১৯শতিকাত বিদেশতো দপদপাই থকা অসমীয়া ব্যৱসায়ীগৰাকী…

৩০ মে', আজি বাণিজ্য দিৱস। ১৯ শতিকাৰ এজন সফল অসমীয়া ব্যৱসায়ী সদাগৰ সাউদ ভোলানাথ বৰুৱাদেৱৰ আজি পৱিত্ৰ মৃত্যু তিথি।

author-image
asomiyapratidin
New Update
১৯শতিকাত বিদেশতো দপদপাই থকা অসমীয়া ব্যৱসায়ীগৰাকী…

৩০ মে', আজি বাণিজ্য দিৱস। ১৯ শতিকাৰ এজন সফল অসমীয়া ব্যৱসায়ী সদাগৰ সাউদ ভোলানাথ বৰুৱাদেৱৰ আজি পৱিত্ৰ মৃত্যু তিথি। আজিৰ এই পৱিত্ৰ দিনটো পালন কৰা হয় বাণিজ্য দিৱস হিচাপে। এই দিনটোৰ সৈতে সংগতি ৰাখি তেওঁৰ আৰু ব্যৱসায়-বাণিজ্যৰ বিষয়ে কিছু কথা সামৰি আজি মোৰ শিতানত ড০ মনোজ কুমাৰ হাজৰিকাৰ এটি লেখা প্ৰকাশ কৰা হ'ল…

Advertisment

কোনে কয় অসমীয়া মানুহে ব্যৱসায় বাণিজ্য কৰিব নাজানে বুলি! ভাৰতীয় সফল ব্যৱসায়ী জাতিৰ কথা ওলালে সততে নাম লোৱা হয় গুজৰাটী, মাৰোৱাৰী, পাঞ্জাবী বা বেঙ্গলীসকলৰ । কিন্তু ১৯ শতিকাতে স্বদেশৰ লগতে বিদেশতো সফলতাৰে ব্যৱসায় সাম্রাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া ব্যৱসায়ী হ'ল সাউদ ভোলানাথ বৰুৱা। যিদৰে বৰ্তমানৰ টাটা গ্ৰুপৰ স্বত্বাধিকাৰ ৰতন টাটা দানবীৰ টাটা হিচাপে পৰিচিত, ঠিক সেইদৰে ১৯ শতিকাৰ সাউদ ভোলানাথ বৰুৱা কোনো গুণে কম নাছিল।

১৯২০ চনতে কাৰিকৰি প্ৰযুক্তি বিদ্যাৰ উন্নয়ণৰ বাবে ১ লাখ টকাৰ ন্যাস গঢ়িছিল । আজিৰ হিচাপত প্ৰায় এশ কোটি টকা হ'ব । অসম চৰকাৰক প্ৰাথমিক শিক্ষাৰ বাবে আগবঢ়াইছিল কোটি টকাৰ সম্পদ । ১৯২২ চনত ব্ৰিটিছ চৰকাৰক যোৰহাটত " প্ৰিঞ্চ অৱ ৱেলছ " ( Prince of Wales) নামেৰে এখন কাৰিকৰী বিদ্যালয় স্হাপন কৰিবলৈ নগদ ১ লাখ টকাৰ অনুদান আগবঢ়াইছিল।

অসমত দানবীৰ, বেঙ্গলত 'টিম্বাৰ প্ৰিঞ্চ' আৰু উৰিষ্যাত 'জুট মাৰ্ছেন্ট' ৰূপে খ্যাত সাউদ ভোলানাথ বৰুৱাই অকল যে অসমৰ বাবে দান বৰঙণি আগবঢ়াইছিল এনে নহয়; বিশাখাপট্টনমৰ কিং জৰ্জ হস্পিতালৰ বাবে ৩৫ হাজাৰ টকা, ঝাৰসোগড়াত টেকনিকেল ডিচপেনচেৰীৰ বাবে ১০ হাজাৰ টকা, কলিকতা ছোৱালী হাইস্কুলৰ বাবে ৫ হাজাৰ টকা, চিমলা কলেজ আৰু মুৰ্ছিদাবাদ কলেজৰ বাবে ক্ৰমে চিমলা আৰু মুৰ্ছিদাবাদৰ থকা নিজৰ বাসগৃহ দান কৰি থৈ গৈছে ।

কাশী বিশ্ববিদ্যালয়ত অসমীয়া ছাত্র-ছাত্ৰীৰ জলপানিৰ বাবে ১ লাখ ২০ হাজাৰ টকাৰ ন্যাস গঠন কৰিছিল। পাছলৈ এই জলপানি বি: বৰুৱা স্কলাৰশ্বিপ নামে জনাজাত হৈছিল। ইয়াৰ ওপৰিও মৃত্যুৰ আগে আগে ইচ্ছাপত্ৰত প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে জীৱনৰ সমস্ত আৰ্জিত সম্পতি দান কৰি থৈ গৈছে । চি: এচ: আৰ: (CSR) অথাৎ বৰ্তমান সময়ত যৌথ কোম্পানীসমূহে বাধ্যতামূলকভাবে পালন কৰিবলগীয়া কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে তেখেতে তেতিয়াই অনুধাৱন কৰিব পাৰিছিল।

