৩-৪ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দুটা স্লাব সংস্কাৰৰ লক্ষ্যৰ হাতত লোৱাৰ সময়তে অহা ৩ আৰু ৪ ছেপ্তেম্বৰ তাৰিখে জিএছটি পৰিষদৰ দুদিনীয়া গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব।

author-image
Asomiya Pratidin
New Update
gst

ডিজিটেল ডেস্কঃ অচিৰেই ভাৰতত চলি থকা গুডছ এণ্ড চাৰ্ভিছ টেক্স ব্যৱস্থাত হ’ব এক বৃহৎ পৰিৱর্তন ! কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দুটা স্লাব সংস্কাৰৰ লক্ষ্যৰ হাতত লোৱাৰ সময়তে অহা ৩ আৰু ৪ ছেপ্তেম্বৰ তাৰিখে জিএছটি পৰিষদৰ দুদিনীয়া গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব। পৰিষদৰ এই বৈঠকখনত জিএছটিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ আৰু কৰ হ্ৰাসৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

Advertisment

জিএছটি পৰিষদৰ বৈঠকখনত অংশ ল’ব সকলো ৰাজ্যৰ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমণ। আলোচনাৰ মূল বিষয়বস্তু হ’ব—

  • দুটা স্লাব ভিত্তিক নতুন জিএছটি গঠন
  • নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱাৰ ওপৰত কৰ হ্ৰাস
  • ডিজিটেল লেনদেন আৰু অনলাইন ব্যৱসায়ৰ বাবে সহজ প্ৰক্ৰিয়া
  • ক’ভিড-১৯ৰ পাছৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে জিএছটি নীতিৰ সংশোধন

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসত প্ৰদান কৰা ভাষণত জিএছটিৰ নতুন সংস্কাৰৰ আঁচনি সন্দৰ্ভত উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী গৰাকীয়ে স্পষ্টভাৱে কৈছিল, “এই দীপাৱলীত আমি আপোনালোকক দুগুণ সুখৰ খবৰ দিম। বিগত ৮ বছৰে আমি জিএছটিত এক বৃহৎ সংস্কাৰ কৰি আহিছো। এতিয়া আমি আগন্তুক প্ৰজন্মৰ জিএছটি সংস্কাৰৰ বাবে প্ৰচেষ্টা হাতত লম, যাৰ ফলত দেশজুৰি কৰৰ ওপৰত থকা বোজা হ্ৰাস পাব।”

ইফালে, এই বৈঠকখনত মূলতঃ জিএছটিৰ বৰ্তমানৰ বহুমুখী স্লাব গঠনক হ্ৰাস কৰি দুটা মুখ্য স্লাবত সীমাবদ্ধ কৰাৰ প্ৰস্তাৱক লৈ আলোচনা হ’ব। বৰ্তমানত জিএছটিৰ স্লাব ৫%, ১২%, ১৮% আৰু ২৮% হৈ আছে। নতুন প্ৰস্তাৱত এইবোৰ স্লাব হ্ৰাস কৰি কেৱল দুটা হাৰ ৰখাৰ পৰিকল্পনা কৰা হৈছে, যাতে ব্যৱসায় আৰু উপভোক্তা উভয়ৰ বাবে সহজ হয়।

আনহাতে, কিছুমান নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰা হ’ব বুলি বিশেষ সূত্ৰই মত প্ৰকাশ কৰিছে। এই পদক্ষেপৰ ফলত দীপাৱলীৰ আগতে সাধাৰণ লোকে একাধিক সামগ্ৰীৰ মূল্য হ্ৰাসৰ সুবিধা লাভ কৰিব। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, এই পদক্ষেপ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সহায়ক হ’ব আৰু অৰ্থনীতিৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলাব।

জিএছটি