/asomiyapratidin/media/media_files/2025/08/13/whatsapp-image-20-2025-08-13-11-42-14.jpeg)
ডিজিটেল ডেস্কঃ ২০২৬-২৭ চনৰ শিক্ষা বৰ্ষৰ পৰা CBSE ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে পৰীক্ষা গৃহত কিতাপৰ সহায় ল'ব পাৰিব। অৰ্থাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অপেন বুক এছেছমেণ্ট প্ৰক্ৰিয়াত অনুমোদন জনাইছে। শিক্ষক সকলে সমৰ্থন জনোৱা পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে।
জুন মাহত অনুষ্ঠিত হোৱা বৈঠকত চি বি এছ ই সংস্থাই এই প্ৰস্তাৱত অনুমোদন জনায়। এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠক্ৰম কাঠামো (এন চি এফ এছ ই) ২০২৩ৰ অধীনত গ্ৰহণ কৰা হৈছে।
ইয়াৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখস্থ প্ৰণালীৰ পৰিৱৰ্তে বিষয়টো বুজি লৈ শিক্ষা গ্ৰহণ কৰা। চিবিএছইৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাগৃহত কিতাপ বা টোকাবোৰৰ সহায় ল’ব পাৰিব, কিন্তু ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজি পোৱাৰ পিছত উত্তৰ লিখিব লাগিব।
উদাহৰণস্বৰূপে, ছাত্ৰ-ছাত্ৰীয়ে ধাৰণাটো কিতাপখনৰ পৰা বুজিব পাৰি, কিন্তু ইয়াক কেনেকৈ বিশ্লেষণ কৰি লিখিব সেয়া ছাত্ৰ-ছাত্ৰীৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। মুকলি কিতাপৰ পৰীক্ষা দুটা ধৰণে অনুষ্ঠিত কৰা হয়।