ICUত এখন বিছনা বিচৰা দৰিদ্ৰৰ বেদনা বুজিব কোনে?

ICUত এখন বিছনা বিচৰা দৰিদ্ৰৰ বেদনা বুজিব কোনে?

 মৃদুল কুমাৰ সন্দিকৈ

স্বাস্থ্যই পৰম ধন। দেহা থাকিলেহে বেহা। আজি-কালি সকলোৱে স্বাস্থ্যৰ প্ৰতি সজাগ। আন কাৰণত নহ'লেও এতিয়া মানুহে কয়, বেমাৰ-আজাৰ হ'লে চিকিৎসা কৰাবলৈকে সাচতীয়া ধন লাগে। লাহে লাহে চিকিৎসা এক ব্যয়বহুল বিষয় হৈ পৰিছে। ডাক্টৰৰ কাষ চাপিলেই ধনৰ প্ৰয়োজন হয়। মধ্যবিত্ত আৰু উচ্চ-মধ্যবিত্ত লোকসকলৰ বাবে চিকিৎসা এক প্ৰত্যাহ্বান হৈ নপৰিলেও সাম্প্ৰতিক সময়ত ৰাজ্যত নিম্ন আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে চিকিৎসা এক ডাঙৰ বোজা হৈ পৰিছে।

চৰকাৰীখণ্ডৰ চিকিৎসালয়ত প্ৰতিদিনেই ৰোগীৰে ভৰি থাকে। মানুহৰ মনত এনে ধাৰণাও গঢ় লৈ উঠিছে যে, চৰকাৰী চিকিৎসালয়ত ভাল চিকিৎসা পোৱা নাযায়। ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে সুযোগ গ্ৰহণ কৰি চিকিৎসাৰ নামত লুণ্ঠনৰাজ চলাইছে। সেই অভিযোগত কম-বেছি পৰিমাণে প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় অভিযুক্ত।

কোনো এক দুৰ্ঘটনাত আহত এজন ব্যক্তিক কোনখন হাস্পতাললৈ নিব তাক লৈও এম্বুলেন্স তথা আৰক্ষীৰ ছত্ৰছায়াত এক ছিণ্ডিকেট গঢ় লৈ উঠিছে। সেই সময়ত ৰোগীৰ জীৱনৰ মূল্য অধিক আৰু এনেবোৰ দিশ ভবাৰ অৱকাশ নাথাকে। কিন্তু তেনে এজন ৰোগীক প্ৰথমে কোনো এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱাৰ পাছত তাত ৫-৬দিন ৰখাই চিকিৎসকে পৰিয়ালৰ লোকক অনুৰোধ কৰে যে- উন্নত চিকিৎসাৰ বাবে তেওঁক বেলেগ এখন অত্যাধুনিক সা-সুবিধা থকা চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজন। এই দিনকেইটাত সেইখন চিকিৎসালয়ত দিবলগীয়া ধনৰ পৰিমাণ নিশ্চয় লাখৰ কম নহয়!

তাৰ পাছত আন এখন চিকিৎসালয়লৈ নিয়া মানে সেই চিকিৎসালয়তো ইয়াতকৈ বেছি ধন ব্যয় কৰিবলৈ পৰিয়ালটোক সবল আৰু প্ৰস্তুত হৈ যাব লাগিব। ধন থকা সকলৰ ক্ষেত্ৰত সেয়া কোনো সমস্যা নহয়। কিন্তু দৰিদ্ৰ যিসকল লোকে মাটি-ভেটি বেচি ধন আনি প্ৰথম চিকিৎসালয়খনত চিকিৎসাৰ বিল আদায় দি আন এখন চিকিৎসালয়লৈ ৰোগীক স্থানান্তৰ কৰিবৰ বাবে হাজাৰ বাৰ ভাবিব লগা হয়। সেই ক্ষেত্ৰত কোনো চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ বাদে গত্যান্তৰ নাথাকে।

চৰকাৰী চিকিৎসালয়ত নিৰ্দ্দিষ্ট সংখ্যক আই চি ইউ বা উন্নত চিকিৎসাৰ কক্ষত বিচনা নথকা হেতু বিচাৰিলেই এজন ৰোগীক আই চি ইউত ভৰ্তি কৰাব নোৱাৰে। এই সমস্যা প্ৰায় লোকে সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ সমাধান ক'ত? টকা দিলেই ধনীলোকে চিকিৎসা সেৱা লাভ কৰিব পাৰে। ইচ্ছা অনুসৰি যিকোনো এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিয়াৰ সুবিধা থাকে। কিন্তু, দুখীয়া লোকসকলৰ বাবে ইয়াৰ বিকল্প চিন্তা চৰকাৰে কৰা নাই আজিও।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কিয় দুখীয়া বা নিম্ন-মধ্যবিত্ত লোকসকলৰ বাবে আই ইউ চিকে ধৰি আন চিকিৎসাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ সা-সুবিধা প্ৰদান কৰা নহয়। যেনে- তেনে দুখীয়া ৰোগীৰ বাবে প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ বাবে কিয় ১০ শতাংশ আসন সংৰক্ষণ কৰি থব নোৱাৰি। চৰকাৰে নিশ্চয় এই দিশত পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

