতাৰ’ ৰাইজৰ হৃদয়ত পুৰণি স্মৃতি জাগ্ৰত কৰিছে। টি আৰ পিৰ যুগত এই ধাৰাবাহিকখনে কি ফল দেখুবাব পাৰে, সেয়া অৱশ্যে লক্ষ্যণীয় হ'ব।