আহিছে ভৱিষ্যতবাণী, চিন্তিত অনুৰাগী

শীঘ্ৰেই বিবাহ বিচ্ছেদ হ’ব বলীউডৰ অন্যতম জনপ্ৰিয় যুটি সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ। ৭ বছৰ গোপনকৈ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি বিগত বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল এই দুই বলীউডী তাৰকা।

author-image
সংগীতা দাস
New Update
seo web 2৬৬৬৬৬৬৬

ডিজিটেল ডেস্ক: শীঘ্ৰেই বিবাহ বিচ্ছেদ হ’ব বলীউডৰ অন্যতম জনপ্ৰিয় যুটি সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ। ৭ বছৰ গোপনকৈ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি বিগত বৰ্ষত বিবাহপাশত আবদ্ধ হৈছিল এই দুই বলীউডী তাৰকা। বিবাহৰ পাছত তেওঁলোকৰ প্ৰেম বহুতৰ বাবে আদৰ্শ বুলি চৰ্চিত হোৱাৰ পাছত এতিয়া এই বিচ্ছেদৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে।

Advertisment

সোনাক্ষী আৰু জাহিৰে ২০২৪চনৰ ২৩ জুনত বিশেষ বিবাহ আইন অনুসৰি বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ বিবাহৰ কাৰ্যসূচীত কেৱল পৰিয়ালৰ সদস্যইহে অংশ গ্ৰহণ কৰিছিল। অৱশ্যে এই বিবাহৰ অংশ নাছিল সোনাক্ষীৰ ভাতৃ। সোনাক্ষীৰ প্ৰেমিক মুছলমান সম্প্ৰদায়ৰ হোৱাৰ বাবেই ভাতৃৰ এই বিবাহত সন্মতি নাছিল। আনহাতে, বিবাহৰ ফটো ছ’চিয়েল মেডিয়াত 'আপলোড' কৰোতে সোনাক্ষী-জাহিৰে তেওঁলোকৰ কমেণ্ট বক্স বন্ধ কৰি ৰাখিছিল যাতে তেওঁলোক সমালোচনামূলক মন্তব্যৰ সন্মুখীন নহয়। কিন্তু, এইবাৰ অনুৰাগীৰ মন্তব্যক খাতিৰ নকৰি মুখ খুলিলে সোনাক্ষী সিংহাই। 

সোনাক্ষীৰ চৰ্চা

প্ৰকৃততে, কেইদিনমান পূৰ্বে সোনাক্ষী আৰু জাহিৰ ইকবালৰ বহু সুন্দৰ মুহূৰ্ত একেলগে থকা এটা ৰীল ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছিল। এই ভিডিঅ’টোৰ শিৰোনাম দিয়া হৈছিল, ‘আপোনাৰ মানুহজন আপোনাৰ প্ৰতি ইমান আকৰ্ষিত নোহোৱালৈকে বিয়া নাপাতিব।’ কিন্তু ইয়াতেই সেই অঘটনটো ঘটিল। এই ভিডিঅ’ত @dark123707 নামৰ একাউন্টৰ পৰা লেখিলে, ‘এণ্ড ডিভোৰ্চ ইজ টু ক্ল’জ টু ইউ, অৰ্থাৎ আপোনালোকৰ বিবাহ বিচ্ছেদ হ’বলৈ আৰু বেছি দিন নাই’। বহু তাৰকাই এনে অবাঞ্চিত মন্তব্যবোৰক আওকান কৰে যদিও সোণাক্ষীয়ে এই একাউণ্টৰ গৰাকীক উভতি ধৰিলে। তেওঁ উত্তৰ দিলে, ‘@dark123707 ‘পেহলে তেৰী মাম্মী পাপা কৰেংগে, ফিৰ হাম... প্ৰমিছ !, অৰ্থাৎ, প্ৰথমতে 'তোমাৰ পিতৃ-মাতৃয়ে বিবাহ বিচ্ছেদ কৰিব, তাৰ পাছত আমি, প্ৰতিশ্ৰুতি দিলো !’

উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ বহু চৰ্চিত ছবি ‘হীৰামণ্ডি ২’ৰ কামত ব্যস্ত থকা সোনাক্ষীৰ এই প্ৰত্যুত্তৰে সকলোকে আচৰিত কৰি তুলিছে। একাংশই তেওঁৰ এই উভতি ধৰা বিষয়টোক তাৰকাৰ কাম নহয় বুলি মন্তব্য কৰাৰ বিপৰীতে বহুতেই ট্ৰ’লিঙৰ বিৰুদ্ধে মাত মতাত তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে।

Also Read: অতি শীঘ্ৰেই ভাল খবৰ দিব বলীউডৰ এইগৰাকী সুন্দৰীয়ে !