এই সংৰক্ষণ ব্যৱস্থাৰ অধীনত চিকিৎসা কৰোৱা দৰিদ্ৰ ৰোগীক চিকিৎসা ব্যয় ক্ষেত্ৰতো ৫০ শতাংশ বা তাতকৈ বেছি ৰেহাই দিয়া ব্যৱস্থা কৰিব লাগে। তেনে কৰিলে অন্তত বহু দৰিদ্ৰ ৰোগীৰ জীৱন ৰক্ষা পৰিব। অচিৰেই স্বাস্থ্য বিভাগে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে। উদাহৰণ স্বৰূপে, মহানগৰীত ভালে কেইখন গুণগত ব্যক্তিগতখণ্ডৰ চিকিৎসালয় আছে। সেই চিকিৎসালয়সমূহৰ আই চি ইউৰ ব্যয় এজন দৰিদ্ৰ বা সাধাৰণ লোকে বহন কৰিব নোৱাৰে। তাৰ বিপৰীতে সকলোৱে জি এম চি এইচত এখন আই চি ইউৰ বিচনাৰ বাবে হাহাকাৰ কৰিব লগা হয়।

৪০খন বিচনাযুক্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আই চি ইউৰ বাবে এক দীঘল অপেক্ষাৰ তালিকা থাকে। বহু ৰোগীয়ে আই চি ইউৰ বিচনাৰ বাবে অপেক্ষা কৰিয়েই মৃত্যুক সাৱতি লয়। অথচ সেইসকল ৰোগী আমি মহানগৰীত থকা আন চিকিৎসালয়ৰ আই চি ইউত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব পাৰো যদিহে চৰকাৰে এনে এক বিকল্পৰ চিন্তাৰে সামাজিক দায়ৱদ্ধতাৰ প্ৰতি ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহক অধিক দায়ৱদ্ধশীল কৰি তুলিব পাৰে। কেৱল ধন ঘটাৰ বাবেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় স্থাপনৰ নামত বহুতে বিভিন্ন ধৰণেৰে ৰোগীক শোষণ কৰে। মৃত্যু হোৱাৰ পাছতো চিকিৎসাৰ বিলৰ নামত আত্মীয়ৰ সৈতে ধনৰ দৰদাম চলায়। চিকিৎসাৰ ব্যয় আদায় দিব নোৱাৰিলে মৃতদেহ উলিয়াই নিদিয়া পৰিস্থিতি পৰি আত্মীয়ক হেৰুৱাৰ বেদনাক পাহৰি ধন ধাৰে বিচাৰি চিকিৎসালয়ৰ পৰা ওলায় যায়।

এনেবোৰ পৰিস্থিতিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহক চৰকাৰী আইন প্ৰয়োগেৰে দৰিদ্ৰ আৰু শ্ৰমজীৱি শ্ৰেণী তথা সাধাৰণ লোকক চিকিৎসা সেৱা গ্ৰহণৰ বাবে এক সকাহ চৰকাৰে দিব পাৰে। ইফালে, চৰকাৰী চিকিৎসালয়সমূহত থকা আই চি ইউৰ সংখ্যা সীমিত হোৱাৰ লগতে ব্যক্তিগত খণ্ডত বহু সময় দৰিদ্ৰ ৰোগীক চিকিৎসালয় কৰ্তৃপক্ষই আই চি ইউৰ বিচনা কৌশলপূৰ্ণভাৱে নিদিয়াৰো অভিযোগ আছে। তেওঁলোকে জানে যে, কোনবোৰ পৰিয়ালে আই চি ইউৰ বাবদ তেওঁলোকে বিচৰা ধন দিব পাৰিব।

সেয়েহে কোনো ৰোগীক আই চি ইউত ভৰ্তি কৰোৱাৰ পূৰ্বে পৰিয়ালৰ আৰ্থিক সচ্ছলতাৰ উমান লৈ লয়। পঞ্জীয়নৰ নামত তেওঁলোকে ৰোগীৰ পৰিয়ালৰ বিষয়ে সবিশেষ জানি লোৱাৰ পাছতহে ৰোগীক আই চি ইউৰ বিচনাত আৱণ্টন দিয়ে। কোনো চিকিৎসালয়ে আই চি ইউত ভৰ্তি কৰোৱাৰ পূৰ্বেই ৰোগীৰ আত্মীয়ৰ পৰা শকত অংকৰ ধন আগতীয়া ধন ৰূপে সংগ্ৰহ কৰি লয়। তাৰ পাছত পৰ্যায়ক্ৰমে সেই ধন ৰোগীৰ পৰিয়ালৰ পৰা কিস্তি কিস্তিকৈ সংগ্ৰহ কৰি থাকে।

