ANTHE 2025: দৰিদ্ৰ, প্ৰতিভাৱান শিক্ষাৰ্থীয়ে লাভ কৰিব বিশেষ সুবিধা

চিকিৎসা তথা অভিযান্ত্ৰিক শিক্ষাত নামভৰ্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেডে আন বৰ্ষৰ দৰে এইবছৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভা সন্ধানী পৰীক্ষা ‘এন্থে ২০২৫’ (ANTHE 2025)ৰ আয়োজন কৰিছে।  

author-image
সংগীতা দাস
New Update
এন্থে ২০২৫

ডিজিটেল ডেস্ক: চিকিৎসা তথা অভিযান্ত্ৰিক শিক্ষাত নামভৰ্তিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা আকাশ এডুকেশ্যনেল ছাৰ্ভিচেছ লিমিটেডে আন বৰ্ষৰ দৰে এইবছৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভা সন্ধানী পৰীক্ষা ‘এন্থে ২০২৫’ (ANTHE 2025)ৰ আয়োজন কৰিছে।  

Advertisment

সৰ্বভাৰতীয় পৰ্যায়ৰ এই‘এন্থে ২০২৫’ত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকল অৱতীৰ্ণ হ’ব পাৰিব। ‘এন্থে ২০২৫’ পৰীক্ষা অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত হ’ব। যাৰ বাবে ভাৰতৰ যিকোনো স্থানৰ ছাত্ৰ-ছাত্ৰীয়ে সুবিধামতে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অনলাইন পৰীক্ষা ৪ৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’ব, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সুবিধা অনুসৰি ১ ঘণ্টাৰ এটা ‘স্লট’ বাছি লৈ পৰীক্ষা দিব পাৰিব। অফলাইন পৰীক্ষা ৫ আৰু ১২ অক্টোবৰত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় চাৰি শতাধিক আকাশ চেন্টাৰত অনুষ্ঠিত হ’ব।

‘ANTHE 2025’ৰ উদ্দেশ্য 

চহৰ তথা গাঁৱে-ভূয়ে থকা দৰিদ্ৰ তথা প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াত সহায় কৰাই হৈছে এই প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য। প্ৰতিযোগিতামূলক এই পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিশ্চিতভাৱে সৰ্বভাৰতীয় পৰ্যায়ত নিজকে জুখি চোৱাৰ সুবিধা লাভ কৰিব। এই পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু মহানগৰ ভিত্তিত ‘ৰেংক’ কৰা হ’ব। তদুপৰি, তেওঁলোকে আকাশ ইনষ্টিটিউটৰ ফালৰ পৰা ২.৫ কোটি পৰ্যন্ত টকা জলপানি লাভ কৰিব। আনহাতে, এই পৰীক্ষাত উত্তীৰ্ণসকলে আকাশ ইনষ্টিটিউটত সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ সুবিধা লাভ কৰিব।

‘ANTHE 2025’ত পঞ্জীয়ন কিদৰে কৰিব ?

‘এন্থে ২০২৫’ত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীয়ে https://anthe.aakash.ac.in/home  ৱেবছাইটত গৈ অনলাইন নামভৰ্তি কৰিব পাৰিব বা আকাশৰ যিকোনো চেন্টাৰলৈও যাব পাৰিব। পৰীক্ষাৰ মাচুল অনলাইন আৰু অফলাইনৰ দুয়োটা মাধ্যমৰ বাবে ৩০০ টকা। অৱশ্যে, প্ৰতিখন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ শীৰ্ষৰ তিনিজন শিক্ষাৰ্থীৰ বাবে এই মাচুল ৰেহাই দিয়া হৈছে আৰু আগতীয়া নামভৰ্তি কৰা সকলেও ৫০% লৈ ৰেহাই পাব।। যিসময়ত ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱাত আগ্ৰহী, তেওঁলোকে অনলাইন পৰীক্ষাৰ ৩ দিনৰ আৰু অফলাইন পৰীক্ষাৰ ৭ দিনৰ আগত পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিব লাগিব। এডমিট কাৰ্ড পৰীক্ষাৰ ৫ দিন আগতে দিয়া হ’ব।

‘ANTHE 2025’ ৰ ফলাফল

‘এন্থে ২০২৫’ৰ ফলাফল অক্টোবৰ আৰু নৱেম্বৰত প্ৰকাশ কৰা হ’ব। সেই অনুসৰি দশম শ্ৰেণীৰ ফলাফল ২৪ অক্টোবৰ, সপ্তমৰ পৰা নৱম শ্ৰেণীলৈ ২৯ অক্টোবৰ, পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ফলাফল ১ নৱেম্বৰ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ৪ নৱেম্বৰত প্ৰকাশ হ’ব। সকলো ফলাফল ‘এন্থে ২০২৫’ৰ অফিচিয়েল ৱেবচাইটত উপলব্ধ হ’ব।

কিদৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা ?

‘এন্থে ২০২৫’ এটা এক ঘণ্টীয়া পৰীক্ষা, য’ত ৪০টা বহু-বিকল্প প্ৰশ্ন থাকিব। পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্ন পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত আৰু মানসিক সক্ষমতা বিষয়ৰ। চিকিৎসক হোৱাৰ মন থকা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশ্নবোৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, গণিত আৰু মানসিক সক্ষমতা বিষয়ত থাকিব আৰু ইঞ্জিনিয়াৰিঙৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশ্নবোৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত আৰু মানসিক সক্ষমতা বিষয়ত হ’ব। একেইদৰে, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ NEET-ৰ বাবে প্রস্তুতি লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰশ্নবোৰ উদ্ভিদ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিষয়ত থাকিব। ইঞ্জিনিয়াৰিংৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ৰ প্ৰশ্ন থাকিব। উল্লেখ্য যে, পানবজাৰস্থিত আকাশ ইনষ্টিউটত আয়োজিত এখন সংবাদমেলত এন্থে ২০২৫ৰ বিষয়ে সকলো জানিবলৈ দিয়ে সহকাৰী পৰিচালক ড॰ সন্তোষ কুমাৰ সিং আৰু ‘এৰিয়া বিজিনেছ হেড’ শ্যামল জ্যোতি বৰঠাকুৰে। 

'আকাশ ইনভিক্টাছ এছ টেষ্ট' জলপানি

'এন্থে ২০২৫'ৰ লগতে আকাশ ইনষ্টিটিউটে 'আকাশ ইনভিক্টাছ এছ টেষ্ট' নামৰে এটা জলপানি পৰীক্ষা আৰম্ভ কৰিছে। এই পৰীক্ষা আকাশ ইনভিক্টাছ JEE Advanced প্ৰস্তুতি কাৰ্যসূচীত ভৰ্তিৰ বাবে অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ্যতা আৰু জলপানি পৰীক্ষা তিনিদিন অনুষ্ঠিত হ'ব। ইয়াৰে এটা পৰীক্ষা ইতিমধ্যে ২৪ আগষ্টত অনুষ্ঠিত হৈ গৈছে। আন দুটা ৩১ আগষ্ট আৰু ৭ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। ৩ ঘণ্টা সময়ৰ এই পৰীক্ষা (পুৱা 10 বজাৰ পৰা 1 বজালৈ), অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত হব। এই পৰীক্ষাৰ বাবে আবেদন মাচুল ৩০০ টকা। যিসকলে ভাল ফলাফল লাভ কৰিব, তেওঁলোকে ১০০% পৰ্যন্ত জলপানি আৰু আকৰ্ষণীয় নগদ পুৰস্কাৰ লাভ কৰিব।