অসমৰ প্ৰথম মহিলা পাইলট কোন?

পৰিয়ালৰ সৈতে পাইলট পাপৰি চৌধুৰী, সৌজন্যঃ ফেচবুক
পৰিয়ালৰ সৈতে পাইলট পাপৰি চৌধুৰী, সৌজন্যঃ ফেচবুক

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোনে কয় অসমৰ নাৰী পিছ পৰা? অসমৰ মহিলাই এতিয়া বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। শেহতীয়াকৈ আহিছে এক সুখবৰ। আন এগৰাকী অসমীয়া কন্যাই নিযুক্তি লাভ কৰিছে বিমান চালক হিচাপে।

অভিষ্কা বৰুৱাই শেহতীয়াকৈ জেট এয়াৰৱেজত বৈমানিক হিচাপে চলিত মাহত নিযুক্তি পাইছে। তেওঁৰ পূৰ্বে ধীৰা চলিহা আৰু পাপৰি চৌধুৰীয়ে পাইলট হিচাপে যোগদান কৰিছিল।

পাপৰি হৈছে উত্তৰ-পূৱৰ প্ৰথমগৰাকী কমাৰ্চিয়েল বিমান চলোৱা পাইলট। ২০০৬ চনৰ জুন মাহৰ পৰা এয়াৰ ইণ্ডিয়াত পাইলট হিচাপে কাম কৰি আছে পাপৰিয়ে। ১৯৯৬চনতে কমাৰ্চিয়েল লাইচেঞ্চ লাভ কৰিছিল পাপৰি চৌধুৰীয়ে।

বহুতে হয়তো গম নাপায়, কেপ্টেইন পাপৰি উত্তৰ-পূবৰ CPL লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট। পাপৰিৰ ঘৰ গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত। তেওঁৰ পিতৃৰ নাম অজিত চৌধুৰী। আছাম ফ্লায়িং ক্লাৱ, দিল্লী ফ্লায়িং ক্লাৱ, অৰিয়েণ্ট ফ্লাইট স্কুলৰ সৈতে জড়িত পাপৰিয়ে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ  টুলুছত এয়াৰবাছ ৩৩০ চালনাৰ প্ৰশিক্ষণ লৈছিল।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱা পাপৰি বৰ্তমান দিল্লীত থাকে। তেওঁ ২০১০ চনত ড০ দিপম বৰ্মনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

বহুতে এই তথ্য হয়তো নাজানে যে, অসমৰ প্ৰথমগৰাকী মহিলা বিমান পাইলট ধীৰা চলিহা আৰু প্ৰথম বাণিজ্যিক বিমান উৰণৰ লাইচেঞ্চ পোৱা উত্তৰ-পূবৰ মহিলা পাইলট হ'ল পাপৰি চৌধুৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in