ইফালে, সামাজিক দায়ৱদ্ধতাৰ বাবে যি ধন এই ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ে বিভিন্ন শিতানত ব্যয় কৰিব লাগে সেয়াও অতি কৌশলপূৰ্ণভাৱে বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁলোকে নাম মাত্ৰ ধন ব্যয় কৰি সংবাদমাধ্যমৰ সহযোগত ৰূপায়ন কৰাৰ অভিযোগো উত্থাপিত হয়। কোনো সাংবাদিক সংস্থাৰ বেনাৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা বা দুই এক দৰিদ্ৰ পৰিয়ালক চিকিৎসা প্ৰদান কৰি সংবাদ মাধ্যমৰ জৰিয়তে বাতৰি পৰিবেশন কৰোৱাই এনে দায়িত্বৰ সামৰণি মাৰে। প্ৰকৃতাৰ্থত সামাজিক দায়ৱদ্ধতাৰ উদ্দেশ্য সেই ধৰণৰ কাৰ্যসূচীৰ মাজতেই সীমাৱদ্ধ কৰি থয়। তাৰ ফলশ্ৰুতিত এফালে তেওঁলোকৰ নাম প্ৰচাৰ হয় আৰু আনফালে তেওঁলোকৰ উদ্দেশ্যও সফল হয়।

আনহাতে, চৰকাৰে দৰিদ্ৰ ৰোগীসকলৰ নামত বিভিন্ন আঁচনি গ্ৰহণ কৰে যদিও সেই আঁচনিসমূহে কিমান ৰোগীক উপকৃত কৰে তাৰো সন্দেহ ৰৈ যায়। শেহতীয়াকৈ অটল অমৃত অভিযানৰ জৰিয়তে চৰকাৰে যিকোনো চিকিৎসালয়ত ৰোগীক বহু কেইটা ৰোগৰ চিকিৎসা প্ৰদানৰ বাবে সুবিধা দিয়া বুলি প্ৰচাৰ চলাইছে। প্ৰকৃতাৰ্থত এনে অটল অমৃত কাৰ্ডপ্ৰাপ্ত ৰোগীক চিকিৎসাৰ নামত দিবলগীয়া ধন চৰকাৰে সংশ্লিষ্ট চিকিৎসালয়ত আদায় নিদিয়াৰ বাবে বহু সময়ত ৰোগীক বিচনাৰ অভাৱ বা আন সমস্যাৰ কথা কৈ ঘূৰাই পঠিওৱাৰ দৰে ঘটনাও ঘটিছে।

চিকিৎসা ক্ষেত্ৰখনত এতিয়া যথেষ্ট জটিলতাৰ সৃষ্টি হৈছে। চিকিৎসকে নিজেই দালালৰ দৰে একাংশ লেব'ৰেটৰীৰ সৈতে মিলি বিভিন্ন পৰীক্ষা কৰিবলৈ নিৰ্দিষ্ট লেব'ৰেটৰীটোলৈ পঠিয়াই দিয়ে। দৰকাৰী বা অদৰকাৰী বহু স্বাস্থ্য পৰীক্ষা কৰাৰ বিনিময়ত এফালে ৰোগীয়ে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিবলগীয়া হয়। সেই ধনতেই থাকে ৰোগীজনক সেই নিৰ্দিষ্ট লেব'ৰেটৰীটোলৈ পঠিয়াই দিয়া চিকিৎসকজনৰ অংশ। এইবোৰ এতিয়া সকলোৱে জনা কথা হৈ পৰিছে। কিন্তু তেনে কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা চকুত নপৰে।

জীৱন ৰক্ষাৰ বাবে কোনো এজন ৰোগীক যেতিয়া উপযুক্ত চিকিৎসাৰ প্ৰয়োজন হয় বা এখন আই চি ইউৰ বিচনাৰ বাবে হাহাকাৰ কৰিব লাগে তেতিয়া এইবোৰ কথা গৌণ হৈ পৰে। সেই সময়ত কেনেদৰে ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰি সেইটোহে মুখ্য উদ্দেশ্য হয় পৰিয়ালৰ বাবে। এতিয়া চিকিৎসাৰ নামত বিভিন্ন ধৰণৰ বেহা চলে।

দৰিদ্ৰ বা সাধাৰণ শ্ৰেণীৰ ৰোগীসকলৰ বাবে তেনে সময়ত কোনো বিকল্প নথকাৰ বাবে ৰোগীক সন্মুখত লৈ মৃত্যুৰ ক্ষণ গণাৰ বাদে আন একো উপায় নাথাকে। বিশেষকৈ অতি সংকটজনক অৱস্থাত আই চি ইউৰ এখন বিচনাৰ বাবে কিমান হাহাকাৰ কৰিবলগীয়া হয় সেয়া ভুক্তভোগীৰ বাদে আনে বুজিব নোৱাৰে। ব্যয়বহুল হৈ পৰা আজিৰ চিকিৎসা ব্যৱস্থা চৰকাৰে যদি সঁচাকৈয়ে সাধাৰণ শ্ৰেণীৰ ৰোগী কথা অলপো ভাবিব খোজে তেন্তে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাবে এখন বিশেষ আইন প্ৰয়োগ কৰি তেওঁলোকক সঁচা অৰ্থৎ সমাজৰ প্ৰতি দায়ৱদ্ধ কৰি তুলিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in