/asomiyapratidin/media/media_files/2025/08/25/1-2025-08-25-11-25-29.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচী গগনযানে এক উল্লেখযোগ্য সাফলতা অর্জন কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ'য়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি গগনযান অভিযানত ব্যৱহাৰ হ’বলগীয়া ক্ৰু মডিউলৰ পুনঃপ্ৰৱেশ ক্ষমতা পৰীক্ষা সফলতাৰে সম্পন্ন হৈছে।
এই পৰীক্ষা মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীৰহিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰত অনুষ্ঠিত হয়। পৰীক্ষাটোৰ উদ্দেশ্য আছিল ক্ৰু মডিউলটোৰপুনঃপ্ৰৱেশকালীন তাপ আৰু বায়ু ঘর্ষণ সহ্য কৰাৰ ক্ষমতা নিশ্চিত কৰা। পৰীক্ষাৰ সময়ত মডিউলটোক উচ্চ তাপমান আৰু চাপত পৰীক্ষা কৰা হয়।
এই সফলতা সন্দৰ্ভত ইছৰ'ৰ বিশেষজ্ঞ সকলে কয় যে, এই সফল পৰীক্ষাৰ পাছতে গগনযান অভিযানে এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি অৰ্জন কৰিছে। মডিউলটোৰ তাপৰোধী ছিষ্টেম আৰু গঠন পুনঃপ্ৰৱেশকালীন সুৰক্ষিত হৈ আছে বুলি নিশ্চিত কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, গগনযানৰ লক্ষ্য হৈছে পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ ওপৰৰ নিম্ন পৃথিৱীৰ কক্ষপথলৈ ভাৰতৰ ৩ গৰাকী মহাকাশচাৰীক প্ৰেৰণ কৰা । তেওঁলোক তাত ৩ দিন থাকিব আৰু পুনৰ পৃথিৱীলৈ ঘূৰি আহিব ।
ইছৰ'ৱে গগনযানৰ কৰ্মচাৰীৰ সৈতে ৪ টা বায়'ল'জিকেল পৰীক্ষা আৰু ২ টা শাৰীৰিক পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে । প্ৰকল্পটো ২০২৫ চনৰ ভিতৰত সম্পন্ন কৰাৰ লক্ষ্য ৰাখিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ।
২০১৮ চনৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মানৱ মহাকাশ উৰণ কাৰ্যসূচী গগনযানৰ কথা ঘোষণা কৰিছিল ৷ গগনযান অভিযানৰ অংশ হিচাপে ইয়াৰ পূৰ্বে কেবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা সম্পূৰ্ণ কৰিছে। সফলতাৰে কৰা হৈছে ইণ্টিগ্ৰেটেড এয়াৰ ড্ৰপ পৰীক্ষা । পৰীক্ষামূলক বাহন অভিযানো সফলতাৰে পৰিচালনা কৰা হৈছে ।