/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/e519a3e6-5f33-4e62-881a-6db67ccf2f6d/hooda.jpg)
ডিজিটেল ডেস্ক: এজন বলীউডী তাৰকাৰ বিয়া। সাধাৰণতে এনে ‘হাই প্ৰফাইল’ বিয়াসমূহ খুব ৰাজকীয়ভাৱে অথবা বা পাশ্চাত্য শৈলীত সম্পন্ন হয়।কিন্তু, অভিনেতা ৰণদীপ হুডাই তেওঁৰ ব্যক্তিত্বৰ দৰেই কিছু ব্যতিক্ৰমীভাৱে আৰম্ভ কৰিলে তেওঁৰ নতুন জীৱন।হয়, ২৯ নৱেম্বৰত মণিপুৰৰ ৰাজধানী ইম্ফলৰ চুমটাং চানাপুং ৰিজৰ্টত প্ৰেমিকা লিন লাইশ্ৰামৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৰণবীৰ হুডা।
ৰণদীপ আৰু লিনৰ বিবাহৰ ফটো এতিয়া ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।ইয়াৰ পাছতে স্বাভাৱিকভাৱেই অনুৰাগীসকল অভিনেতাজনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।অনুৰাগীসকলৰ মতে, আজিৰ দিনতো ভাৰতীয় পৰম্পৰা- সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই এনেদৰে বিবাহ পাশত আবদ্ধ হোৱাজন নিসন্দেহে প্ৰশংসাৰ পাত্ৰ।সকলোয়ে নৱবিবাহিত দম্পতীহালক বৈবাহিক জীৱনটো সুখৰ হোৱাৰ কামনা কৰি শুভেচ্ছা জনাইছে।
বুধবাৰে দৰা-কইনা দুয়োয়ে পৰম্পৰাগত সাজ পৰিধান কৰি সম্পূৰ্ণ স্থানীয় নিয়মৰে বিবাহ 'মেইটি' সম্পন্ন কৰে।বিয়াত কইনাই সোণৰ গহনাসহ পৰম্পৰাগত মণিপুৰী পোছাক তথা দৰাই বগা ধূতি-কূৰ্তা, গাত বগা চাদৰ মেৰিয়াই মূৰত পাগুৰি পিন্ধা দেখা গৈছে। বিয়াখনৰ কেইখনমান ফটো অভিনেতাজনে নিজেও ছ’চিয়েল মেডিয়াত প’ষ্ট কৰিছে। শিৰোনামত লেখিছে 'আমি দুয়ো আজিৰে পৰা এক হ’লো'। বিয়াখনত দুয়োৰে পৰিয়ালৰ ঘনিষ্ঠ লোক আৰু বন্ধু উপস্থিত আছিল।মণিপুৰত বিবাহ সম্পূৰ্ণ হোৱাৰ পিছত মুম্বাইতো তেওঁলোকৰ এক অভ্যৰ্থনা অনুষ্ঠিত হ'ব।
কোন এই লিন লাইশ্ৰাম ?
ৰণদীপ হুডা আৰু লিন লাইশ্ৰাম দীৰ্ঘদিনৰ পৰাই প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে। লিন এগৰাকী মডেল তথা অভিনেত্ৰী।তেওঁ ইতিমধ্যে বহু বলীউডৰ ছবিত অভিনয় কৰিছে।'ওম শান্তি ওম', মণিপুৰী বক্সাৰ মেৰী কমৰ জীৱনভিত্তিক ছবি ‘মেৰী কম’, ‘ৰঙ্গুন’, ‘জানেজান’ৰ দৰে বহু ছবিত দৰ্শকে লিনৰ অভিনয় দেখিবলৈ পাইছে।