/asomiyapratidin/media/media_files/2025/08/23/xcxc-2025-08-23-10-30-11.jpg)
ডিজিটেল সংবাদ, চাপৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত আৰু শৰৎ চন্দ্ৰ সিংহৰ কৃষি মহাবিদ্যালয়ৰ সহোযোগত চাপৰত তিনিখনকৈ কৃষি তথ্য কেন্দ্ৰ মুকলি কৰে। উক্ত কেন্দ্ৰৰ জৰিয়তে “কৃষি আৰু আনুসাংগিক ক্ষেত্ৰ সমূহৰ সমস্যাৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে সুবিধা লোৱাৰ উপৰিও কৃষি পৰামৰ্শ লব পাৰিব । লগতে ছাত্ৰ-ছাত্ৰী সকলেও কৃষকসকলৰ লগত সমানে কৃষিকৰ্মৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰিব বুলি জানিব পৰা যায়।
জ্ঞানৰ লগত বিজ্ঞান সংযোগ কৰি কৃষক সকলে সময় আৰু অৰ্থৰ সদব্যৱহাৰ বাবে উদ্ভাৱন কৰা প্ৰযুক্তিবিদ্যাৰ কাৰিকৰী কৌশলৰ ব্যৱহাৰ শিকি লোৱাত বহু সহায় হব বুলি জানিবলৈ দিয়ে। কেন্দ্ৰটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৫-২৬ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, মিলেট খেতি, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/23/capturevvvvvvvvvvvvvvvvvvvvv-2025-08-23-10-38-21.jpg)
কৰ্মশালাত উপস্থিতি থাকি নেৰিম গ্ৰুপ অফ ইনষ্টিটিউটৰ সঞ্চালক অধ্যাপক ড০ সংগীতা ত্ৰিপাঠীয়ে মানব জাতিৰ স্বাৰ্থত ছাত্ৰ সমাজক এখন পাৰা মুক্ত পৃথিৱী গঢ়াৰ আহ্বান জনায়। পাৰাৰ সামগ্ৰীৰ নিৰাপদ নিষ্কাশনৰ বিষয়ে গ্ৰাহকৰ সজাগতা আৰু জ্ঞান বৃদ্ধি যে অতি গুৰুত্বপূৰ্ণ সেই বিষয়ে কৰ্মশালাত দৃঢ় মত পোষণ কৰে কনজিউমাৰছ লিগেল প্ৰটেকচন ফ’ৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/23/capturevvvvvvvvv-2025-08-23-10-38-42.jpg)
ইফালে, দিল্লীস্থিত গ্ৰাহক সংস্থা কনজিউমাৰ ভয়চৰ প্ৰকল্প মুৰব্বী নীলাঞ্জনা বসুৱে কৰ্মশালাত উপস্থিতি থাকি উল্লেখ কৰে যে - “স্বাস্থ্যসেৱা খণ্ড ক্ৰমাৎ পাৰামুক্ত হৈ গৈ আছে আৰু ডিজিটেল সামগ্ৰীসমূহ সঠিক আৰু সুলভ মূল্যত পাবলৈ লৈছে। সাধাৰণ মানুহেও এই পাৰামুক্ত সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us