১৮৫০ চনৰ ১৩ আহিনত নগাওঁৰ পুৰণিগুদামত প্ৰখ্যাত খৰঙী বৰুৱাৰ বংশত জন্ম গ্ৰহণ কৰিছিল যদিও দেউতাক মৌজাদাৰ ঘনশ্যাম বৰুৱাৰ মৃত্যু পাছত আৰ্থিক বিপৰ্য্যয়ৰ সন্মুখীন হৈছিল। বহু কষ্টেৰে প্ৰায় সাত মাইল পথ খোজ কাঢ়ি পঢ়িও তেওঁ এণট্ৰেন্স পৰীক্ষাতে নিজৰ শিক্ষাজীৱন সমাপ্ত কৰিবলৈ বাধ্য হৈছিল। সেইবাবে হয়তো তেওঁ নিজৰ কষ্ট উপাৰ্জিত ধনৰ সৰহভাগ শিক্ষাখণ্ডৰ বিকাশৰ বাবে দান কৰিছিল।

সাউদ ভোলানাথ বৰুৱাই কলিকতাত 'বি : ব্ৰাদাৰ্ছ' নামে কাঠৰ কোম্পানীৰে খোপনি পুতি ব্ৰিটিছ চৰকাৰক ৰেলৰ শ্লিপাৰ যোগান ধৰাৰ সময়তে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ লগত সংযোগ ঘটে। লক্ষ্মীনাথ বেজবৰুৱাদেৱক সাহিত্যৰথী ৰসৰাজ বেজবৰুৱা হিচাপে অসমীয়া সমাজত পৰিচিত হ'লেও তেৱোঁ এজন সফল অসমীয়া ব্যৱসায়ী আছিল। সাউদ ভোলানাথ বৰুৱাই ১৯১৪ চনত লক্ষীনাথ বেজবৰুৱাদেৱৰ 'শংকৰদেৱ' আৰু 'মাধৱদেৱ' নামৰ গ্ৰন্থ দুখন ছপা কৰাইছিল ।

কলিকতা বিশ্ববিদ্যালয়ত উপাচাৰ্য্য আশুতোষ মুখাৰ্জীৰ অনুৰোধ মৰ্মে হেমচন্দ্ৰ গোস্বামী দেৱে ১৯১৮ চনৰ পৰা যুগুত কৰা 'অসমীয়া সাহিত্যৰ চানেকি' নামৰ গ্ৰন্থখনৰ ৭টা খণ্ড প্ৰকাশ কৰিছিল আৰু কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ বিভাগ খুলিবলৈ নগদ ১০ হাজাৰ টকা দিছিল এই সাউদ ভোলানাথ বৰুৱাই । কিন্তু আজিৰ বহুতো অসমীয়াই হয়তো সাউদ ভোলানাথ বৰুৱাৰ নামকে শুনা নাই। যাৰ নামেৰে ১৯৪৩ চনত গুৱাহাটীত স্হাপন হোৱা বি: বৰুৱা মহাবিদ্যালয়ৰ বহুতো ছাত্র-ছাত্ৰীয়ে হয়তো তেওঁ বিষয়ে নাজানে। 'বাণিজ্যে বসতি লক্ষ্মী' কথাষাৰৰ তাৎপৰ্য্য আজিও এচাম অসমীয়া যুৱকসকলে ভালদৰে যেন অনুধাৱন কৰিব পৰা নাই ।

ক্লিক কৰি পঢ়কঃ কৃষি মন্ত্ৰীয়ে খবৰ পায়নে? বৰহোলাৰ নপাম চেৰেলীপথাৰ বীজপামত নষ্ট হৈছে ২০ কুইণ্টল ধানৰ বীজ…

নহ'লে নো আন বিষয়ত বাদেই বাণিজ্য পাঠক্ৰমত স্নাতক হৈও চাকৰিৰ পাছে পাছে ধাৱমান হয় নে ? ১৯-২০ শতিকাতে অসমীয়া জাতিৰ ব্যৱসায়ী চিন্তাধাৰাৰ মান ৰাখি গৈছিল এইজন প্ৰকৃত অসমীয়াই । টাটা, বিৰলা, ৰিলায়ঞ্চৰ জন্মৰ আগতেই সাউদ ভোলানাথ বৰুৱাই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ব্যৱসায়ৰ সাম্ৰাজ্য বিস্তৰ কৰিবলৈ সক্ষম হৈছিল । জাতি এটা মুৰ তুলি জীয়াই থাকিবলৈ ভাষা-সংস্কৃতিৰ যিমান প্ৰয়োজন, আৰ্থিক ভাৱে সবল হোৱাটো সিমানেই প্ৰয়োজন।

অনাঅসমীয়াৰ পৰা চান্দা তুলি জাতি-মাটি ৰক্ষা কৰাৰ সপোন অধুৰুপ । ৰাজপথত দশক দশকজুৰি আন্দোলন কৰি এটা জাতিক ৰক্ষা কৰাতো সম্ভব হ'ব। কিন্তু ৰাজপথৰ দাঁতিত ব্যৱসায় কৰিলেহে জাতিটো ৰক্ষা কৰিব পৰা যাব আৰু অৰ্থনৈতিকভাবে সবল হ'ব। ১৯২৩ চনৰ ৩০ মে' তাৰিখে কলিকতাৰ হাওৰাত এই মহান দানবীৰ অসমীয়া ব্যৱসায়ীজনৰ পৰলোক প্ৰাপ্তি হয় ।

অসমীয়া ভাষা উন্নতি সাধিনী সভা তেজপুৰ, অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ লগতে আন আন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে সাউদ ভোলানাথ বৰুৱাদেৱৰ স্মৃতিত ৩০ মে' তাৰিখে 'বাণিজ্য দিৱস' হিচাপে উদ্ যাপন কৰি নৱপ্ৰজন্মক ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তোলোৰ লগতে এই দানবীৰ অসমীয়া ব্যৱসায়ী জনলৈ শ্ৰদ্ধা নিবেদন কৰোঁ আহক।